Breaking

আদিবাসী উন্নয়ন পৰিষদৰ প্ৰশংসনীয় পদক্ষেপ ! ওদালগুৰিত বিতৰণ কৰিলে কৃষকক ৩৪ হাজাৰ তামোলৰ পুলি…

0 55

আদিবাসী উন্নয়ণ পৰিষদৰ প্ৰশংসনীয় পদক্ষেপ। ওদালগুৰিত বিতৰণ কৰিলে কৃষকক ৩৪ হাজাৰ তামোলৰ পুলি । ১৭০জন আদিবাসী সম্প্ৰদায়ৰ কৃষকক এক অনুষ্ঠানৰ জৰিয়তে বিতৰণ কৰে ২০০টাকৈ তামোলৰ পুলি। আদিবাসী উন্নয়ণ পৰিষদৰ উদ্যোগত আৰু ওদালগুৰি জিলা কৃষি বিভাগৰ সহযোগত বিতৰণ কৰা হয় এই তামোল পুলিখিনি।

প্ৰতিজন কৃষককে প্ৰদান কৰা হয় ২০০টাকৈ উন্নত জাতৰ তামোলৰ পুলি। ওদালগুৰি অঞ্চলৰ প্ৰায় ১৭০ জন কৃষকক নিজহাতে তামোলৰ পুলি প্ৰদান কৰে আদিবাসী উন্নয়ন পৰিষদৰ কাৰ্যবাহী সদস্য মহোন কিছকুৱে।

অনুষ্ঠানত ওদালগুৰি জিলা কৃষি বিষয়া, আদিবাসী উন্নয়ন পৰিষদৰ ৰাজনৈতিক আৰু আইন উপদেষ্টা প্ৰিয়াংকু প্ৰতিম দাসৰ লগতে বহুসংখ্যক গণ্যমান্য লোক উপস্থিত থাকে।

মূলত অনগ্ৰসৰ অঞ্চলৰ লোকসকলক আৰ্থিকভাৱে স্বচ্ছল হ’ব পৰাকৈ প্ৰতিজন কৃষকক বিতৰণ কৰা হয় দুশকৈ তামোল পুলি। এই কাৰ্যসূচীত সাহিত্য সভাইও সহযোগিতা আগবঢ়াই আদিবাসী উন্নয়ন পৰিষদক।

Leave A Reply

Your email address will not be published.