মগজুৰ জটিল অষ্ট্ৰোপচাৰ, শাৰীৰিক বাধাগ্ৰস্ততাক নেওচি মাতৃ-আইতাকৰ মুখত হাঁহি বিৰিঙালে।

নগাঁও

জন্মৰ পূৰ্বেই নিষ্ঠুৰ নিয়তিয়ে কাঢ়ি নিছিল পিতৃক। জন্মৰ পৰাই নাছিল শ্ৰৱণ শক্তি। কিন্তু তথাপিও যেন আছিল জীৱন সংগ্ৰামত জয়ী হোৱাৰ দুৰ্বাৰ হেঁপাহ।  শ্ৰৱণ শক্তি অবিহনেই হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ সুখ্যাতিৰে উৰ্ত্তীণ হ’ল নগাঁও জিলাৰ পুৰণিগুদামৰ উপাংক্ষা গোস্বামী। বিধিৰ লিখনক প্ৰত্যাহ্বান জনাই দুৰ্ভগীয়া ছোৱালীজনীৰ  অৱশ্যে কন্যাৰ শ্ৰৱণশক্তি ঘূৰাই অনাৰ চেষ্টাৰে ২০০৮ চনত ৪বছৰ বয়সতে মাতৃ অৰ্পণা শৰ্মাই যথেষ্ট কষ্টৰে কক্লিয়াৰ ইমপ্লাণ্টৰ জৰিয়তে মগজুত সংস্থাপন কৰাইছিল শ্ৰৱণ যন্ত্ৰ। পৰৱৰ্তী পৰ্যায়ত সৰস্বতী বাকধ্বনি আৰু বিভিন্ন প্ৰচেষ্টাৰে  কিছু পৰিমাণে হ’লেও শ্ৰৱণ শক্তি সক্ৰিয় কৰি কথা  বুজিব পৰা অৱস্থা এটালৈ উপাংক্ষাক তেওঁৰ মাতৃয়ে প্ৰস্তুত কৰি তুলিছিল । কিন্তু ২০১৮ চনত পুনৰ মগজুৰ আন এক জটিল অষ্ট্ৰোপচাৰৰ জৰিয়তে উপাংক্ষাৰ মগজুৰ পৰা উক্ত যন্ত্ৰবিধ  বাহিৰ কৰি আনিব লগাত  পৰে। তাৰ পিছত নৱম আৰু দশম মান শ্ৰেণীত উপাংক্ষাই শিক্ষকে পঢ়োৱা কোনো কথাই বুজিব পৰা  নাছিল । তথাপিও মাতৃ অৰ্পণা শৰ্মা আৰু প্ৰণৱ কুমাৰ হাজৰিকা নামৰ এগৰাকী শুভাকাংক্ষীৰ  সহযোগত উপাংক্ষাই সম্পূৰ্ণ কৰিছিল পাঠ্যক্ৰমৰ সকলো বিষয়। ৰাজ্যিক কোষাগাৰ বিভাগৰ নগাঁৱৰ কৰ্মচাৰী প্ৰণৱ কুমাৰ হাজৰিকাই সাধাৰণ গণিত বিষয় বিনা পাৰিশ্ৰমিকৰে উপাংক্ষাক পঢ়ুওৱাৰ বিপৰীতে প্ৰাথমিক বিদ্যালয়ত শিক্ষয়ত্ৰী হিচাপে কৰ্মৰত মাতৃ অৰ্পণা শৰ্মাই আন সকলো বিষয়  পঢ়াইছিল।কালি  হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা হোৱাৰ লগে লগে উপাংক্ষাৰ সফলতাত তেওঁৰ মাতৃ আৰু আইতাকৰ মুখত হাঁহি বিৰিঙি উঠিল। ইপিনে শ্ৰৱণ শক্তি অবিহনে কিদৰে উচ্চ শিক্ষা সম্পূৰ্ণ কৰিব উপাংক্ষাই ? ইয়াকে লৈ তেওঁৰ মাতৃৰ মনত চিন্তাৰ উদ্বেগ হৈছে । জীৱন  জীনাৰ দুৰ্বাৰ হেঁপাহ থকা উপাংক্ষাৰ মনৰ ইচ্ছাক বুজি পাবনে ভৱিষ্যতৰ শিক্ষাগুৰু সকলে?  তথাপিও পৰিয়ালৰ লগতে শুভাকাংক্ষীৰ বিশ্বাস যে  হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দৰে আন আন পৰীক্ষা সমূহতো উপাংক্ষাই কৃতকাৰ্যতা দেখুৱাই আগুৱাই যাব জীৱন যুঁজত।

Related Articles