কামৰূপা মোৰ সুৱদি সুৰীয়া অসমীয়া ভাষা জগত সভালৈ যাব, উজ্জ্বল সুজ্জল কহিনুৰ পিন্ধি হাঁহি জ্যোতিৰূপা হ’ব। জ্যোতিপ্ৰসাদ আগৰৱালাৰ এই কথাযেন চিৰযুগমীয়া হওক। অসমীয়া ভাষাক ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিলে। অসমীয়া হিচাপে আমি ভাৰতৰ কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ। অসমৰ অসমীয়া আৰু অসমীয়া ভাষাৰ(Classical Language of India) প্ৰতি আনুগত্য থকা প্ৰতিজন লোকেই এই স্বীকৃতিৰ বাবে আনন্দিত আৰু গৌৰৱান্বিত।
অসমীয়াই স্বকীয় মৰ্যাদা লাভ কৰিলে আৰু অসমীয়া বঙালী ভাষাৰ মাজত বহুদিনৰ এটা ভুল বুজাবুজিৰ অন্ত পৰিল বুলি আমি ভাবিব পাৰো। অসমৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ মানুহৰ মাজত ইয়াৰ কেনেধৰণৰ প্ৰতিক্ৰিয়াৰ প্ৰতিফলন হয় তাক আমি অনতিপলমেই জানিব পাৰিম নিশ্চয়।কাৰণ এনে কিছুমান অসমৰ জনগোষ্ঠীৰ লোক অসমতে বসবাস কৰি আছে যি সকলে অসমীয়া ভাষাক নিজৰ ভাষা বুলি নকয়।
আনকি কিছুমান জনগোষ্ঠীয়ে অসমীয়া লিপিও গ্ৰহণ কৰা নাই। তাৰোপৰি অসমীয়া ভাষাৰ সাহিত্য সংস্কৃতিৰ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাৰ লগতো আত্মিক সম্পৰ্ক নাই। বৰঞ্চ অসমতে তেওঁলোকৰ নিজা নিজা সাহিত্য সভাৰ জন্ম দি অসম সাহিত্য সভাক প্ৰকাৰন্তৰে দুৰ্বল কৰিবলৈ কিছুমানে প্ৰচেষ্টা অব্যাহত ৰাখিছে।
অসমৰ পুৰোধা ব্যক্তিসকলৰ বাটেদি বাট বুলিবলৈ তেওঁলোকৰ ইচ্ছা নাই। মহাপুৰুষ শংকৰদেৱৰ মাধৱদেৱৰ সমন্বয়ৰ ইতিহাস নস্যাৎ কৰি এখন সৰ্বাংগ সুন্দৰ সংস্কৃতিৰ অসম গঢ়িবলৈ আমি মনে প্ৰাণে বিচৰা নাই আজিৰ অসমত বসবাস কৰা বহু জাতি জনগোষ্ঠীৰ মানুহে।
প্ৰাচীন অসমৰ অসমীয়া ভাষাৰ প্ৰতি সদা সচেতন সাহিত্য সংস্কৃতিৰ সাধক সকলে অসমীয়া ভাষাত সাহিত্য সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰিবলৈ সৃষ্টিৰ নতুন দিগন্তৰ অৱতাৰণা কৰিছিল, সেই সকলৰ কথাও বৰ্তমান অসমৰ বহুতৰেই মনত নাই বা তেওঁলোকক মনত নেপেলায়।
