Breaking

Urinary Tract Infection: প্ৰস্ৰাৱ কৰাৰ সময়ত জ্বলা-পোৰা, বিষ প্ৰস্ৰাৱ সংক্ৰমণৰ লক্ষণ!

35

মহিলাসকল প্ৰস্ৰাৱৰ সংক্ৰমণ প্ৰায়েই হয়। কেতিয়াবা এই সংক্ৰমণ অতি গুৰুতৰ হৈ পৰে। সেইবাবে সক্ৰমণৰ ক্ষেত্ৰত মহিলাসকল সাৱধান হোৱা উচিত।(Urinary Tract Infection)

মহিলাসকল প্ৰস্ৰাৱৰ সংক্ৰমণ প্ৰায়েই হয়। কেতিয়াবা এই সংক্ৰমণ অতি গুৰুতৰ হৈ পৰে। সেইবাবে সক্ৰমণৰ ক্ষেত্ৰত মহিলাসকল সাৱধান হোৱা উচিত।(Urinary Tract Infection)

প্ৰস্ৰাৱৰ সংক্ৰমণ পুৰুষতকৈ মহিলাৰ ক্ষেত্ৰত বেছি হয়। যেতিয়া এই সংক্ৰমণ অধিক গুৰুতৰ হৈ পৰে তেতিয়া ই বৃক্কতো প্ৰভাৱ পেলায়। এনে পৰিস্থিতিত তৎক্ষণাত ইয়াৰ চিকিৎসা কৰাটো অতি প্ৰয়োজনীয়।

বেক্টেৰিয়া হৈছে প্ৰস্ৰাৱৰ সংক্ৰমণৰ আটাইতকৈ সাধাৰণ কাৰণ। অন্ত্ৰত বাস কৰা ই.কলাই বেক্টেৰিয়াই বেছিভাগ ইউটিআইৰ বা প্ৰস্ৰাৱৰ সংক্ৰমণ সৃষ্টি কৰে। অসুৰক্ষিত যৌন সম্পৰ্ক, গৰ্ভাৱস্থা, বৃক্কত পাথৰ, প্ৰষ্টেট বৃদ্ধি, কোষ্ঠকাঠিন্যৰ বাবে এই সমস্যা বেছিকৈ দেখা দিয়ে।

প্ৰস্ৰাৱ কৰাৰ সময়ত বিষ বা জ্বলা-পোৰা – সঘনাই প্ৰস্ৰাৱ কৰা, বিশেষকৈ ৰাতি – প্ৰস্ৰাৱ কৰাৰ পিছতো মূত্ৰাশয় ভৰ্তি অনুভৱ কৰা-তলপেট বা পিঠিত বিষ – ফেনযুক্ত, তেজ ওলোৱা বা দুৰ্গন্ধযুক্ত প্ৰস্ৰাৱ – বিষ বা ভাগৰ অনুভৱ – জ্বৰ, বা কঁপনি ইত্যাদি প্ৰস্ৰাৱৰ সংক্ৰমণৰ লক্ষণ।

আনহাতে আয়ুৰ্বেদৰ মতে প্ৰস্ৰাৱৰ ৰোগ হ’লে সংক্ৰমণ ঘৰতে সহজে আৰোগ্য কৰিব পৰা যায়। ইয়াৰ বাবে দৈৰ দৰে টেঙা খাদ্য পৰিহাৰ কৰিব লাগে। দৈনিক ৩-৪ টা তিয়াই থোৱা ক’লা কিচমিচ খাব লাগে।

বিশেষজ্ঞসকলৰ মতে, প্ৰস্ৰাৱৰ সংক্ৰমণl চাউলৰ পানী খোৱাটো অতি উপকাৰী।যিটোক আমি সাধাৰণতে ভাতৰ মাৰ বুলি কওঁ। ভাতৰ মাৰ প্ৰস্ৰাৱৰ সংক্ৰমণৰ বাবে অতি উপকাৰী।

প্ৰস্ৰাৱৰ সংক্ৰমণৰ আশংকা কম কৰিবলৈ শৰীৰটো জলসিঞ্চিত ৰাখিব, ব্যক্তিগত অংশৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ যত্ন লওক, যৌন সম্পৰ্কৰ পিছত পৰিষ্কাৰ-পৰিচ্ছন্নতা হ’ব লাগে। লগতে ক্ৰেনবেৰীৰ ৰস খাব। লগতে পানী খাব পৰিমাণ অনুযায়ী।

Comments are closed.