Breaking

নলবাৰীত COVID-19 ৰ বিৰুদ্ধে যুজ দিয়া ডাক্টৰ, নাৰ্ছ, টেকনেচিয়ান আৰু চাফাই কৰ্মীক সম্বৰ্ধনা

0 35

দৈনন্দিন বাৰ্তাৰ সেৱা, নলবাৰী

সমগ্ৰ বিশ্বতে কৰণা ভাইৰাচৰ সন্ত্ৰাস অব্যাহত আছে । এনে সময়তে জনসাধাৰণক এই কৰ’ণা ভাইৰাচৰ মহামাৰীৰ পৰা বচাবলৈ চিকিৎসক তথা চিকিৎসা কৰ্মী সকলে দিন ৰাতি এক কৰি সত্য আৰু নিষ্ঠাৰে নিজৰ কৰ্তব্য পালন কৰি আছে ।  দেশত কৰ’ণা মহামাৰীৰ আগশাৰীৰ যোদ্ধা ডাক্টৰ আৰু নাৰ্ছৰ লগতে চিকিৎসা খণ্ডত জড়িত সকলক কৰ’ণা ৰোগীক একেৰাহে ৭ দিন সূশ্ৰষা কৰি কোৱাৰেন্টিনত যোৱাৰ  যি ব্যৱস্থা অসম চৰকাৰৰ সেই ব্যৱস্থা অনুসৰি নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ ডক্টৰ আৰু নাৰ্ছ সকলৰ লগতে অনন্য কৰ্মচাৰী সকলো ৭দিন কোৱাৰেন্টিনলৈ যায় ৷ আজি  কোৱাৰেন্টিনৰ অন্তত হস্পিতাল  প্ৰাঙ্গণত এনেধৰণে সম্বৰ্ধনা জনায় ৷ আজি এই সম্বৰ্ধনাৰ পিছত এই সকল লোকক দুদিন ঘৰলৈ যোৱাৰ পৰামৰ্শ দিছিল যদিও একাংশই আজিয়েই কৰ্তব্যত যোগদান কৰাৰ কথা উল্লেখ কৰে ৷উল্লেখ্য যে নলবাৰী এই হস্পিতাল খনত জিলাখনৰ কেইবাজনো COVID-19 আক্ৰান্ত লোক এতিয়াও চিকিৎসাধীন হৈ আছে যদিও বৰ্তমান তেওঁলোকৰ স্বাস্থ্য সুস্থ হৈ আছে ৷

Leave A Reply

Your email address will not be published.