Breaking

ডুমডুমাত ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত ধন লৈ থকা অৱস্থাত চি এম ভিজিলেঞ্চৰ হাতে-লুটে গ্ৰেপ্তাৰ লাট মণ্ডল যোখেশ্বৰ মৰাণক…

0 36

ডুমডুমাত ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ত ধন লৈ থকা অৱস্থাত চি এম ভিজিলেঞ্চে হাতে-লুটে গ্ৰেপ্তাৰ কৰে লাট মণ্ডল এজনক । লাট-মণ্ডল জনৰ নাম যোখেশ্বৰ মৰাণ বুলি জানিব পৰা গৈছে । বৰ্তমানো চি এম ভিজিলেঞ্চে যোখেশ্বৰ মৰাণক সুধা-পোছা অব্যাহত ৰখাৰ লগতে তেওঁৰ ঘৰটো জেৰা আৰু তালাচি চলাই থকাৰ খবৰ পোৱা হৈছে ।

উল্লেখযোগ্য যে আগন্তুক অক্টোবৰ মাহত তেওঁ অৱসৰ গ্ৰহণ কৰিব লগীয়া আছিল । ডুম-ডুমা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ বহু খেলি মেলিৰ আঁৰত তেওঁ থকা বুলিও জানিব পৰা গৈছে।

এজন প্ৰশিক্ষণ প্ৰাপ্ত এছ কে (চুপাৰভাইজৰ কাননগু)কাৰ্যালয়ত থকাৰ চৰ্তেও প্ৰশিক্ষণ প্ৰাপ্ত জনৰ বিপৰীতে ধৃত লাট মণ্ডল যোখেশ্বৰ মৰাণে এছ কেৰ দায়িত্বত থকাটো এক ৰহস্যৰ সম্ভেত সৃষ্টি কৰিছে । চি এম ভিজিলেঞ্চে সকলো তালাছি আৰু জেৰা সম্পূৰ্ণ কৰাৰ পাছত হে জানিব পৰা যাব ধৃত মণ্ডল জনৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।

লগতে পঢ়কঃ https://www.dainandinbartagroup.in/north-easts-so-called-rich-utibber-is-again-caught-in-the-web-of-fraud-fir-lodged-at-police-station/নৰ্থ ইষ্টৰ তথাকথিত ধনী ইউটিবাৰৰ পুনৰ প্ৰৱঞ্চনাৰ জাল ফাদিল ! থানাত এজাহাৰ দাখিল…

Leave A Reply

Your email address will not be published.