কংগ্ৰেছে সাম্প্ৰদায়িক বিষবাস্প চতিয়াই ভোট বেংকৰ ৰাজনীতি কৰেঃ ভবেশ কলিতা

” কংগ্ৰেছে সাম্প্ৰদায়িক বিজ চতিয়াই ভোট বেংকৰ ৰাজনীতি কৰে। কংগ্ৰেছ দলে দেশৰ উন্নয়নৰ কথা কেতিয়াও চিন্তা নকৰে।”  আজি গোৱালপাৰাৰ লক্ষীপুৰত বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাই  লক্ষীপুৰত  পৌৰ সভাৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি ভাষন প্ৰসঙ্গত এনেদৰে কয় । উল্লেখ্য যে  দহটা ৱাৰ্ডেৰে গঠিত লক্ষীপুৰ পৌৰ সভাৰ নিৰ্বাচনত বি জে পিয়ে ইতিমধ্যে দহটা ৱাৰ্ডতে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে । দলীয় সভাপতি গৰাকীয়ে আজি নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি লক্ষীপুৰ পৌৰ সভাৰ দহটা ৱাৰ্ডতে বিজেপিয়ে জয়লাভ কৰিব বুলি কোৱাৰ লগতে লক্ষীপুৰ নগৰ খনৰ বাট ঘাট  উন্নতি কৰা , লক্ষীপুৰত আটকধুনীয়া ষ্টেডিয়াম নিৰ্মাণ কৰা, লক্ষীপুৰ নগৰ খন  আটক ধুনীয়াকৈ সজাই তোলাৰ প্ৰতিশ্ৰুতি দি  বিজেপিক ভোট দিবলৈ ভোটাৰ ৰাইজক আহ্বান জনায় ।

তেওঁ পুনৰ কয় “হাতী ওলালেই হাল্লা চিল্লা হয় । হাতী ৰাইজৰ অনিষ্ট কৰে । গতিকে হাতীক পাহাৰলৈ খেদি পঠিয়াই দিব লাগিব । ” দলীয় ৰাজ্যিক সভাপতি গৰাকীয়ে লক্ষীপুৰৰ ইটাখুলি আৰু খাখলামাৰীত  আয়োজন কৰা দুখন দলীয় নিৰ্বাচনী সভাত অংশগ্ৰহন কৰে । সভাত বিজেপিৰ গোৱালপাৰা জিলা সভাপতি হিমাদ্ৰী দাস , গোৱালপাৰা নগৰৰ নিৰ্বাচনৰ দায়িত্বত থকা নাৰায়ণ ডেকা , ৰাজ্যিক সম্পাদিকা টুটুমনি দৈমাৰী , প্ৰভাৰী শিৱনাথ ব্ৰহ্ম , সুধিৰ ৰায়,  অঞ্জুলিমা ব্ৰহ্ম , ৰাজেশ প্ৰসাদ গুপ্তা, লক্ষীপুৰ উন্নয়নৰ গুৰি ধৰোতা বিজেপি নেতা প্ৰকাশ কাশ্যপকে ধৰি ভালেমান নেতাই ভাষন ৰাখে।

Related Articles