দৈনন্দিন বাৰ্তাৰ সেৱা, ২৯ মাৰ্চঃ ভূমিপুত্ৰ চুতীয়া জনগোষ্ঠীৰৰ সামগ্ৰিক বিকাশৰ(Chutia Welfare Council) দাবীৰে তথা জনগোষ্ঠীৰ আৰ্থ-সামাজিক উত্তৰণ, সাংস্কৃতিক বিকাশ, ঐতিহ্য সংৰক্ষণ, শিক্ষা, যুৱ শক্তিৰ বিকাশ, গৱেষণা আদি বিভিন্ন দিশত সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই উত্থাপন কৰি অহা দাবীসমূহৰ সন্দৰ্ভত বৃহস্পতিবাৰে সন্ধিয়া জনতা ভৱনৰ লোকসেৱা ভৱনত সংগঠনটোৰ প্ৰতিনিধি দলৰ সৈতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক আলোচনাত মিলিত হয়।(Chutia kingdom)

আলোচনাৰ সময়ত মন্ত্ৰীত্ৰয় ক্ৰমে অতুল বৰা, ডাঃ ৰণোজ পেগু, বিমল বড়াৰ উপৰি সদৌ চুতীয়া জাতি সন্মিলনৰ প্ৰতিনিধিৰ লগতে জনগোষ্ঠীটোৰ কেইবাটাও সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।
এই আলোচনা কালত মুখ্যমন্ত্ৰীয়ে চুতীয়া ছাত্ৰ সন্থাৰ কেইবাটাও দীৰ্ঘদিনীয়া দাবী শীঘ্ৰে কাৰ্যকৰী কৰাৰ আশ্বাস প্ৰদান কৰে বুলি সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি মহেন বৰা আৰু সাধাৰণ সম্পাদক ৰাজু চুতীয়াই সদৰী কৰিছে।(Tamreswari Temple) সন্থাৰ সভাপতি বৰাই আলোচনা ফলপ্ৰসূ বুলি উল্লেখ কৰি কয় যে চুতীয়া ছাত্ৰ সন্থাৰ দীৰ্ঘদিনীয়া দাবী জনজাতিকৰণৰ সন্দৰ্ভত বৃহস্পতিবাৰে বৈঠকত মুখ্যমন্ত্ৰীয়ে আগন্তুক ব’হাগ বিহুৰ আগতে কেন্দ্ৰলৈ প্ৰতিবেদন প্ৰদান কৰিব বুলি উল্লেখ কৰিছে।(king of Bhishmaka of Vidarbha)
সন্থা দৃঢ় বিশ্বাসী যে এই সমস্যাটো শীঘ্ৰে সমাধান হ’ব। লগতে স্বায়ত্তশাসন প্ৰদানৰ বিষয়টোৰ ক্ষেত্ৰত কিছু সময় প্ৰয়োজন হ’ব আৰু সেই বাবেই সম্প্ৰতি জনগোষ্ঠীটোৰ উন্নয়নৰ বাবে গঠিত চুতীয়া উন্নয়ন পৰিষদখনক উন্নত কৰি চুতীয়া কল্যাণ পৰিষদৰ গঠনৰ আস্বাস প্ৰদান কৰিছে মুখ্যমন্ত্ৰীয়ে। একেদৰে বৈঠকত চুতীয়া ৰাজশাসনৰ(Chutia Dynasty) পৌৰাণিক কীৰ্তিচিহ্ন সংৰক্ষণৰ বিষয়টোত মুখ্যমন্ত্ৰীয়ে বিশেষভাৱে মন্ত্ৰী অতুল বৰা আৰু বিমল বড়াক দায়িত্ব অৰ্পণ কৰে।
মন্ত্ৰীদ্বয়ে বিভাগীয় বিষয়ক লগত লৈ শদিয়াৰ পৌৰাণিক স্থানসমূহ পৰিদৰ্শন কৰিব আৰু ইয়াৰ পাছতে প্ৰতিবেদন দাখিল কৰিব। ইয়াৰ উপৰি অসম লোকসেৱা আয়োগত জনগোষ্ঠীৰ বাবে দুখন আসন সংৰক্ষণৰ কথা মুখ্যমন্ত্ৰীয়ে বৈঠকত ঘোষণা কৰে বুলি সন্থাৰ সভাপতি বৰাই উল্লেখ কৰি লগতে কয় যে কাজিৰঙাৰ পৰা শদিয়া সংযোগী ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত এশ ফুট উচ্চতাৰ বীৰাংগনা সাধানীৰ প্ৰতিমূৰ্তি স্থাপন কৰা হ’ব।

