ছাত্ৰ-ছাত্ৰী, মহিলা আৰু কৃষকসকলৰ বাবে মুখ্যমন্ত্ৰীৰ ১০টা ডাঙৰ ঘোষণা । himanta biswa sarma

himanta biswa sarma । বিহালীত অনুষ্ঠিত এখন বিশাল জনসভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে। মহিলা উদ্যমিতা আঁচনিৰ অধীনত চেক বিতৰণৰ লগতে কৃষক, ছাত্ৰ-ছাত্ৰী আৰু সাধাৰণ জনতাৰ উপকাৰৰ বাবে বহুকেইটা নতুন আঁচনি ঘোষণা কৰে।

ঘোষণাসমূহ তলত উল্লেখ কৰা হ’ল-

  1. বৰ্তমান ২৮ লাখ মহিলাই অৰুণোদয় আঁচনিৰ ধন লাভ কৰি আছে। পৰৱৰ্তী সময়ত ৪০ লাখ মহিলাই এই সুবিধা লাভ কৰিব। ইয়াৰ অধীনত প্ৰতিমাহে মহিলাসকলে ১,২৫০ টকাকৈ সহায় ধন পাব।
  2. যিসকলে এতিয়ালৈ ৰেচন কাৰ্ড লাভ কৰা নাই, তেওঁলোকক নতুনকৈ ৰেচন কাৰ্ড দিয়া হ’ব। এই কাৰ্ডৰ অধীনত বিনামূলীয়া চাউল আৰু বিনামূলীয়া চিকিৎসা (৫ লাখ টকালৈ) লাভ কৰিব।
  3. যিসকলে ছাত্ৰীয়ে ফাৰ্ষ্ট য়েৰত নামভৰ্তি কৰিব, তেওঁলোকক নতুনকৈ নিযুত মইনা আঁচনিৰ অধীনত ধন দিয়া হ’ব।
  4. মেট্ৰিক পৰীক্ষা দিব লগা ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষাৰ ৬ মাহ আগৰ পৰা মাহে ৩০০ টকাকৈ আৰ্থিক সহায় লাভ কৰিব।
  5. স্নাতক উত্তীৰ্ণ যুৱকসকলে প্ৰতিমাহে ২,৫০০ টকা লাভ কৰিব। ১ বছৰলৈ তেওঁলোকক এই সহায় দিয়া হ’ব।
  6. ১ এপ্ৰিলৰ পৰা প্ৰতি ইউনিট বিদ্যুতৰ মাচুল ১ টকাকৈ হ্ৰাস কৰা হ’ব। সম্ভৱ হ’লে নৱেম্বৰ-ডিচেম্বৰত পুনৰ ৫০ পইচা হ্ৰাস কৰা হ’ব।
  7. আজিৰ পৰা খেতিয়কৰ পৰা ধান ২,৫৫০ টকাত ক্ৰয় কৰা হ’ব, যাৰ পূৰ্বৰ মূল্য আছিল ২,৩০০ টকা।
  8. মহিলা উদ্যমিতা আঁচনিৰ অধীনত অহা বছৰত পুনৰ ২৫,০০০ টকা দিয়া হ’ব।
  9. মহিলা উদ্যমিতা আঁচনিৰ দ্বাৰা প্ৰায় ৩০ লাখ মহিলা উপকৃত হ’ব।
  10. এই আঁচনিসমূহৰ সঠিক ব্যৱহাৰ হ’লে পৰৱৰ্তী সময়ত আৰু অধিক ধন মুকলি কৰা হ’ব।

মুখ্যমন্ত্ৰীগৰাকীৰ এই ঘোষণাসমূহে ৰাজ্যৰ মহিলা, কৃষক আৰু ছাত্ৰ-ছাত্ৰীসকলৰ উন্নতি সাধন কৰিব বুলি আশা কৰা হৈছে।

Related Articles