শ্ৰী শ্ৰী জগন্নাথ দেৱ নৰ্টন সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত গ্ৰীষ্মকালীন সত্ৰীয়া নৃত্য আৰু খোল বাদন কৰ্মশালাৰ সামৰণি

পশ্চিমীয়া সংস্কৃতিৰ পৰিবৰ্তে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অমৰ কলা সংস্কৃতি অটুট ৰাখিবলৈ ধিঙত শতাধিক কণ কণ লৰা ছোৱালী এতিয়া সত্ৰীয়া নৃত্য আৰু খোল বাদন প্ৰশিক্ষণত ব্যস্ত। ধিঙৰ এগৰাকী সু-সামাজিক, সাংস্কৃতিক ব্যক্তি দিগন্ত বৰাৰ নেতৃত্বত ২০০৫বৰ্ষতে শ্ৰী শ্ৰী জগন্নাথ দেৱ নৰ্টন সাংস্কৃতিক কেন্দ্ৰ স্থাপিত হৈছিল।

তাৰ পিছৰে পৰা ধাৰাবাহিক ভাৱে গুৰুজনাৰ অমৰ সৃষ্ট কলা সংস্কৃতি নৱপ্ৰজন্মৰ মাজত প্ৰভাৱ বিস্তাৰৰ বাবে সদায় কাম কৰি আহিছে সাংস্কৃতিক কেন্দ্ৰটোৰ বিষয়াসকলে।আনবাৰৰ দৰে এইবেলিও ১জুলাইৰ পৰা ১২জুলাইলৈকে আয়োজন কৰে সত্ৰীয়া নৃত্য আৰু খোল বাদনৰ গ্ৰীষ্মকালীন কৰ্মশালা।

কৰ্মশালা খনিত বিশ্বজিৎ মজুমদাৰে প্ৰশিক্ষণ প্ৰদান কৰে। শতাধিক কণমাণিয়ে কৰ্মশালা খনিত অংশগ্রহণ কৰি গুৰুজনাৰ অমৰ সৃষ্টি, ক’লা সংস্কৃতি প্ৰশিক্ষণ গ্ৰহণ কৰি বিশেষ ভাৱে শলাগ লয় সাংস্কৃতিক কেন্দ্ৰটোৰ পৰিচালক তথা সত্ৰীয়া সংস্কৃতিৰ সাধক দিগন্ত বৰা আৰু প্ৰশিক্ষকসকলক।

আনহাতে বুধবাৰে অনুষ্ঠিত হোৱা সামৰণি অনুষ্ঠানত উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক হেমেন দাস, শিক্ষাগুৰু জুনাৰাম নাধ আৰু কেইবাগৰাকিকৈ ধিঙৰ সামাজিক সাংস্কৃতিক ব্যক্তি।

নৱ প্ৰজন্ম তথা আমাৰ সমাজত যেন সদায় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ নীতি আদৰ্শ, কৃষ্টি-সংস্কৃতি বিৰাজমান হৈ থাকে সেইটোৱেই শ্ৰী জগন্নাথ দেৱ নৰ্টন সাংস্কৃতিক কেন্দ্ৰৰ মূলমন্ত্ৰ বুলি জানিবলৈ দিয়ে অনুষ্ঠানটিৰ মুখ্য পৰিচালক দিগন্ত বৰাই।

-ৰফিকুল ইছলাম, বৰছলা

Related Articles