Breaking

মিচিং স্বায়ত্তশাসিত পৰিষদৰ ২৩ নং লোহিত পৰিষদীয় সমষ্টিৰ প্ৰতিশ্ৰুতি- প্ৰতিফলন-পৰিকল্পনা অনুষ্ঠান

0 17

মিচিং স্বায়ত্তশাসিত পৰিষদৰ ২৩ নং লোহিত পৰিষদীয় সমষ্টিৰ  উদ্যোগত আজি প্ৰতিশ্ৰুতি, প্ৰতিফলন আৰু পৰিকল্পনা অনুষ্ঠান অনুষ্ঠিত হৈ যায় ৷ লখিমপুৰ আৰু মাজুলী জিলাৰ সীমান্তবৰ্ত্তী  লোহিত খাবলী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগনত  অনুষ্ঠিত হোৱা উক্ত অনুষ্ঠানত বিগত দহ বছৰত পৰিষদৰ পৰা ৰূপায়ন কৰা আঁচনি আৰু আগন্তুক ৫ বছৰত ৰূপায়িত হ’বলগা আঁচনিসমূহৰ খটিয়ান ৰাইজক অৱগত কৰে ৷

সহস্ৰাধিক ৰাইজ উপস্থিত থকা অনুষ্ঠানত মুখ্য অতিথি তথা লোহিত  পৰিষদীয় সমষ্টিৰ তত্বাবধায়ক,   মিচিং স্বায়ত্তশাসিত পৰিষদৰ  কাৰ্যবাহী সদস্য পুৰুষোত্তম দলেয়ে  কয়- ২০১৩ চনৰ পৰা ২০২৪ চনলৈ  বৰ্তমানৰ পৰিষদখনে দহটা বছৰ অতিক্ৰম কৰিলে ৷

এই দহটা বছৰত পৰিষদে কি কি আঁচনি ৰূপায়ন কৰিলে তাক ৰাইজৰ আগত ডাঙি ধৰিবলৈ পৰিষদৰ ৩৬ খন পৰিষদীয় সমষ্টিত প্ৰতিশ্ৰুতি, প্ৰতিফলন আৰু পৰিকল্পনা শীৰ্ষক অনুষ্ঠান আয়োজন কৰিছে ৷ লোহিত  পৰিষদীয় সমষ্টিত বিগত দহটা বছৰত মুঠ প্ৰায় ২০০  খন বিভিন্ন আঁচনি ৰূপায়ন কৰা হৈছে ৷ ইয়াৰে  পথ নিৰ্মাণ, কৃষি, লোকনিৰ্মাণ,  স্বাস্থ্য আৰু পশু চিকিৎসালয় নিৰ্মাণ তথা মেৰামতি,  আৰ্ট ৱৰ্ক,  জলসম্পদ,  পকী ৱাল নিৰ্মাণ,  দলং নিৰ্মাণ, শিক্ষা,  আৰু  অন্যান্য বাছকবনীয়া আঁচনি ৰূপায়ন কৰা হৈছে।

এই সকলোবোৰ আঁচনি বিগত দহ বছৰত নিৰ্মাণ সম্পূৰ্ণ হৈছে আৰু আগন্তুক ৫ বছৰৰ বাবেও লোহিত পৰিষদীয় সমষ্টিয়ে পৰিকল্পনা কৰা বুলি কাৰ্যবাহী সদস্য দলেয়ে  দোহাৰে ৷ তেওঁ লগতে দোহাৰে যে, লোহিত পৰিষদীয় সমষ্টি এটা সমস্যাজৰ্জৰ সমষ্টি ৷ কেওফালে সমস্যাৰে জৰ্জৰিত ৷ যাতায়াতৰ সমস্যাই সাধাৰণ জনতাক কোঙা কৰি পেলাইছে ৷ মিচিং স্বায়ত্তশাসিত পৰিষদে যাতায়াতৰ সমস্যা সমাধান কৰাটো অসম্ভৱ ৷ পৰিষদলৈ চৰকাৰে সীমিত পূঁজিহে দি আহিছে ৷