বিষ্ণুপ্ৰসাদ ৰাভাৰ আৰু জ্যোতিপ্ৰসাদ আগৰৱালাৰ অসমীয়া ভাষাৰ প্ৰতি যি আনুগত্য অপৰিসীম আছিল, সেই কথাও বহুতৰেই বৰ্তমান যেন ঈৰ্ষাৰ বিষয়-বস্তু হৈ পৰিছে। জ্যোতিপ্ৰসাদ আগৰৱালাই কৈছিল- কামৰূপা মোৰ শুৱদি সুৰীয়া অসমীয়া ভাষা জগত সভালৈ যাব, উজ্জ্বল সুজ্জল কহিনুৰ পিন্ধি হাঁহি জ্যোতিৰূপা হ’ব।
বিষ্ণুপ্ৰসাদ, জ্যোতিপ্ৰসাদ, পাৰ্বতী প্ৰসাদ প্ৰমুখ্যে অসমীয়া ভাষা সাহিত্যৰ কাণ্ডাৰী সকলে অসমত অসমীয়া ভাষাৰ কাৰণে ত্যাগ স্বীকাৰ কৰিছিল, সেই কথা আজিৰ এই ধ্ৰুপদী স্বীকৃতিৰ সময়ত পাহৰিলে নহব। ইয়াৰ অৰ্থ কিন্তু এইটোও নহয় যে প্ৰতি খিলঞ্জীয়াৰ কৃষ্টি সংস্কৃতিক আকোঁৱালি লব নালাগিব।
ড৹ ভূপেন হাজৰিকাই কবৰ দৰে-মোৰ আইক ভাল পাওঁ বুলি ক’লে আনৰ আইক বেয়া পোৱা নুবুজায়। কাজেই অসমৰ প্ৰতি জাতি-জনগোষ্ঠীৰ সংমিশ্ৰণত যিহেতু অসমীয়া মহাজাতিৰ সৃষ্টি হৈছে, সেই মহাজাতিৰ ভাষা অসমীয়া ভাষাক সকলোৱেই শ্ৰদ্ধা সন্মান আৰু প্ৰাপ্য মৰ্যাদা দিয়াতো প্ৰতি অসমীয়াৰেই দায়িত্ব আৰু কৰ্তব্য হোৱা উচিত।
অ:ভা:উ:সা: সভাখনৰ পৰা ১৯১৭ চনত শিৱসাগৰৰ ৰংপুৰ ক্ষেত্ৰত পদ্মনাথ গোহাঞিবৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত অসম সাহিত্য সভাৰ উকমুকনিলৈ আমি কি আছিলো, কেনেকৈ ১৮৩৬ চনৰ পৰা ১৮৭২ লৈ অসমত বঙলা ভাষা চলিছিল, কেনেকৈ অসমীয়া ভাষা উদ্ধাৰ হৈছিল। অসমত অসমীয়া ভাষাৰ কাৰণে শ্বহীদ হৈছিল শিশিৰ নাগ, ৰঞ্জিত বৰপূজাৰী, মফিজুদ্দিন আহমদ মইনুল হক, মোজ্জামিল হ’ক, অনিল বৰা প্ৰমুখ্যে বহু অমৃতৰ সন্তান।
অসম আন্দোলনৰ সময়ত ৮৫৫ জন শ্বহীদ হৈছিল বুলি কোৱা হয় যদিও অনেক বেছি শ্বহীদ হৈছিল আৰু বহু জীৱনৰ কাৰণে ঘুনীয়া হৈছিল, অনেক মানুহে নিৰ্যাতন ভোগ কৰিছিল। অসমীয়াৰ এইয়া অস্তিত্ব ৰক্ষাৰ সংগ্ৰামৰ ইতিহাস বৰ দীঘলীয়া, চুটি নহয়।তাৰ পিছতো বহুতেই তিৎকাৰী মাৰে যদি অসমীয়াক, সি যিমানেই শক্তিশালী হওক সহ্য নকৰে অসমীয়াই। আকৌ কৈছো অসমীয়া ভাষাক ধ্ৰুপদী মৰ্যাদা দিলে ইতিহাস সাক্ষী হৈ ৰ’ল।
অসমীয়া ভাষাৰ স্বকীয় মৰ্যাদা ৰক্ষাৰ বাবে, ইয়াৰ উন্নতি আৰু বিকাশৰ বাবে ১৮৮৮ খৃষ্টাব্দৰ ২৫ আগষ্টত অনুষ্ঠিত অ: ভা: উ: সা: ৰ জন্ম হৈছিল কলিকতাত। ১৮৮৯ খৃষ্টাব্দত জন্ম হৈছিল “জোনাকী ” অসমীয়া আলোচনীৰ অসমীয়া ভাষা উন্নতি সাধিনীৰ প্ৰচেষ্টাত।
কিন্তু ১৮৪৬ খৃষ্টাব্দৰ পৰা ১৮৮৮ লৈ আছিল অৰুণোদইৰ যুগ। ১৯৪৬ খৃষ্টাব্দত অ’ টি, কাট্টাৰৰ সম্পাদনাত শিৱসাগৰৰ পৰা প্ৰকাশ হৈছিল অৰুণোদই কাকত।কিন্তু অসমীয়াৰ প্ৰথম খন ছপা কিতাপ আছিল বাইবেলৰ অনূদিত গ্ৰন্থ ধৰ্ম্মপুস্তক( ১৮১৩) আত্মাৰাম শৰ্মাৰ সম্পাদনাত প্ৰকাশ হৈছিল।
এই বিলাক কথাৰ আঁৰত খৃষ্টান বেপটিষ্ট মিছনেৰীসকলৰ অৱদান অনস্বীকাৰ্য ।সেই ইতিহাস বিলাকো পাহৰিলে নচলিব। ইংৰাজ সকলেই অসমীয়া ভাষাৰ ব্যাকৰণো ৰচনা কৰিছিল(Six Indian Languages)। সেইটোও আমি কব লাগিব। আমেৰিকান বেপ্তিষ্ট মিছনেৰী মাইলছ ব্ৰনছনৰ অসমীয়া অভিধান প্ৰস্তুত কৰাৰ কথা সৰ্বজনবিদিত। এই বিলাক কথা সকলোৱেই স্বীকাৰ কৰিব। কিন্তু সেইখিনি আছিল পৰাধীন ভাৰতৰ ইতিহাসৰ টুকুৰা খবৰ।
স্বাধীনতাৰ পিছত অসমৰ ভাষা সাহিত্যৰ বিকাশৰ কথা অলপ পৃথক। ১৯৬০ চনত অসমৰ ৰাজ্য ভাষা আইন তৈয়াৰ হ’ল।কিন্তু দুৰ্ভাগ্যজনকভাবে আজিও ৰাজ্যৰ সকলো ক্ষেত্ৰতে সৰ্বান্তৰে ৰাজ্য ভাষা অসমীয়াৰ প্ৰয়োগ দেখা নাই। পূৰ্বতে কৈছো ভাষা আন্দোলনৰ কথা, শ্বহীদৰ কথা। স্কুল- কলেজ,অফিচ-আদালতত অথবা ৰাজহুৱা জীৱনৰ বিভিন্ন স্তৰৰ বিভিন্ন ক্ষেত্ৰত অসমীয়া(Assames) ভাষাৰ ব্যৱহাৰ বৰ দুৰ্ভাগ্যজনক ভাবে অৱহেলিত।
১৯৭২চনত মাধ্যম আন্দোলন হৈছিল আৰু অসমৰ জনগণে ভাবিছিল অসমৰ সকলোতেই অসমীয়া ভাষা মাধ্যম ৰূপে ব্যৱহৃত হব।কিন্তু নহ’ল(Sanskrit)।অসমৰ মুখ্যমন্ত্ৰীৰ গাদীত সৰ্বানন্দ সোণোৱাল থাকোতেই অসমৰ ৰাজ্য ভাষা আইন সংশোধন কৰি অসমীয়াৰ ৰাজ্য ভাষাৰ মৰ্যাদা অৱনমিত হ’ল।
পৰবৰ্তীকালত অসমীয়া ভাষাক প্ৰশাসনিক সেৱাৰ পৰীক্ষাত উপেক্ষা কৰা হল। যদি অসমীয়াৰ প্ৰতি ইমান দৰদ সকলোৰে তেনে অসমীয়া জাতীয় জীৱনৰ মেৰুদণ্ড স্বৰূপ মহাপুৰুষ শংকৰদেৱ-মাধৱদেৱৰ(Srimanta Sankardev) ব্ৰজাৱলী ভাষাক মান্যতা দিয়া নাই কিয়! গুৰু দুজনাৰ অংকীয়া নাট, ঝুমুৰা সমূহক জনজীৱনৰ অবিচ্ছেদ্য অংগ স্বৰূপে প্ৰতিষ্ঠিত কৰিবলৈ শৈক্ষিক উত্তৰণৰ উপাদান কৰাৰ বিপৰীতে মাতৃভাষাৰ ভাওনাত অধিক গুৰুত্ব আৰোপ কৰা হৈছে!
এটা কথা সকলোৱেই জানে যে মাতৃভাষাই হৈছে উত্তৰণৰ উত্তম পন্থা।সংস্কৃত ভাষা, পালি- প্ৰাকৃত ভাষাক আমি ব্যৱহাৰ কৰিবলৈ এৰিলোঁ। মহাপুৰুষ শংকৰদেৱৰ দিনতে গুৰুজনাই অসমৰ সকলো জাতি-জনগোষ্ঠীৰ বোধগম্য হোৱাকৈ সংস্কৃত ভাষাৰ পৰিবৰ্তে ব্ৰজাৱলী ভাষাৰ সৃষ্টি কৰিছিল বুলি কোৱা হয়, তবে মাগধী অপভ্ৰংশৰ কথা বা আৰ্য মংগোলীয় বা দ্ৰাবিড়, তীব্বত বাৰ্মী ভাষাৰ কথা এতিয়া আমি যেনেকৈ নাভাবো।
কাৰণ আমাৰ কাৰণে ই বুৰঞ্জী বা ইতিহাস। আমি ইহঁতক মৃত ভাষা বুলি কওঁ। কাৰণ আমি এই বিলাক ভাষা সাৰ্বজনীন ভাবে সৰ্বান্তৰে প্ৰয়োগ নকৰো। অসমীয়া ভাষাটো আমি তেনেকুৱাই হওক বুলি কামনা নকৰো। আমি কৈছো অসমীয়া ভাষা দীৰ্ঘজীৱী হওক।
যেনেকৈ মৃত্যুৰ সময়তো ফৰাচী ভাষাৰ শিক্ষক এম হেমেলে ছাত্ৰ-ছাত্ৰীসকলক কৈছিল ক’লা বৰ্ড খনত লিখি দিছিল- “Vive la france.” Alphonse Daudetএ তেওঁৰ The Last Lesson টোত এই কথা উল্লেখ কৰিছে। জাতীয় আবেগৰ ওপৰত বহু কথাই নিৰ্ভৰ কৰে।জাতীয় আবেগক আঘাত কৰি জাতিক ভাল পাওঁ, ভাষাক ভাল পাওঁ বুলি কোৱা মানুহৰ পৰা সাৱধান নহলে অসমীয়া ভাষাৰ অথবা অসমীয়া জাতিৰ অস্তিত্ব সুৰক্ষিত নহব। ই ইতিহাসৰ আহ্বান।
অসমৰ অসমীয়া জাতিৰ অসমীয়া ভাষাৰ কাৰণে প্ৰাণ হেৰুৱাইছিল বহুতেই, আমি কি কৰিছো তেওঁলোকৰ কাৰণে! মহাপুৰুষ শংকৰদেৱৰ কাৰণে মহাপুৰুষ মাধৱদেৱৰ কাৰণে, বিষ্ণুপ্ৰসাদ ৰাভাৰ কাৰণে, জ্যোতিপ্ৰসাদ আগৰৱালাৰ কাৰণে, পাৰ্বতী প্ৰসাদ বৰুৱাৰ কাৰণে, লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী, হেমচন্দ্ৰ বৰুৱা, আনন্দ ৰাম ঢেকিয়াল ফুকন, আনন্দ চন্দ্ৰ আগৰৱালা, আনন্দ চন্দ্ৰ বৰুৱা চন্দ্ৰ কুমাৰ আগৰৱালা ইত্যাদিৰ অসমৰ অসমীয়াৰ অসমীয়া ভাষাৰ কাৰণে আমি কি কৰিছো! অসমৰ সকলো জাতি-জনগোষ্ঠীৰ উত্তৰণৰ মান ৰক্ষা কৰি অসম সাহিত্য সভাই কি কৰিছে! অসম চৰকাৰৰ এই ক্ষেত্ৰত দায়িত্বশীল ভাবে জাতিৰ বাবে ভাষাৰ বাবে দায়বদ্ধতাৰে কাম কৰিছো বুলি বুকুত হাতথৈ কব পাৰিবনে!
