Breaking

চৰাইদেউ মৈদাম ক্ষেত্ৰক ইজিপ্তৰ পিৰামিডৰ সৈতে তুলনা ইউনেস্কৰ, চৰাইদেউত উৎসৱমুখৰ পৰিৱেশ…

0 71

ছশ বছৰীয়া আহোম ৰাজত্ব কালৰ সোণোৱালী স্বাক্ষৰ বহনকাৰী আহোম স্বৰ্গদেউসকলৰ সমাধিস্থল ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰক অৱশেষত আজি বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি ঘোষণা কৰিলে ইউনেস্কই । নতুন দিল্লীত আজি পুৱা ১০ বজাত ইউনেস্ক প্ৰতিনিধিবৰ্গই আনুষ্ঠানিকভাৱে এই স্বীকৃতি ঘোষণা কৰাৰ পিছতে ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰত এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হ’য়। ইউনেস্ক প্ৰতিনিধিবৰ্গই ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰক ইজিপ্তৰ পিৰামিডৰ লগত তুলনা কৰি আজি আনুষ্ঠানিকভাৱে বিশ্ব ঐতিহ্য তালিকাত স্থান দিয়াত সমগ্ৰ ভাৰত তথা অসমৰ বাবেও এক গৌৰৱৰ ক্ষণ হিচাপে বিবেচিত হ’ল।

পোন প্ৰথমবাৰৰ বাবে যোৱা ২১ জুলাইৰ পৰা ১০ দিনীয়াকৈ ভাৰতত অনুষ্ঠিত ইউনেস্ক’ৰ  বিশ্ব ঐতিহ্য সমিতিৰ ৪৬ সংখ্যক বিশেষ সন্মিলনৰ বৈঠকত গুৰুত্বপূৰ্ণ ২৭ বিষয়ৰ লগতে অন্তৰ্ভূক্ত হৈছিল ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰৰ নাম । চুড়ান্ত বিবেচনাৰ বাবে গ্ৰহণ কৰা সমিতিয়ে ১৮ টা সাংস্কৃতিক সম্পদৰ ভিতৰত প্ৰস্তাৱত গ্ৰহণ কৰা ভাৰতৰ ভিতৰত একমাত্ৰ চৰাইদেউ মৈদাম ক্ষেত্ৰ আৰু আজি এই বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰা ৪৩ সংখ্যক বিশ্ব ঐতিহ্য ক্ষেত্ৰ আৰু উত্তৰ-পূৰ্ৱাঞ্চলৰ ভিতৰত প্ৰথমটো সাংস্কৃতিক সম্পদৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ। আজি নতুন দিল্লীত আনুষ্ঠানিকভাৱে চৰাইদেউ মৈদাম ক্ষেত্ৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰাৰ পিছতে মৈদামস্থলীত এক আনন্দমুখৰ পৰিৱেশ সৃষ্টি হয়। অসম চৰকাৰ দুই কেবিনেট মন্ত্ৰী যোগেন মহন, বিমল বৰা, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাৰ লগতে বিভিন্ন দল সংগঠনৰ বিষয়ববীয়া উপস্থিতিত সৰ্বপ্ৰথমে নৃপেন মহনৰ পৰিচালনাত আহোম জনগোষ্ঠীৰ বানফি পূঁজা অনুষ্ঠিত হয়। ইয়াৰ পিছতে কেইবা সহস্ৰাধিক জনসাধাৰণে ঢোলে-ঢগৰে এক উৎসৱমুখৰ পৰিৱেশ কৰি তোলে। দুই কেবিনেট মন্ত্ৰীৰ লগতে পৰ্যটন বিভাগৰ অধ্যক্ষই প্ৰচণ্ড গৰমৰ মাজতো নাচি-বাগি উপস্থিত জনসাধাৰণক অধিক উৎসাহিত কৰি তোলে। আনহাতে নতুন দিল্লীত বাহৰ পাতি থকা স্থানীয় বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰেও সমগ্ৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, অসম চৰকাৰ মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাক সামাজিক মাধ্যমৰ যোগেদি ধন্যবাদ জ্ঞাপন কৰে । চৰাইদেউ মৈদামস্থলীত উপস্থিত থকা কেবিনেট মন্ত্ৰী যোগেন মহনে মিঠাই টোপোলা বিতৰণ কৰাৰ লগতে এক বৃহৎ প্ৰীতি ভোজৰ আয়োজন কৰে। আনহাতে কেবিনেট মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ অধিক উৎফুল্লিত হৈ উল্লেখ কৰে যে, ‘আমাৰ দীৰ্ঘদিনীয়া প্ৰচেষ্টাত আজি আমি সফল হ’লো।

চৰাইদেউ মৈদামস্থলীত থকা ৪২ টা আমাৰ উপৰি-পুৰুষৰ সমাধিস্থলী আজি বিশ্ব বুকুত চিহ্নিত হ’ল। আজি অতিশয় আনন্দৰ দিন। আমাৰ এই ঐতিহাসিক সম্পদক বিশ্বৰ বুকুত পৰিচয় কৰাৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মা ধন্যবাদৰ পাত্ৰ। দুয়োগৰাকীৰ মহান নেতাৰ এই ক্ষেত্ৰত গ্ৰহণ কৰা বিশেষ ভূমিকাৰ বাবেই আজি বিশ্বৰ বুকুত চিহ্নিত হ’ল আমাৰ এই ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰ। ইয়াৰ লগতে পুৰাতত্ব বিভাগ আৰু প্ৰত্নতাত্বিক বিভাগে যথেষ্ট এইক্ষেত্ৰত বিগত সময়ত যথেষ্ট কষ্ট স্বীকাৰ কৰিছিল। তেখেতসকলোকো আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো’। আনহাতে মৈদামস্থলীত সদৌ টাই আহোম ছাত্ৰ সন্থা, আহোম সেনাকে ধৰি বহুকেইটা আহোম জনগোষ্ঠীয় সংগঠনে শাসনাধিষ্ঠ চৰকাৰখনক এই ঐতিহাসিক চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা কাৰ্যক আদৰণি জনাইছে। সন্ধিয়ালৈ মৈদামস্থলীত এহেজাৰ বন্তি প্ৰজ্বলনেৰে বিজয় উৎসৱ পালন কৰাৰ উপৰিও ঘৰে ঘৰে বন্তি প্ৰজ্বলন কৰে। নীৰৱে-নিতালে দীৰ্ঘকাল শুই থকা মৈদামসমূহ যেন আজি পুনৰ প্ৰাণ পাই উঠিছে।

Leave A Reply

Your email address will not be published.