চণ্ডীগড়ৰ বিমান বন্দৰত কংগনা ৰাণাৱটৰ গালত পূৰ্ণহতীয়া চৰ শোধালে চিআইএছএফৰ মহিলা জোৱানে!

চণ্ডীগড়ৰ বিমান বন্দৰত কংগনা ৰাণাৱটৰ গালত পূৰ্ণহতীয়া চৰ শোধালে চিআইএছএফৰ মহিলা জোৱানে! শেহতীয়া লোকসভা নিৰ্বাচনত মাণ্ডি লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাবে নিৰ্বাচিত হোৱা কংগনা ৰাণাৱট আৰম্ভনিৰে পৰাই চৰ্চালৈ আহিছে।
বিজেপিৰ নৱনিৰ্বাচিত সাংসদগৰাকীক বৃহস্পতিবাৰে দিল্লীলৈ যাওঁতে চণ্ডীগড় বিমানবন্দৰত চিআইএছএফৰ এগৰাকী মহিলা কনিষ্টবলে চৰ মৰা বুলি অভিযোগৰ পিছতে দেশজুৰি আলোড়নৰ সৃষ্টি হৈছে। কনিষ্টবলগৰাকীক ইতিমধ্যে নিলম্বন কৰাৰ লগতে তেওঁৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হৈছে বুলি জানিব পৰা গৈছে। কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনীৰ কনিষ্টবলগৰাকীয়ে কংগনাক বিমানত উঠাৰ পূৰ্বে বিমানবন্দৰত যাৱতীয় কামখিনি কৰি থকা অৱস্থাত আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে।

অভিনেত্ৰীগৰাকীৰ এজন সহায়কে দাবী কৰে যে কংগনাক চৰ মাৰিছিল। সহায়কগৰাকীয়ে কয় যে যিদৰে দেখা গৈছে, কৃষকৰ আন্দোলনৰ সময়ত তেওঁ কৰা খালিস্তানী মন্তব্যৰ বাবে তেওঁক চৰ মাৰিছিল যদিও সমগ্ৰ ঘটনাটো আমি এতিয়াও গম পোৱা নাই।তেওঁৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত প্ৰকাশ কৰা এটা ভিডিঅ’ বিবৃতিত অভিনেত্ৰীৰ পৰা ৰাজনীতিক হোৱা কংগনাই এই কাণ্ডৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ কয়, “নমস্কাৰ বন্ধুসকল। সংবাদ মাধ্যম আৰু মোৰ শুভাকাংক্ষীৰ পৰা অসংখ্য ফোন আহি আছে ৷ প্ৰথম কথা মই নিৰাপদ। মই নিশ্চিতভাৱে ভালেই আছো।’’ ইপিনে কনিষ্টবলগৰাকীয়ে প্ৰকাশ কৰা মতে কংগনাই কৃষকৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰাৰ বাবেই এনে পৰিস্থিতিৰ সৃষ্টি হৈছে।

Related Articles