Breaking

টিম ইণ্ডিয়াক অভিনন্দন, স্বামী বিৰাট কোহলীৰ বাবে বিশেষ বাৰ্তা পত্নী অনুষ্কা শৰ্মাৰ!

0 36

২৯ জুনত বাৰ্বাডোছত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হৈছিল ফাইনেল। য’ত ভাৰতে আফ্ৰিকাক ৭ ৰাণত পৰাস্ত কৰি ট্ৰফী লাভ কৰে।বলীউডৰ উত্তেজনা স্তব্ধ হোৱা নাই টিম ইণ্ডিয়াৰ জয়ত, য’ত এফালে সকলো চেলিব্ৰিটিয়ে অভিনন্দন জনাইছে। আনহাতে, অভিনেত্ৰী অনুষ্কা শৰ্মাই স্বামী বিৰাট কোহলীৰ বাবে লিখিছে বিশেষ টোকা। আহকচোন, অনুষ্কাই বিৰাটৰ বাবে কি লিখিছে চাওঁ…

টি-২০ত ভাৰতৰ জয়ৰ পাছত অনুষ্কা শৰ্মাই নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত দুটাকৈ পোষ্ট কৰিছে। ইয়াৰে এটাত অভিনেত্ৰীগৰাকীয়ে টিম ইণ্ডিয়াক অভিনন্দন জনাইছে। গতিকে দ্বিতীয়টোত অভিনেত্ৰীগৰাকীয়ে স্বামী বিৰাটৰ বাবে এটা বিশেষ টোকা লিখিছে। অনুষ্কাই দ্বিতীয়টো পোষ্টত বিৰাটৰ বাবে লিখিছে – AND ….. I love this man ❤️ VIRAT KOHLI . So grateful to call you my home ❤️ – now go have a glass of sparkling water for me to celebrate this ! বিৰাট কোহলীৰ বাবে অনুষ্কা শৰ্মাৰ এই মৰমলগা আৰু বিশেষ পোষ্টটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ আছে।

Leave A Reply