আমি অসম চৰকাৰৰ পৰাও কোনো বিশেষ পূঁজি নাপাওঁ আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰা বিশেষ পেকেজ নাপাওঁ ৷ এনে ক্ষেত্ৰত সৰু-সুৰা ৰাস্তা-দলং  নিৰ্মাণৰ বাদে বৃহৎ আকাৰৰ যোগাযোগ ব্যৱস্থা কৰিবলৈ বহু কঠিন কাম ৷ পৰিষদখন ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত নোহোৱাৰ বাবেও বহু বৃহৎ আকাৰৰ আঁচনি নিৰ্মাণ সম্ভৱ হোৱা নাই বুলি কাৰ্যবাহী সদস্য পুৰুষোত্তম দলেয়ে আক্ষেপ প্ৰকাশ কৰে ৷  অনুষ্ঠানত  আদৰণি ভাষণ দিয়ে পৰিষদৰ সাধাৰণ সদস্য মুকুল পেগুৱে ৷ আদৰণি ভাষণত তেওঁ লোহিত পৰিষদীয় সমষ্টিত শিক্ষা, ক্ৰীড়া, জীৱন-জীৱিকা, দক্ষতা বিকাশ আদি আঁচনিৰ ওপৰত সৰ্বাধিক গুৰুত্ব দিছে ৷

ক্ৰীড়া ক্ষেত্ৰ উন্নয়নৰ বাবে খেলপথাৰৰ উন্নয়নৰ কাম নিয়াৰিকৈ চলাই নিয়া হৈছে ৷ শিক্ষাৰ উন্নয়নৰ বাবে বিদ্যালয়-মহাবিদ্যালয়ত পকী দেৱাল, শ্ৰেণী কোঠা, বিদ্যালয় গৃহ নিৰ্মাণ কৰা হৈছে। স্বাস্থ্য সেৱাৰ বাবেও লোহিত পৰিষদীয় সমষ্টিত মিনি স্বাস্থ্য কেন্দ্ৰ, প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পুনৰ নিৰ্মাণ আৰু মেৰামতি কৰা বুলি তেওঁ দোহাৰে ৷ অনুষ্ঠানত বিশেষ অতিথি হিচাপে উপস্থিত থাকি পৰিষদৰ উপাধ্যক্ষ যজ্ঞেশ্বৰ কুটুমে কয়- বিভিন্ন ৰাজনৈতিক দলৰ নেতা-পালিনেতাই ৰাইজক প্ৰলোভনৰ ভাষন দিবলৈ নিৰ্বাচনৰ সময়ত কুলি চৰাইৰ দৰে  জনসাধাৰনৰ ওচৰলৈ আহে কিন্তু জনসাধাৰণৰ দীৰ্ঘদিনীয়াা সমস্যাবোৰ সমস্যা হৈয়েই ৰয় ৷

আজি কালি বিভিন্ন ৰাজনৈতিক দলে ক্ষমতা পালে ৰঙা-কলা-বগা বিচাৰ কৰিহে আঁচনি ৰূপায়ন কৰে ৷ কিন্তু এম এ চিয়ে সকলো শ্ৰেণীৰ ৰাইজৰ সৈতে একেলগে হাত মিলাইহে আঁচনি ৰূপায়ন কৰা বুলি তেওঁ মন্তব্য দিয়ে ৷ সভাত উপস্থিত থাকে টি এম পি কেৰ কেন্দ্ৰীয় সমিতিৰ সদস্য  ৰাম গোবিন দলে,  বিজু পেগু , টি এম এম কেৰ  যুটীয়া সম্পাদিকা  দিপ্তী পাদুন দলে, মাজুলী জিলা টি এম পি কেক সভাপতি পবিত্ৰ পাতিৰ, উপ সভাপতি বিনোদ দলে, এম এম কেক   সম্পাদক মেদিনী মোহন দলে, যুটীয়া সম্পাদক নৱ দলে,  টি এম পি কেৰ   শিক্ষা সম্পাদক সঞ্জীৱ চিৰাং , গোবিন পেগু,  প্ৰচাৰ সম্পাদক দিপেন দলে, টি এম পি কেক  যুটীয়া সম্পাদিকা জ্যোৎস্না দলে, সদস্যা পুণ্য দলে,  লোহিত খাবলু আঞ্চলিক টি এম পি কে, এম এম কে আৰু টি এম এম কেৰ সভাপতি, সভানেত্ৰী,  সম্পাদক,সম্পাদিকাসকলৰ লগতে সদস্য-সদস্যাসকল ৷ 

Leave A Reply

Your email address will not be published.