প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ নামত ধন সংগ্ৰহ

বাক্সাৰ ধমধমা উন্নয়ন খণ্ডৰ অন্তৰ্গত গেৰুৱা VCDC ত প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ নামত লুণ্ঠনৰ অভিযোগ উত্থাপন হৈছে।

প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগ ধমধমা উন্নয়ন খণ্ডৰ GPC অমৰেন্দ্ৰ শৰ্মাৰ বিৰুদ্ধে৷

অভিযোগ অনুসৰি, VCDC চিয়াৰমেন, BTR ৰ অধ্যক্ষ কটিৰাম বড়োক এন্ধাৰত ৰাখি বিধবা, দৰিদ্ৰ মহিলা সকলৰ পৰা প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ নামত পাঁচশ, এহেজাৰৰ পৰা দহ হেজাৰলৈকে ধন সংগ্ৰহ কৰিলে ধমধমা উন্নয়ন খণ্ডৰ GPC অমৰেন্দ্ৰ শৰ্মাই।

বেংকৰ পৰা টকা উলিয়াই অনাৰ পিছত ৰাস্তাত লগ কৰি, সন্ধিয়াৰ ভাগত ঘৰলৈ আহি টকা লৈ যায় লুণ্ঠন ৰজা আমৰেন্দ্ৰ শৰ্মাই।


পিছে এতিয়া প্ৰশ্ন হৈছে চৰকাৰী অফিচত কাম কৰা এই সকল কৰ্মচাৰীক চৰকাৰে দৰমহা নিদিয়ে নেকি? যাৰ বাবদ এনেদৰে দুখীয়া বিধবা পৰিয়ালৰ পৰা ধন সংগ্ৰহ কৰিবলৈ বাধ্য হয় এইসকল লোকে?

Related Articles