১৯ ফেব্ৰুৱাৰী, ২০২৫ঃ । APSC । মঙলবাৰে এখন সংবাদমেল সম্বোধন কৰি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কংগ্ৰেছ দলৰ বিৰুদ্ধে তীব্ৰ আক্রমণ চলাই প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈক “দুৰ্নীতিৰ কিংপিন” বুলি অভিহিত কৰে। তেওঁ দাবী কৰে যে ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) বি কে শৰ্মা আয়োগৰ প্ৰতিবেদন কংগ্ৰেছ শাসনকালত হোৱা ব্যাপক দুৰ্নীতি উদঙাই দিছে।
বিজেপি সভাপতিগৰাকীয়ে মন্তব্য কৰে, “কংগ্ৰেছ আৰু দুৰ্নীতি একেটা মুদ্ৰাৰ ইফাল সিফাল। তৰুণ গগৈৰ নেতৃত্বত সংঘটিত দুৰ্নীতিয়ে এটা প্ৰজন্মৰ ছাত্ৰ-ছাত্ৰীয়ে সুযোগ হেৰুৱাই পেলাবলৈ বাধ্য কৰিছিল।” তেওঁ লগতে দাবী জনায় যে কংগ্ৰেছ দলটোৱে শ্বেতপত্ৰ প্রকাশ কৰি ৰাইজৰ প্ৰশ্নৰ উত্তৰ দিব লাগে।
দিলীপ শইকীয়াই চৰকাৰক আহ্বান জনাই প্ৰতিবেদনত নাম উল্লেখ হোৱা সকলো অভিযুক্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ।
APSCৰ ২০১৩ আৰু ২০১৪ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা (CCE) পৰিচালনাত সংঘটিত অনিয়ম তদন্ত কৰা ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) বি কে শৰ্মা আয়োগৰ প্ৰতিবেদন সোমবাৰে বিধানসভাত দাখিল কৰা হয় । প্রতিবেদনত APSCৰ প্রাক্তন অধ্যক্ষ ৰাকেশ পালৰ নাম ‘মাষ্টাৰ্মাণ্ড’ হিচাপে উল্লেখ কৰা হৈছে । লগতে তৰুণ গগৈৰ কার্যকালত দুৰ্নীতিগ্ৰস্ত বিষয়াজনক নিযুক্তি প্রক্রিয়াক লৈয়ো প্রশ্ন উত্থাপন হৈছে ৷ এই সমগ্ৰ কেলেংকাৰীটোত জড়িত থকা অপৰাধত এতিয়ালৈকে ৭০ জনৰো অধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছে।