ইছলাম ধৰ্মালম্বী লোকৰ ঈদ উপলক্ষে সজল ফাউণ্ডেচনৰ মুখ্য পৃষ্ঠোপোষক তথা বি টি চিৰ কাৰ্যবাহী সদস্য সজল(Clothes Distribution) সিংহে নতুন বস্ত্ৰ বিতৰণ কৰা আৰম্ভ কৰিছে ৷ বি টি চিৰ ২ নং গুমা সমষ্টিৰ অন্তৰ্গত ধৰ্মীয় সংখ্যালঘু এলেকাৰ সাঁওগুৰীত ৫০০, ভেলাগোপাত ৪০০, হাৰভাংগাত ৫০০, যমুনাটাৰীত ৩০০ পশ্চিম যমুনাটাৰীত ৪০০, পানবাৰী তৃতীয় খণ্ডত ২০০,পশ্চিম হাৰভাংগাত ৪০০ দৰিদ্ৰ পৰিয়ালৰ মাজত শাড়ী, লুঙি বিতৰণ কৰে৷
দিনটোত সৰ্বমুঠ ২,৭০০ দুখীয়া দৰিদ্ৰ পৰিয়ালৰ মাজত ফাউণ্ডেচনৰ মুখ্য পৃষ্ঠপোষক তথা বি টি চিৰ ই এম সজল সিংহে বস্ত্ৰ বিতৰণ কৰাৰ লগতে ইছলাম ধৰ্মলম্বী লোকৰ মঙ্গল কামনা কৰে ৷ বস্ত্ৰ বিতৰণী অনুষ্ঠানত বিজেপি দলৰ মুখপাত্ৰ তথা যুৱ নেতা ৰিকেশ আগৰৱালা, বিজেপিৰ যুৱনেতা মিজানুৰ ৰহমান, ফাউণ্ডেচনৰ সভাপতি, সম্পাদকৰ লগতে ভালেকেইজন কৰ্মকৰ্তাই উপস্থিত আছিল৷ বি টি চিৰ ই এম সজল সিংহৰ এনে মহানুভৱতাক গুমা সমষ্টিৰ প্ৰতিটো জনগোষ্ঠীৰ লোকে ভূয়সী প্ৰশংসা কৰিছে৷