Breaking

ডিমৌ কোঁৱৰ গাঁৱৰ যুৱ সমাজৰ উদ্যোগত কৃতী ছাত্র-ছাত্ৰীক অভিনন্দন, ডক্টৰেট ডিগ্রী লাভ কৰা ড০ দীপশিখা কোঁৱৰ; ড০ বিকাশ ৰঞ্জন কোঁৱৰক সম্বৰ্ধনা…

0 18

ডিমৌ কোঁৱৰ গাঁৱৰ যুৱ সমাজৰ উদ্যোগত ডিমৌ কোঁৱৰ দিহিঙীয়া প্ৰাথমিক বিদ্যালয়ত অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক উপেন কোঁৱৰৰ সভাপতিত্বত এক বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হৈ যায়। ডিমৌ কোঁৱৰ গাঁৱৰ যুৱ সমাজৰ উদ্যোগত আয়োজিত উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ গাঁৱৰ লগতে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনা প্ৰায় ১৭ গৰাকী কীৰ্তি ছাত্র-ছাত্ৰীক ফুলাম গামোচা অভিনন্দন পত্ৰৰে অভিনন্দন জনোৱা হয়। আনহাতে এই গাঁৱৰে ছাত্রই অলপতে ডক্টৰেট ডিগ্রী লাভ কৰা ড০ দীপশিখা কোঁৱৰ আৰু ড০ বিকাশ ৰঞ্জন কোঁৱৰকো এই অভিনন্দন অনুষ্ঠান গাঁৱৰ যুৱ সমাজৰ তৰফৰ পৰা সম্বৰ্দ্ধনা জনোৱা হয়।আচাৰ্য গৌতম কোঁৱৰে আঁত ধৰা এই অভিনন্দন অনুষ্ঠানৰ উদেশ্য ব্যাখ্যা কৰে অৱসৰপ্ৰাপ্ত বাগিচা পৰিচালক ফটিক কোঁৱৰে। অনুষ্ঠান উপস্থিত থাকি ধেমাজিৰ বোৱাৰী তথা কোঁৱৰ গাঁৱৰ জীয়াৰী ড০ দীপশিখা কোঁৱৰে জন্ম গ্রহণ কৰা গাঁওখনৰ ৰাইজে নিমন্ত্রণ কৰি সম্বৰ্দ্ধনা জনোৱাত আৱেগিক হৈ পৰে।

অভিনন্দন অনুষ্ঠানত উপস্থিত কীৰ্তি ছাত্র-ছাত্ৰী সকলৰ আগন্তুক শিক্ষা জীৱনত সুবিধা হোৱাকৈ বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে ড০ বিকাশ ৰজ্ঞন কোঁৱৰ, সৰ্বভাৰতীয় শিক্ষক সন্থাৰ সদস্য দীপাংকৰ কোঁৱৰ লগতে সাংবাদিক উমেশ চেতিয়া, পদ্মালাহন চেতিয়া, বিউটি কোঁৱৰে। অনুষ্ঠান উপস্থিত থাকে গাঁৱৰ জেষ্ঠ নাগৰিক ৰবিন চেতিয়া, ক্ষেত্র কোঁৱৰ, অৱসৰপ্ৰাপ্ত শিক্ষক ব্ৰজেন কোঁৱৰ, অতুল কোঁৱৰ, অৱসৰপ্ৰাপ্ত বিজ্ঞান শিক্ষক নিৰজ্ঞন কোঁৱৰ, সাংবাদিক যুগল শৰ্মাই ছাত্র-ছাত্ৰী সকলক অভিনন্দন জনায়।অভিনন্দন গ্রহণ কৰি কীৰ্তি ছাত্র-ছাত্ৰী সকলে গীত মাত প্ৰদৰ্শন কৰা লগতে নিজৰ নিজৰ প্ৰতিভা সমুহ ৰাইজৰ আগত প্ৰদৰ্শন কৰে।

Leave A Reply

Your email address will not be published.