অৱসৰপ্ৰাপ্ত শিক্ষক সমাজকৰ্মী বিদ্যুৎ চন্দ্ৰ দাসৰ অভিনন্দন গ্ৰন্থ “সূৰ্য্য স্মৰণ” উন্মোচন

তামুলপুৰ আঞ্চলিক শাখা সাহিত্য সভাৰ উদ্যোগত আৰু  পৰিয়াল বৰ্গৰ সহযোগত টেবিতোলা নিবাসী  অৱসৰপ্ৰাপ্ত শিক্ষক ,সমাজকৰ্মী বিদ্যুৎ চন্দ্ৰ  দাসৰ  এখন অভিনন্দন গ্ৰন্থ  অলপতে এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানৰ মাজত উন্মোচন কৰা হয় ৷ তদুপলক্ষে তামুলপুৰ আঞ্চলিক শাখা সাহিত্য সভাৰ সভাপতি মদন মোহন শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা অভিনন্দন গ্ৰন্থ উন্মোচনী  সভাত আদৰণি ভাষন পাঠ কৰে পৰিয়ালৰ সদস্য বশিষ্ঠ ৰাজবংশী য়ে ৷ অভিনন্দন গ্ৰন্থ উন্মোচনী অনুষ্ঠানৰ পূৰ্বে অৱসৰপ্ৰাপ্ত শিক্ষক সমাজকৰ্মী বিদ্যুৎ চন্দ্ৰ দাসক  মঞ্চলৈ আদৰি আনি সহধৰ্মিনীৰ সতে তামুলপুৰ আঞ্চলিক শাখা সাহিত্য সভাকে ধৰি  তামুলপুৰ আঞ্চলিক  শংকৰদেৱৰ সংঘ স্থানীয় প্ৰথমিক সমিতি নলবাৰী সাহিত্য সমাজ আদিৰ উপৰিও শুভাকাংক্ষী, সহকৰ্মী   আৰু বিভিন্ন দল সংগঠনে ফুলাম গামোচা, শৰাই ,মানপত্ৰ আদিৰে সম্বৰ্ধনা জনায় ৷ ডুলুজিৎ দাসে আঁত ধৰা সভাখনত  অভিনন্দন গ্ৰন্থখন উন্মোচন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাষা আৰু সাহিত্য  অধ্যয়ন বিভাগৰ মূৰব্বী অধ্যাপক ড° মুকুল চক্ৰবৰ্ত্তীয়ে ৷ ” সূৰ্য্য স্মৰণ” নামৰ অভিনন্দন গ্ৰন্থখন আনুষ্ঠানিক ভাৱে উন্মোচন কৰি। ডঃ চক্ৰৱৰ্তীয়ে এগৰাকী ব্যক্তিৰ জীৱিত কালত অভিনন্দন গ্ৰন্হ প্ৰকাশ কৰাটো সাম্প্ৰতিক সময়ত এক শুভ লক্ষণ বুলি কোৱাৰ লগতে বৰ্তমান সময়ত এনে অভিনন্দন গ্ৰন্থৰ পৰিকল্পনা নিতান্তই প্ৰশংসনীয় বুলি দোহাৰে । ”  সূৰ্য্য স্মৰণ” অভিনন্দন গ্ৰন্থ খনৰ জৰিয়তে টেবিটোলা অঞ্চলৰ  সামগ্ৰিক পৰিবেশ বিৰাজ কৰা বুলিও তেওঁ প্ৰকাশ কৰে  ৷ আনহাতে ”  সূৰ্য্য স্মৰণ ” অভিনন্দন গ্ৰন্থ খনৰ জৰিয়তে বিদ্যুৎ চন্দ্ৰ দাসৰ কৰ্মৰাজিৰ যি গুণানুকীৰ্তন কৰা হৈছে তাৰ কাৰণে  তামুলপুৰ সাহিত্য সভাক লৈ তেওঁ গৌৰৱ বোধ কৰা বুলিও প্ৰকাশ কৰে। শান্তি সাধনা আশ্ৰমৰ বিশিষ্ট সমাজকৰ্মী চিন্তাবিদ  হেম ভাইয়ে কয় যে তামুলপুৰ আঞ্চলিক শাখা সাহিত্য সভাই অত্যন্ত উপযোগী এটা ভাল কাম কৰিলে –  যোগ্যজনক যোগ্য ধৰণেৰে সন্মান দিবলৈ ব্যৱস্থা কৰিলে । অৱসৰপ্ৰাপ্ত শিক্ষক সমাজকৰ্মী শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ ভকত বিদ্যুৎ চন্দ্ৰ দাসৰ কৰ্মৰাজিক গ্ৰন্থৰ মাজেৰে সমাজখনক এক নতুন গতি দিব বুলি তেওঁ আশা  প্ৰকাশ কৰে ৷  সভাত সাহিত্যিক  গোপাল জালানে বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকি  কয় যে  তামুলপুৰত আজিৰে পৰা  অন্য এক পৰম্পৰা আৰম্ভ হ’ল ৷ এগৰাকী বিশিষ্ট লোকৰ জীৱিত কালত এনে এখন অভিনন্দন গ্ৰন্থ প্ৰকাশ কৰাটো এটি মহৎ  কাম হৈছে  ৷ গ্ৰন্থখনৰ মাজেৰে বিদ্যুৎ  চন্দ্ৰ  আদৰ্শ আৰু প্ৰতিভাক অঞ্চলটোৰ নৱ প্ৰজন্মক  ধৰি ৰাখিবলৈও  তেওঁ আহ্বান জনায় ৷ সভাত অৱসৰপ্ৰাপ্ত শিক্ষক সমাজকৰ্মী গৰাকীৰ জোৱাই ব্ৰজেন্দ্ৰ নাথ ডেকাইও বক্তব্য আগবঢ়ায় ৷ শেষত সভাপতিৰ আসনৰ পৰা মদন মোহন শৰ্মাই বক্তব্য ৰাখি গ্ৰন্থ উন্মোচনী সভা খন ৰ সামৰণি পেলায় ৷ উল্লেখযোগ্য যে শিশু শিল্পী নিয়ৰকণা দাসে এটি সুমধুৰ বৰগীত পৰিৱেশন কৰি অনুষ্ঠান টোক এক অনন্য মাত্ৰা প্ৰদান কৰে। অভিনন্দন গ্ৰন্থখনৰ  উন্মোচনী সভাত তামুলপুৰ শাখা সাহিত্য সভাৰ সম্পাদক গণেশ ৰাভা প্ৰমুখ্যে সদস্য সকল , গাঁৱবাসী, পৰিয়াল আত্মীয় – স্বজন উপস্থিত থাকি গ্ৰন্থ উন্মোচনী সভাখন সফল কৰি তোলাত সমাজকৰ্মী বিদ্যুৎ চন্দ্ৰ দাসৰ বৰপুত্ৰ ডা° গৌতম কুমাৰ দাসে পৰিয়ালৰ হৈ ধন্যবাদ জ্ঞাপন কৰে ৷

Related Articles