গোটেই দিনটো নহয়, বিশেষ সময়ত কফি খালে আপোনাৰ হৃদযন্ত্ৰ সুস্থ হৈ থাকিব বুলি শেহতীয়া গৱেষণাত প্ৰকাশ পাইছে।(Coffee)
বিশ্বজুৰি কফি প্ৰেমী বহুত আছে, কিন্তু এই গৰম পানীয় খোৱাৰ সঠিক সময়ৰ বিষয়ে সকলোৱে সচেতন হ’ব লাগে।যদিও কফিৰ উপকাৰ আৰু অপকাৰিতা কথা সদায় চৰ্চা হয়, কিন্তু এক গৱেষণাৰ পৰা জানিব পৰা গৈছে যে কফিৰ স্বাস্থ্যৰ বাবে বহুতো উপকাৰ আছে। কিন্তু কফিৰ খোৱাৰ সঠিক সময় হ’ল ৰাতিপুৱা। ইউৰোপিয়ান হাৰ্ট জাৰ্নেলত প্ৰকাশিত গৱেষণাৰ পৰা দেখা গৈছে যে ৰাতিপুৱা কফি খোৱা লোকৰ হৃদৰোগত মৃত্যুৰ সম্ভাৱনা কম। গোটেই দিনটো কফি খোৱাসকলৰ তুলনাত তেওঁলোকৰ মৃত্যুৰ আশংকাও কম আছিল।
আমেৰিকাৰ টুলেন বিশ্ববিদ্যালয়ৰ গৱেষকসকলে প্ৰকাশ কৰিছে যে ৰাতিপুৱা কফি খোৱা লোকৰ যিকোনো কাৰণত মৃত্যু হোৱাৰ সম্ভাৱনা ১৬ শতাংশ কম আৰু হৃদৰোগত মৃত্যুৰ সম্ভাৱনা ৩১ শতাংশ কম। কিন্তু কফি নোখোৱাসকলৰ তুলনাত দিনটো কফি খোৱাসকলৰ ক্ষেত্ৰত কোনো ধৰণৰ আশংকা হ্ৰাস পোৱা নগ’ল।
কিন্তু পুৱা কফি খালে হৃদৰোগত মৃত্যুৰ সম্ভাৱনা কেনেদৰে কমি যায় সেই বিষয়ে এই অধ্যয়নত ব্যাখ্যা কৰা হোৱা নাই। এটা সম্ভাৱ্য ব্যাখ্যা হ’ল যে দুপৰীয়া বা সন্ধিয়া কফি খালে চাৰ্কেডিয়ান ৰিদম আৰু মেলাটনিনৰ দৰে হৰম’নৰ মাত্ৰা বিঘ্নিত হ’ব পাৰে। ইয়াৰ ফলত হৃদযন্ত্ৰৰ বিপদজনক কাৰক যেনে প্ৰদাহ আৰু ৰক্তচাপৰ পৰিৱৰ্তন ঘটে।