Breaking

মাণিকপুৰত বদৰুদ্দিন আজমলক উভতি ধৰিলে কংগ্ৰেছী বিধায়ক আব্দুল বাতিন খন্দকাৰে

0 1,565

অভয়াপুৰী উত্তৰ সমষ্টিৰ কংগ্ৰেছী বিধায়ক আব্দুল বাতিন খন্দকাৰে সাংসদ বদৰুদ্দিন আজমলক পাগল আখ্যা দিয়ে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভুপেন বৰাক সাংসদ বদৰুদ্দিন আজমলে পাগল আখ্যা দিয়াৰ পিছতেই বদৰুদ্দিন আজমলক প্ৰত্যুত্তৰ দিয়ে বিধায়ক জনে। কোৰবানি সম্পৰ্কে বিধায়ক আব্দুল বাতিন খন্দকাৰে গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

আইনত কোৰবানি সম্পৰ্কে যেনেকৈ আছে সেইদৰে কোৰবানি দিবলৈ আহ্বান জনায়। মাণিকপুৰ ব্লক কংগ্ৰেছৰ কাৰ্যনিৰ্বাহক সভা তথা শপত গ্ৰহন অনুষ্ঠানত উপস্থিত থাকি এইদৰে কয় বিধায়কজনে। মাণিকপুৰ ৰাজীৱ ভৱনত মাণিকপুৰ ব্লক কংগ্ৰেছৰ প্ৰথম কাৰ্যনিৰ্বাহক সভা তথা শপত গ্ৰহন অনুষ্ঠান অনুষ্ঠিত হয়। শপত গ্ৰহন অনুষ্ঠানত ৮১ গৰাকী ব্লক কংগ্ৰেছৰ সদস্যক শপতবাক্য পাঠ কৰায় ব্লক কংগ্ৰেছৰ সভানেত্ৰী অনুৰূপা ৰাজবংশীয়ে।

মাণিকপুৰৰ পৰা মফিদুল ইছলামৰ প্ৰতিবেদন

Leave A Reply

Your email address will not be published.