Breaking

তিনি মাহতে পুৰণি জে’লৰ ভূমিত উদ্ভিদ উদ্যান স্থাপনৰ নির্দেশ মুখ্যমন্ত্রীৰ

0 1,571

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাহ শনিবাৰে গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্রী অশোক সিংহলৰ উপস্থিতিত বিভাগটোৰ অধীনত ৰূপায়িত কেইবাটাও গুৰুত্বপূর্ণ প্রকল্পৰ পর্যালোচনা কৰে৷ মুখ্যমন্ত্রীয়ে অসম নগৰ আন্তঃগাঁথনি বিনিয়োগ কার্যসূচী, গুৱাহাটী মহানগৰ উন্নয়ন প্রাধিকৰণ, গুৱাহাটী পৌৰ নিগম আৰু গুৱাহাটী স্মার্ট চিটী প্রকল্পৰ কাম–কাজৰ বুজ লয়৷এছিয়ান ডেভেলপমেণ্ট বেংকৰ সাহায্যপ্রাপ্ত অসম নগৰ আন্তঃগাঁথনি বিনিয়োগ কার্যসূচীৰ অধীনত হাতত লোৱা ডিব্রুগড চহৰৰ গোটা আৱর্জনা নিষ্কাশন ব্যৱস্থাপনা আৰু ডিব্রুগড় চহৰ সুৰক্ষা নলা–নর্দমা প্রকল্পৰ কাম সময়মতে সম্পূর্ণ কৰি তুলিবলৈ মুখ্যমন্ত্রীয়ে বিভাগটোক নির্দেশ দিয়ে৷ এই কার্যসূচীৰ অধীনতে গ্রহণ কৰা দক্ষিণ–পূব গুৱাহাটী পানী যোগান প্রকল্পৰ ৰূপায়নৰ স্থিতিৰো পর্যালোচনা কৰি এইক্ষেত্রত কাম–কাজ খৰতকীয়া কৰি তুলিবলৈ তেওঁ বিভাগীয় মন্ত্রীগৰাকীক আহ্বান জনায়৷মহানগৰীৰ ব্রহ্মপুত্রৰ নদীৰ পাৰ সংলগ্ন ভূমিখণ্ডত যিকোনো নির্মাণকার্য বন্ধ কৰি নদীৰ পাৰ যথাসম্ভৱ মুকলি কৰা আৰু গুৱাহাটী মহানগৰীত অধিকসংখ্যক মুকলি স্থান তথা উদ্যান গঢ়ি তোলাৰ ওপৰত মুখ্যমন্ত্রীয়ে গুৰুত্ব আৰোপ কৰে৷ ফাঁচীবজাৰস্থিত পুৰণি কাৰাগাৰৰ ৫৬ বিঘা ভূমিৰ অধিকাংশ এলেকাত তিনি মাহৰ ভিতৰত এখন উদ্ভিদ উদ্যান (ব’টানিকেল গার্ডেন) গঢ়ি তুলিবলৈ তেওঁ গুৱাহাটী মহানগৰ উন্নয়ন প্রাধিকৰণক নির্দেশ দিয়ে৷ মুখ্যমন্ত্রী ড০ শর্মাই গুৱাহাটী মহানগৰীৰ কৃত্রিম বানৰ সমস্যা, আৱর্জনা নিষ্কাশন ব্যৱস্থাপনা আৰু ষ্ট্রীট লাইটৰ সমস্যাৰ উপযুক্ত সমাধানৰ বাবে গুৱাহাটী পৌৰ নিগমে হাতত লোৱা কাম–কাজৰো বুজ লয়৷গুৱাহাটী স্মার্ট চিটী প্রকল্পৰ কাম–কাজৰ বুজ লৈ মুখ্যমন্ত্রীয়ে মহানগৰীৰ ষ্ট্রীট লাইট প্রকল্প শীঘ্রে সম্পূর্ণকৰণৰ লগতে স্মার্ট চিটীৰ প্রস্তাৱত সন্নিৱিষ্ট প্রাথমিক প্রকল্পসমূহ শীঘ্রে ৰূপায়ণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে

Leave A Reply

Your email address will not be published.