Breaking

তিতাবৰৰ মোহনাটিঙত অসম গঞ্জু সমাজৰ কৃতী ছাত্ৰ-ছাত্ৰীক অভিনন্দন…

0 10

তিতাবৰৰ মোহনাটিং নিম্ন বুনিয়াদী বিদ্যালয় প্ৰাঙ্গনত দেওবাৰে কৃতী ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জ্ঞাপন কৰে অসম গঞ্জু সমাজৰ তিতাবৰ আঞ্চলিক সমিতিয়ে। পুৱা পৰিৱেশ নিকাকৰণ, অসম গঞ্জু সমাজৰ তিতাবৰ আঞ্চলিক সমিতিৰ সভাপতি বিনেশ গঞ্জুৱে পতাকা উত্তোলন, সম্পাদক দেউৰাম গঞ্জুৱে স্মৃতি তৰ্পণ, স্থানীয় নাগৰিক কৃষ্ট গঞ্জু, কাশীনাথ গঞ্জু, অৰুণ গঞ্জুৱে গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ন কৰাৰ পাছত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়।

দুপৰীয়া গঞ্জু সমাজৰ তিতাবৰ আঞ্চলিক সমিতিৰ সভাপতি বিনেশ গঞ্জুৰ সভাপতিত্বত আৰু যোৰহাট জিলা সমিতিৰ সভাপতি ৰাজেন গঞ্জুৱে উদ্বোধন কৰা সভাত ‘দৈনন্দিন বাৰ্তা’ আৰু ‘ডিবি নিউজ’ৰ তিতাবৰৰ সাংবাদিক প্ৰসেনজিৎ ৰাজখোৱা, ধুবুনী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা অসম গঞ্জু সমাজৰ যোৰহাট জিলা সমিতিৰ উপদেষ্টা লিলম চন্দ্ৰ গঞ্জু, মোহনাটিং হাইস্কুলৰ শিক্ষক দিগন্ত হাজৰিকাই বিশিষ্ট অতিথিৰূপে ভাষণ প্ৰদান কৰে।অসম গঞ্জু সমাজৰ মোহনাটিঙৰ গাঁওবুঢ়া মৃদুল গঞ্জু, কুহুম চাহ বাগিচাৰ গাঁওবুঢ়া লবো গঞ্জু, পানবাৰী চাহ বাগিচাৰ গাঁওবুঢ়া নকুল গঞ্জু, ম’হবন্ধাৰ গাঁওবুঢ়া ভাইয়ো গঞ্জু, যোৰহাট জিলা সমিতিৰ সভানেত্ৰী চুকুমণি গঞ্জু আদি তিতাবৰ আঞ্চলিক, যোৰহাট জিলা আৰু কেন্দ্ৰীয় সমিতিৰ নেতৃবৃন্দই অংশগ্ৰহণ কৰাৰ লগতে সাংস্কৃতিক অনুষ্ঠানেৰে জীপাল কৰা অনুষ্ঠানত উচ্চ-উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ গঞ্জু সমাজৰ তিতাবৰ আঞ্চলিক সমিতিৰ অন্তৰ্গত কৃতী ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জ্ঞাপন কৰে।

Leave A Reply