Breaking

ৰঙাপানীত “ভাৰত জোড়ো যাত্ৰা” ৰ কাৰ্যসূচী প্ৰস্তুতি সভাৰ সমিতি গঠন

0 57

ৰঙাপানীত “ভাৰত জোড়ো যাত্ৰা” ৰ কাৰ্যসূচী প্ৰস্তুতি সভাৰ সমিতি গঠন। বিৰোধীক ক্ষুৰধাৰ সমালোচনা কৰি ২০২৪ ৰ নিৰ্বাচনত বিজেপিৰ ভাত উকলিল বুলি মন্তব্য বিধায়ক আব্দুল বাতিন খন্দকাৰ। বিৰোধী দল কংগ্ৰেছে “ভাৰত জোড়ো যাত্ৰা” কাৰ্যসূচীৰ লগত সংগতি ৰাখি বঙাইগাঁও জিলাত চাৰিদিনীয়াকৈ “ভাৰত জোড়ো যাত্ৰা” ৰ কাৰ্যসূচী অনুষ্ঠিত হব। এই যাত্ৰা চতুৰ্থদিনা ৩৪ নং অভয়াপুৰী উত্তৰ বিধান সভা সমষ্টিত অনুষ্ঠিত হব। সেয়েহে আজি সমষ্টিৰ ৰঙাপানীত কমিনিটি হলত অনুষ্ঠিত হোৱা সভাত এখন অভ্যৰ্থনা সমিতি গঠন কৰা হয়। সভাত স্হানীয় বিধায়ক আব্দুল বাতিন খন্দকাৰক ‌সভাপতি হিচাপে লৈ এখন কমিটি গঠন কৰা হয় আৰু কেইবাটাও উপ-সমিতি গঠন কৰা হব।

বিধায়ক গৰাকীয়ে কয় ঘৃণা আৰু হিংসাৰ জৰিয়তে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে ধৰ্ম,বৰ্ণ আৰু জাতিৰ নামত যি বিভেদ সৃষ্টি কৰিছে এই সকলোকে এক কৰাৰ নামেই হৈছে “ভাৰত জোড়ো যাত্ৰা”। এই “ভাৰত জোড়ো যাত্ৰা”ৰ কাৰ্যসূচীত লাখ লাখ মানুহ অংশগ্ৰহণ কৰাত বিজেপি চৰকাৰৰ লগতে একাংশ বিৰোধীয়ে ভয় খাইছে বুলি বিধায়কে মন্তব্য কৰে। “ভাৰত জোড়ো যাত্রা” কাৰ্যসূচীত ঘৃণাৰ ৰাজনীতি শেষ কৰা, নিৱনুৱা সমস্যা সমাধান কৰা, মূল্যবৃদ্ধি ৰোধ কৰা সাঙুৰি লোৱা হৈছে বুলি বিধায়কজনে মন্তব্য কৰে। “ভাৰত জোড়ো যাত্ৰা” কাৰ্যসূচী অভয়াপুৰী উত্তৰ বিধান সভা সমষ্টিত আটকধুনীয়া কৈ কৰা হব বুলি মন্তব্য কৰে বিধায়ক গৰাকীয়ে।

Leave A Reply

Your email address will not be published.