cinnamon water benefits: প্ৰতিদিনে পুৱা খাব এই মছলাযুক্ত পানী, ডায়েবেটিছ আৰু মেদবহুলতাকে ধৰি ৫ টা ৰোগৰ পৰা হ’ব মুক্ত

Cinnamon Water Benefits: ভাৰতীয় পাকঘৰত ব্যৱহাৰ কৰা মছলা ডালচেনি স্বাস্থ্যৰ বাবে অতি উপকাৰী। খালী পেটত ডালচেনি পানী খালে মধুমেহ ৰোগৰ দৰে সমস্যাবোৰ সহজে নিয়ন্ত্ৰণ কৰিব পৰা যায়। ভাৰতত ব্যৱহৃত মছলাৰ ভিতৰত ডালচেনি অন্যতম। আনহাতে আয়ুৰ্বেদত ডালচেনি লালা বৃদ্ধি আৰু পাচনতন্ত্ৰৰ কাম-কাজ উন্নত কৰে বুলি জনা যায়। ডালচেনিৰ এন্টিবেক্টেৰিয়েল ক্ৰিয়াৰ বাবে ই এন্টিচেপ্টিক হিচাপেও কাম কৰে।

(Cinnamon Water)ডালচেনিয়ে খাদ্যৰ সোৱাদ বৃদ্ধিয়ে নকৰে, ইয়াৰ স্বাস্থ্য উপকাৰীতাও বহুত বেছি। বিশ্বাস কৰা হয় যে ডালচেনিৰ পানী খাই আপোনাৰ স্বাস্থ্য উন্নত কৰাৰ এক সহজ আৰু ফলপ্ৰসূ উপায়। ডালচেনি উপকাৰিতাৰ ভিতৰত এই ৫ টা ৰোগৰ পৰাও সকাহ-

নিয়মিত ডালচেনিৰ পানী খালে ওজন কমোৱাত সহায় হ’ব পাৰে। ইয়াত থকা প্ৰাকৃতিক উপাদানে বিপাকীয় ক্ৰিয়াত সহায় কৰে, যাৰ বাবে শৰীৰে কেলৰি দ্ৰুতভাৱে জ্বলাবলৈ সক্ষম হয়। ইয়াৰ উপৰিও ই ভোক নিয়ন্ত্ৰণৰ কাম কৰে যাতে অতিমাত্ৰা খাদ্য খোৱাৰ কোনো সমস্যা নহয়।(drink cinnamon water in morning)

ডায়েবেটিছত উপকাৰী(cinnamon water benefits for diabetes)

ব্লাড চুগাৰ নিয়ন্ত্ৰণত ডালচেনি সহায়ক। নিয়মিতভাৱে ডালচেনি খালে শৰীৰৰ ইনচুলিনৰ প্ৰতি সংবেদনশীলতা বৃদ্ধি পায়, যিটো ডায়েবেটিছৰ বাবে অতি উপকাৰী।

হজম শক্তি উন্নত কৰা

ডালচেনিৰ পানী খালে পাচনতন্ত্ৰ শক্তিশালী হয়। পেটৰ সমস্যা যেনে গেছ, পেট ফুলা আৰু বদহজম কমায়। ডালচেনিত প্ৰদাহ নিবাৰণকাৰী গুণ আছে, যিয়ে পেটৰ সমস্যা দূৰ কৰাত সহায় কৰে।

ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে

ডালচেনিৰ পানীত এন্টিঅক্সিডেন্ট আৰু এন্টি বেক্টেৰিয়েল গুণ থাকে, যাৰ ফলত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়। ই সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে আৰু শৰীৰক ৰোগৰ পৰা ৰক্ষা কৰাত সহায় কৰে।

হৃদযন্ত্ৰৰ বাবে স্বাস্থ্যকৰ

হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে ডালচেনি স্বাস্থ্যকৰ। ৰক্তচাপ নিয়ন্ত্ৰণত ই সহায়ক। ডালচেনিৰ পানীয়ে কলেষ্টেৰলৰ মাত্ৰাও সুষম কৰি ৰাখে। ইয়াৰ ফলত হৃদৰোগৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস পায়।

এইদৰে ডালচেনিৰ পানী কেনেকৈ প্ৰস্তুত কৰিব জানেনে-

১-২ কাপ উতলি থকা পানীত ১-২ টা ডালচেনি ডাল দিব। তাৰ পিছত ১০-১৫ মিনিট উতলিবলৈ দিব। এতিয়া ইয়াক ফিল্টাৰ কৰি সেৱন কৰক।

এইদৰে ডালচেনিৰ পানী খালে স্বাস্থ্যৰ বহু সমস্যাৰ পৰা মুক্ত হ’ব পাৰিব।(cinnamon spice)

Related Articles