Breaking

ভাৰতীয় শিক্ষণ মণ্ডলৰ স্মাৰক বক্তৃতা…

0 23

উত্তৰ অসম প্ৰান্তৰ উদ্যোগত দ্বিতীয় বিনায়কজী স্মাৰক বক্তৃতা বৃহস্পতিবাৰে গুৱাহাটীৰ সুদৰ্শনালয়ত অনুষ্ঠিত হৈ যায়৷উত্তৰ অসম প্ৰান্তৰ সভাপতি ড° নীলমোহন ৰায়ৰ পৌৰোহিত্যত অনুষ্ঠিত এই মহতী অনুষ্ঠান দীপ প্ৰজ্জ্বলন আৰু দীপমণ্ত্ৰেৰে আৰম্ভ হয়৷ সভাত মুখ্য অতিথিৰূপে বিনায়কজীৰ স্মৃতিচাৰণ কৰে ৰাঃস্বঃসংঘৰ অসমক্ষেত্ৰৰ ক্ষেত্ৰ প্ৰচাৰক বশিষ্ঠ বুজৰবৰুৱা, সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে প্ৰান্তমণ্ত্ৰী দীপক কুমাৰ শৰ্মাই আৰু নিৰ্দিষ্ট বক্তাৰ চমু পৰিচয় আগবঢ়ায় ড° সমীৰ সৰকাৰে৷

‘ভাৰতবোধ: এক প্ৰত্যাহ্বান’ শীৰ্ষক স্মাৰক বক্তৃতা প্ৰদান কৰে বিশিষ্ট সাংবাদিক ,লেখক প্ৰফুল্ল কেতকাৰে৷প্ৰায় আঢ়ৈশ শ্ৰোতাই তেওঁৰ বক্তৃতা শুনি মণ্ত্ৰমুগ্ধ হৈ পৰে৷সভাত বৈদিক সূক্ত পৰিবেশন কৰে নাৰায়ণী ৰায় আৰু বেলা ধৰে৷সংগঠনৰ ধ্যেয়মণ্ত্ৰ আৰু ধ্যেয়বাক্য পাঠ কৰে ক্ৰমে মীনাকুমাৰী মণ্ডল আৰু দুৰ্লভ চন্দ্ৰ পালে৷ড° সুদেষ্ণা ভট্টাচাৰ্যই গায় কল্যাণমণ্ত্ৰ৷ভাৰতীয় শিক্ষণ মণ্ডল,উত্তৰ অসম প্ৰান্তৰ সভাপতি ড° নীলমোহন ৰায়ে শলাগৰ শৰাই আগবঢ়ায়৷শেষত সমবেত কণ্ঠত গোৱা বন্দেমাতৰমৰ দ্বাৰা সভা সমাপ্ত হয়৷

Leave A Reply

Your email address will not be published.