নোটত লক্ষ্মী-গণেশৰ ফটো লগোৱাৰ দাবীত মুখ্যমন্ত্ৰী কেজৰিৱালে প্ৰধানমন্ত্ৰী মোদীলৈ প্ৰেৰণ কৰে পত্ৰ

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ লিখি মহাত্মা গান্ধীৰ সৈতে দেৱী লক্ষ্মী আৰু ভগৱান গণেশৰ ফটো ভাৰতীয় নোটত লগাবলৈ দাবী জনাইছে কেজৰিৱালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন পত্ৰ লিখি ভাৰতীয় নোটত মহাত্মা গান্ধীৰ লগতে দেৱী লক্ষ্মী আৰু ভগৱান গণেশৰ ফটোও লগাবলৈ দাবী জনাইছে। মুখ্যমন্ত্ৰী কেজৰিৱালে টুইট কৰি এই সন্দৰ্ভত তথ্য প্ৰদান কৰি কয় যে প্ৰধানমন্ত্ৰী মোডীলৈ এখন পত্ৰ লিখি তেওঁ ভাৰতীয় মুদ্ৰাত মহাত্মা গান্ধী জীৰ লগতে লক্ষ্মী গণেশ জীৰ ছবি লগাবলৈ দাবী জনাইছে। ইয়াৰ পূৰ্বে অৰবিন্দ কেজৰিৱালে সংবাদমেল অনুষ্ঠিত কৰি নোটত লক্ষ্ণী গণেশৰ এখন ফটো লগাবলৈ দাবী জনাইছিল।

ভগৱানৰ আশীৰ্বাদেৰে দেশ আগবাঢ়িব: কেজৰিৱাল

মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে চিঠিখনত লিখিছে, ‘সন্মানিত প্ৰধানমন্ত্ৰী, দেশৰ ১৩০ কোটি জনসাধাৰণে কামনা কৰে যে ভাৰতীয় মুদ্ৰাত এফালে গান্ধী জী আৰু আনফালে শ্ৰী গণেশ জী আৰু লক্ষ্মী জীৰ ছবি থাকিব লাগে। আজি দেশৰ অৰ্থনীতি অতি বেয়া পৰ্যায়ৰ মাজেৰে পাৰ হৈ গৈছে। স্বাধীনতাৰ ৭৫ বছৰৰ পাছতো ভাৰতক উন্নয়নশীল আৰু দৰিদ্ৰ দেশসমূহৰ ভিতৰত গণ্য কৰা হয়। আজিও আমাৰ দেশত ইমানবোৰ দৰিদ্ৰ লোক আছে। কিয় ?’ তেওঁ আৰু কয়, ‘এফালে আমি সকলো দেশবাসীয়ে কঠোৰ পৰিশ্ৰম কৰাটো প্ৰয়োজন আৰু আনফালে আমাক ভগৱানৰ আশীৰ্বাদো লাগে যাতে আমাৰ প্ৰচেষ্টা ফলপ্ৰসূ হয়। সঠিক নীতি, কঠোৰ পৰিশ্ৰম আৰু ভগৱানৰ আশীৰ্বাদ, তেওঁলোকৰ সংগমৰ জৰিয়তেহে দেশ আগবাঢ়িব।’ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে তেওঁৰ পত্ৰত আৰু লিখিছে, ‘কালি সংবাদমেল অনুষ্ঠিত কৰি মই ৰাজহুৱাভাৱে এই দাবী কৰিছিলোঁ। তেতিয়াৰ পৰা এই বিষয়টোক লৈ সাধাৰণ জনতাৰ প্ৰচণ্ড সমৰ্থন আহিছে।

ইয়াক লৈ মানুহ খুবেই উৎসাহিত। তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাটো সকলোৱে বিচাৰে।প্ৰকৃততে বুধবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ এখন সংবাদমেলত লক্ষ্মী-গণেশৰ ছবিখন নোটত লগাবলৈ দাবী উত্থাপন হৈছিল। কেজৰিৱালে নোটত গান্ধীজীৰ লগতে ভগৱান গণেশ আৰু দেৱী লক্ষ্মীৰ ছবি লগাবলৈ দাবী জনায়। কেজৰিৱালে কয় যে যদি এফালে গান্ধীজীৰ ছবি আৰু আনফালে লক্ষ্মী গণেশৰ ছবি থাকিব তেন্তে সমগ্ৰ দেশক আশীৰ্বাদ কৰিব। তেওঁ কয় যে লক্ষ্মীজীক সমৃদ্ধিৰ দেৱী বুলি গণ্য কৰা হয় আৰু গণেশই সকলো কষ্ট দূৰ কৰে। গতিকে দুয়োৰে ছবিখন মন কৰিবলগীয়া।

Related Articles