Breaking

ব্ৰেক আপ নিদিয়াৰ বাবেই এজন কলেজীয়া ছাত্ৰক এগৰাকী যুৱতীয়ে বিহ খুৱাই হত্যা কৰাৰ ঘটনা সংঘটিত হৈছে কেৰেলাৰ থিৰুৱন্তপুৰমত।

0 95

জানিব পৰামতে, অভিযুক্ত যুৱতীগৰাকীক ইতিমধ্যে আঠ ঘণ্টা ধৰি জেৰা কৰা হৈছে। জেৰাত যুৱতীগৰাকীয়ে অপৰাধ স্বীকাৰ কৰিছে।

মৃত্যু হোৱা যুৱকগৰাকীৰ নাম শ্বাৰণ ৰাজ। ২৩ বছৰীয়া শ্বাৰণ ৰেডিঅ’ল’জীৰ ছাত্ৰ আছিল। ২৫ অক্টোবৰত তেওঁৰ মৃত্যু হয়।

আৰক্ষীয়ে ৩১ অক্টোবৰত নিশ্চিত হয় যে যুৱতীগৰাকী তথা তেওঁৰ প্ৰেয়সীয়ে শ্বাৰণক বিহ খুৱাই হত্যা কৰে। যুৱতীগৰাকীৰ নাম গ্ৰীষ্মা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।

আৰক্ষীৰ আগত গ্ৰীষ্মাই স্বীকাৰ কৰিছে শ্বাৰণ আৰু তেওঁৰ মাজত থকা প্ৰেমৰ সম্পৰ্ক শ্বাৰণে ছিন্ন নকৰা বাবেই এই কাম কৰে। নিজৰ ঘৰলৈ মাতি আনি গ্ৰীষ্মাই শ্বাৰণক বিহ খুৱায়। তাৰপাছতে ২৫ অক্টোবৰ তাৰিখে থিৰুৱন্তপুৰম মেডিকেল কলেজত শ্বাৰণৰ মৃ্ত্যু হয়।

তেওঁলোকৰ সম্পৰ্ক এবছৰ ধৰি আছিল। কিন্তু ২০২২ চনৰ ফেব্ৰুৱাৰীৰ পৰা তেওঁলোকৰ সম্পৰ্কত সংঘাত আহিব ধৰে। বৰ্তমান গ্ৰীষ্মাক আৰক্ষীৰ জিম্মাত প্ৰেৰণ কৰা হৈছে।

Leave A Reply

Your email address will not be published.