Breaking

নগাঁৱৰ ব্যৱসায়ীৰ প্ৰশংসনীয় পদক্ষেপ।পদ -পথৰ সৰস্বতী মূৰ্ত্তিক নৈত বিসর্জন

0 47

নগাঁও জিলাৰ এগৰাকী ব্যৱসায়ীয়ে নগাঁও জিলাখনৰ বিভিন্ন স্থানৰ বিদ্যালয়সমূহৰ গছৰ তলত পেলাই থোৱা সৰস্বতী মূৰ্ত্তি সমূহ নিজা প্রচেষ্টাৰে উঠাই নি কলং নৈত বিসর্জন দি এক প্রশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে ।

নগাঁৱৰ  হয়ৱৰগাওঁ তেলীয়াপট্টি চাৰিআলিৰ বাসিন্দা বিনোদ খেটাৱতে আজি কেইবা বছৰ ধৰি এই কাম কৰি আহিছে। এইবাৰো তেওঁ এনে কাম কৰি ৰাইজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। ইতিমধ্যে হৈ যোৱা গনেশ পূজাৰ পিছত বিভিন্ন পূজা সমিতি সমূহে গছৰ তলত বা আন ঠাইত মূৰ্ত্তি সমূহ পেলাই থৈ যায়।

যাৰ বাবে চহৰখনৰ পৰিৱেশ ম্লান হৈ পৰে। ব্যৱসায়ী বিনোদ খেটাৱতে তেওঁৰ কৰ্মচাৰীৰ সহযোগত এই মূৰ্ত্তি সমূহ উঠাই আনি আজি কেইবাদিনো ধৰি কলং নৈত বিসর্জন দি আহিছে । তাৰ অংশ স্বৰূপে আজিও ব্যৱসায়ীজনৰ কৰ্মচাৰী সকলে নগাঁও আইন মহাবিদ্যালয়ৰ সমীপৰ পৰা সৰস্বতী মুৰ্ত্তি সমূহ নিজা প্ৰচেষ্টাত গাড়ীৰে উঠাই নি কলং নৈত উতাই এক প্ৰসংশনীয় কাম কৰি আহিছে ।

Leave A Reply

Your email address will not be published.