এই প্ৰতিমূৰ্তিৰ লগত আদিম ভূমিপুত্ৰ জনগোষ্ঠীটোৰ ইতিহাস তথা কৃষ্টি-সংস্কৃতি প্ৰতিফলিত হোৱাকৈ এখন সমন্বয় ক্ষেত্ৰ গঢ়ি তোলাৰ কথা মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে। লগতে পাঁচখন জিলাত পাঁচ কোটিকৈ ব্যয় সাপেক্ষে পাঁচটা বীৰাংগনা সাধনী ভৱন নিৰ্মাণ, চুতীয়া ইতিহাস তথা কৃষ্টি-সংস্কৃতিৰ গৱেষণাৰ বাবে গুৱাহাটী নাইবা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ তত্ত্বাৱধানত বিশেষ ব্যৱস্থা গ্ৰহণ, জনগোষ্ঠীটোৰ পাঁচ হেজাৰ যুৱক-যুৱতীক দুই লাখ টকাকৈ এককালীন সাহায্য প্ৰদানৰ কথা বৈঠকত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে বুলি চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি বৰাই উল্লেখ কৰে।
লগতে তেওঁ কয় যে বৈঠকত গোলাঘাটস্থিত বীৰাংগনা সতী সাধনী বিশ্ববিদ্যালয়ৰ সমীপত হোষ্টেল, সংগ্ৰহালয়, অতিথিশালা নিৰ্মাণৰ বাবে ১০ বিঘা মাটি আৱণ্টন দিয়া হ’ব বুলিও মুখ্যমন্ত্ৰী ড০ শৰ্মাই উল্লেখ কৰে। উল্লেখ্য, এই সমগ্ৰ প্ৰস্তাৱ তথা ঘোষণাসমূহ শীঘ্ৰে কাৰ্যকৰী কৰিবলৈ মন্ত্ৰীত্ৰয় অতুল বৰা, ডাঃ ৰণোজ পেগু আৰু বিমল বড়াৰ নেতৃত্বত এখন পাঁচজনীয়া সমিতি মুখ্যমন্ত্ৰীয়ে গঠন কৰি দিয়ে।
একেদৰে বৈঠকখনৰ সন্দৰ্ভত উপস্থিত মন্ত্ৰী অতুল বৰাই কয় যে ৰাজ্যখনৰ সকলো খিলঞ্জীয়া জাতি-জনগোষ্ঠী, সম্প্ৰদায়ৰ সামগ্ৰিক উন্নয়ন আৰু কল্যাণৰ বাবে মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ দূৰদৰ্শী নেতৃত্বত চৰকাৰে নিৰন্তৰ প্ৰয়াস অব্যাহত ৰাখিছে।

উল্লেখ্য, বৃহস্পতিবাৰে চুতীয়া জনগোষ্ঠীৰ সৰ্বাংগীণ কল্যাণৰ সৈতে জড়িত বিভিন্ন বিষয়ত চুতীয়া ছাত্ৰ সন্থাকে ধৰি জনগোষ্ঠীটোৰ কেওটা সংগঠনৰ লগত মুখ্যমন্ত্ৰীয়ে এক আলোচনাত মিলিত হয়। আলোচনাৰ কালত মুখ্যমন্ত্ৰীয়ে চুতীয়া জনগোষ্ঠীৰ বিভিন্ন সমস্যা সমাধানৰ দিশত ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰাৰ কথা ব্যক্ত কৰিছে বুলি তেওঁ উল্লেখ কৰে।