Breaking

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক স্মৰণ কংগ্ৰেছ নেতা কৰ্মীৰ, তেজপুৰ ৰাজীৱ ভৱনত শ্ৰদ্ধাঞ্জলি…

0 63

তেজপুৰ ৰাজীৱ ভৱনত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান।

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক স্মৰণ কংগ্ৰেছ নেতা-কৰ্মী সকলৰ।

বুধবাৰে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ জন্মজয়ন্তী।

বুধবাৰৰ দিনটোতে ১৯৩৬ চনত অভিবক্ত শিৱসাগৰ জিলাত জন্ম গ্ৰহণ কৰিছিল অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে।

ভাৰত চৰকাৰৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী, অসমৰ তিনিবাৰকৈ মুখ্যমন্ত্ৰী হোৱা আজি তৰুণ গগৈ দেৱৰ ৮৯ তম জন্মজয়ন্তী।

সমগ্ৰ অসমতে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ লগতে  প্ৰয়াত তৰুণ গগৈৰ গুণমুগ্ধ সকলে তেখেতৰ জন্মজয়ন্তী উদযাপন কৰি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে।

সমগ্ৰ অসমৰ লগতে তেজপুৰ ৰাজীৱ ভৱন তথা শোণিতপুৰ জিলা কংগ্ৰেছ কমিটিৰ কাৰ্যালয়ত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী পদ্মভূষণ প্ৰয়াত তৰুণ গগৈৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয়।

উক্ত অনুষ্ঠানত শোণিতপুৰ জিলা কংগ্ৰেছ কমিটি আৰু তেজপুৰ পৌৰ ব্লক আৰু গাভৰু ব্লক কংগ্ৰেছ কমিটিৰ বিভিন্ন পৰ্যায়ৰ নেতা কৰ্মী উপস্থিত থাকি প্ৰয়াত তৰুণ গগৈৰ প্ৰতিচ্ছবিত পুস্পাঞ্জলি অৰ্পন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।

Leave A Reply

Your email address will not be published.