স্বাধীনতাৰ পিছত আজিও অসমত অসমীয়া ৰাজ্য ভাষাক পূৰ্ণ মৰ্যাদা দিব নোৱাৰিলে! আজিও অসমত অসমীয়া ভাষাক মাধ্যম ৰূপে প্ৰতিষ্ঠিত কৰিব নোৱাৰিলে! অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মানুহে অসমীয়া ভাষাৰ লিপি এৰি অন্য লিপি গ্ৰহণ কৰিছে এই ক্ষেত্ৰত অসম চৰকাৰৰ বা অসম সাহিত্য সভাৰ দায় দায়িত্ব একোৱেই নাই নেকি! আজিলৈকে অসমীয়া জাতিৰ এটা সংজ্ঞা নিৰূপণ কৰিব নোৱাৰিলে! অসমৰ চৰকাৰ ,অসম সাহিত্য সভাই ঠেলা-ঠেলি কৰি আছে, কোনেও কান্ধপাতি নলয় দায়িত্ব! কেৱল ক্ষমতা ৰক্ষাৰ বাবে ৰাজনীতিত দেশপ্ৰেম, জাতি প্ৰেম বা ভাষা প্ৰেম নাথাকে।
অসম সাহিত্য সভাৰ জাতি প্ৰেম, দেশ প্ৰেম বা ভাষা প্ৰেম কিমান গম্ভীৰ সেই কথা অসম সাহিত্য সভাৰ শিৱসাগৰৰ ৰংপুৰ ক্ষেত্ৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনৰ সভাপতিৰ ভাষণত ড৹ ভূপেন হাজৰিকাৰ দুটামান কথা প্ৰণিধানযোগ্য। তেওঁ কৈছিল- আমি কৰবাত ভুল কৰিলোনেকি যাৰ বাবে আমাৰ পৰা নগালেণ্ড গ’ল,মণিপুৰ গ’ল,ত্ৰিপুৰা গ’ল, অৰুণাচল গ’ল, মিজোৰাম গ’ল আৰু মেঘালয় গুচি গ’ল! তেওঁ আৰু কৈছিল- অসম সাহিত্য সভাৰ জন্ম হৈছিল এই ৰংপুৰ ক্ষেত্ৰতেই ১৯১৭ চনত পদ্মনাথ গোহাঞিবৰুৱাৰ সভাপতিত্বত ।সেই সভাতেই গ্ৰহণ কৰা প্ৰস্তাৱবোৰ আজিও জীয়া জীয়া যেন লাগি আছে।
এই কথাবোৰ কিন্তু অসম সাহিত্য সভাই বিশ্লেষণ কৰা নাই যেন লাগে। অসমৰ চাৰিসীমা অসমীয়া জাতিৰ দুৰ্গ। আজিও নহল নিৰ্মাণ। এই এনেকুৱাই অৱহেলাৰ কাৰণে শৰাইঘাটৰ যুদ্ধৰ প্ৰস্তুতি পৰ্বত আহোম স্বৰ্গদেউৰ সেনাপতি লাচিত বৰফুকনে মোমাইক কাটিছিল বুলি কোৱা হয়। অসম আন্দোলনৰ ৮৫৫ জন শ্বহীদৰ তেজেৰে ৰাঙলী অসম চুক্তিখন প্ৰায় ৪০ বছৰ অসম চৰকাৰে অৱহেলা কৰিলে। ভাৰতৰ উচ্চতম ন্যায়ালয়ে ন্যায্যতা দিব লগা হ’ল।
ই অসমৰ বাবে কি বুলিনো ক’ম! বহুতেই ক’লো। কথা কবলৈ সহজ বুলি জানো তথাপিও কৈছো নহলে ইতিহাস পংগু হ’ব। ভাৰত চৰকাৰে অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিছে, ই বৰ আনন্দৰ কথা। এতিয়া অসম চৰকাৰৰ আৰু অসম সাহিত্য সভাৰ দায় দায়িত্ব বাঢ়িল। অসমীয়া ভাষাক জগত সভালৈ নিবলৈ সোণোৱালী বাট বান্ধিব লাগিব। বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যুত যেনেকৈ কান্দিবলৈ ভয় কৰিছিল কিছুমানে সেই বিলাকৰ দৰে কাপুৰুষ নহওক আজি নোলাওক অনাদি অনন্ত কালে।
লোখক: বিমান শইকীয়া (Biman Saikia)