Breaking

Cold Drinks স্বাস্থ্যৰ বাবে উপকাৰী নে অপকাৰী…

0 1,568

cold drinks অন্যান্য উপাদান সহ অতিৰিক্ত, অতিপাত এডিং চোগাৰেৰে তৈয়াৰী কৰা হয়। আচৰিত হব, 500 ml ৰ এটি বটলত প্ৰায় একাপ চেনীৰ সমপৰ্য্যাৰ এডিং চোগাৰ পোৱা যায়।যিটো নেকি মানুহৰ শৰীৰৰ দিনটোৰ বাবে লাগতিয়াল চুগাৰতকৈ বহু গুণে বেছি। সাধাৰণতে ইমান চেনী যদি এজন ব্যক্তিয়ে একেলগে গ্ৰহণ কৰে, নিশ্চিত ভাৱে মানুহ জনে বমি কৰি দিব। কিন্তু এনে cold drinks বোৰত যোগ কৰা ফচফৰিক এচিডৰ বাবে ব্যক্তি বিশেষ জনাৰ বমি নোহোৱাৰ লগতে মানুহ জনে বেছি মিঠাও অনুভৱ নকৰে আৰু বিপৰীতে তাৎক্ষণিক ভাৱে মানুহজনৰ শৰীৰত Blood Sugar বৃদ্ধি পায়গৈ আৰু ইয়াক নিয়ন্ত্ৰণৰ উদ্দেশ্যে দেহত Insulin ৰ প্ৰক্ষেপো Pancreas ৰ পৰা বৃদ্ধি পাবলৈ ধৰে।

কিন্তু হঠাৎ শৰীৰৰত বৃদ্ধি পোৱা এনে চোগাৰৰ মাত্ৰাক যেতিয়াই নিয়ন্ত্ৰণ কৰিব নোৱাৰা পৰ্যায় পায়গৈ তেতিয়াই Liver এ ইয়াক Fat লৈ ৰূপান্তৰিত কৰি দিয়ে। ফলত Diabetes, Fatty Liver, Hypertension, Obesity আদিৰ দৰে ৰোগে নিত্য Cold drinks সেৱন কৰা ব্যক্তি জনৰ গাত গা কৰি উঠে। ইয়াৰোপৰি এনেধৰণৰ শীতল পানীয়ত যোগ কৰা Caffeine এ মানুহৰ চকু আৰু মগজুৰ ওপৰতো প্ৰভাৱ পেলায়, যাৰ ফলত মানুহজনে সজাগ আৰু আনন্দ অনুভৱ কৰে। কিয়নো এনে ক্ৰিয়াৰ বাবে দায়ী শৰীৰত হৰমনৰ দৰেই কাৰ্য্য কৰা Organic chemical Dopamine ৰীলিজ হবলৈ ধৰে।ফলত শৰীৰে টোপনি অনুভৱ নকৰাৰ দৰে বিৰূপ প্ৰভাৱে দেখা দিয়ে।

সেয়েহে Cold drinks সেৱন কৰাৰ আগত অলপ ভাৱি লব। গ্ৰীষ্মকালীন দিনবোৰত গৰম সহিব নোৱাৰি ঘৰুৱা পানীয় বোৰক উপেক্ষা কৰি বজাৰৰ Cold drinks সেৱন নকৰিব।

Leave A Reply

Your email address will not be published.