Cold Weather:শীতত থৰ থৰকৈ কঁপিছে পঞ্জাৱ, হাৰিয়ানা

গুৱাহাটী, ১৫ ডিচেম্বৰঃ শীতত থৰ থৰকৈ কঁপিছে(Cold Weather) পঞ্জাৱ, হাৰিয়ানা৷ এই দুই ৰাজ্যৰ উপৰি দেশৰ আনম কেইবাখনো ৰাজ্যত শীত প্ৰবাহে(Chilly Winds) তীব্ৰ ৰূপ ধাৰণ কৰিছে৷

কেন্দ্ৰীয় বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা অনুসৰি জম্মু-কাশ্মীৰ, উত্তৰ প্ৰদেশ, ৰাজস্থান, বিহাৰ, ঝাৰখণ্ড, হাৰিয়ানা, চণ্ডীগড়কে ধৰি সমগ্ৰ উত্তৰ ভাৰতত ৩দিন ধৰি তীব্ৰ শীত প্ৰবাহ অব্যাহত থাকিব৷

বিশেষকৈ ১৭ ডিচেম্বৰৰ পৰা এই শীত প্ৰবাহৰ তীব্ৰতা অধিক বৃদ্ধি পাব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কবাণী জাৰি কৰিছে৷

বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি দেওবাৰেও পঞ্জাৱ আৰু হাৰিয়ানাত শীত প্ৰবাহ পৰিস্থিতি অধিক গুৰুতৰ হৈ পৰে৷ বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি ১০ ডিগ্ৰী চেলছিয়াছৰ নূন্যতম উষ্ণতা নথিভুক্ত কৰা হৈছে ফৰিদকোট অঞ্চলত৷

ফৰিদকোটেই ৰাজ্য খনৰ এই বছৰৰ এতিয়ালৈকে আটাইতকৈ ঠাণ্ডা হিচাবে পৰিগণিত হৈছে। পঞ্জাৱ, গুৰদাসপুৰ আৰু বাথিণ্ডাতোশীত প্ৰবাহ বৃদ্ধি পাইছে৷

সেই এলেকাসমূহত নূন্যতম তাপমাত্ৰা ২ ডিগ্ৰী চেলছিয়াছ আৰু ৪.৬ ডিগ্ৰী চেলছিয়াছ হৈছে৷ পাথানকোটত নূন্যতম ৩.৫ ডিগ্ৰী চেলছিয়াছ হোৱাৰ বিপৰীতে অমৃতসৰত ৩.৯ ডিগ্ৰী চেলছিয়াছ হৈছে৷

হাৰিয়ানাৰ হিছাৰত ১.৭ ডিগ্ৰী চেলছিয়াছ হোৱাৰ বিপৰীতে নাৰ্নাউলত নূন্যতম ৩ ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰা পঞ্জীয়ন কৰা বুলি বতৰ বিভাগে প্ৰকাশ কৰিছে। আনহাতে, ৰোহটাকে ৫.২ ডিগ্ৰী আৰু আম্বালাই ৫.৭ ডিগ্ৰী চেলছিয়াছ হৈছে৷ ৰাজস্থান ও পঞ্জাৱত কিছু স্থানত পাৰাস্তম্ভ শূন্যৰ তললৈ নামি যোৱা পৰিলক্ষিত হৈছে।

হিমাচল প্ৰদেশ. উত্তৰাখণ্ড, জন্মু-কাশ্মীৰ, লাদাখ, উত্তৰ প্ৰদেশ, হাৰিয়ানা, ৰাজস্থান, ছত্তিশগড়, পশ্চিম বংগ, বিহাৰ, মহাৰাষ্ট্ৰ, বিদৰ্ভ, সৌৰাষ্ট্ৰ আৰু গুজৰাটৰ বিভিন্ন অংশত এতিয়া শীত প্ৰবাহে তাণ্ডৰ সৃষ্টি কৰিছে৷ বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত পঞ্জাৱৰ আদমপুৰত পাৰাস্তম্ভ ০.৭ ডিগ্ৰী হৈছে।

ৰাজস্থানৰ ছিকাৰ জিলাৰ ফাতেহপুৰত ১.৩ ডিগ্ৰী আৰু মাউণ্ট আবুত ১.৪ ডিগ্ৰী পৰ্যন্ত হৈছে। উত্তৰ প্ৰদেশ আৰু মধ্যপ্ৰদেশ, পূব ৰাজস্থান আৰু বিদৰ্ভৰ কিছু অঞ্চলত সৰ্বনিম্ন উষ্ণতা স্বাভাৱিকতকৈ ৩-৫ ডিগ্ৰী তলত। আন ঠাইতো নূন্যতম উষ্ণতা হ্ৰাস পাইছে।

মধ্যপ্ৰদেশতো শীতে কাবু কৰিছে নাগৰিকক৷ দক্ষিণ আৰু উপকূলীয় ভাৰতৰ বাহিৰেও অন্যান্য অঞ্চলতো শীতৰ প্ৰকোপ বৃদ্ধি পাইছে। উত্তৰ-পূব ভাৰতৰ মণিপুৰ আৰু মেঘালয়ৰ কিছু অঞ্চলত অতি ঘন কুঁৱলীৰ প্ৰকোপ বৃদ্ধি পাইছে৷

অৱশ্যে অসমত এতিয়াও শীত প্ৰবাহ সিমান তীব্ৰতৰ হৈ উঠা নাই৷ বতৰ বিভাগে জনোৱা মতে, হাৰিয়ানা আৰু পঞ্জাৱৰ উমৈহতীয়া ৰাজধানী চণ্ডীগড়ত নূন্যতম তাপমাত্ৰা ৪.৮ ডিগ্ৰী চেলছিয়াছ ৰেকৰ্ড কৰা হৈছে।

Related Articles