গোৱালপাৰা পৌৰসভা নিৰ্বাচনলৈ মাজত মাথো দুটা দিন বাকী। ৰাজ্যখনৰ অন্য নগৰৰ দৰে গোৱালপাৰা পৌৰসভাতো বিভিন্ন ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ হৈ উঠিছে। ব্যতিক্ৰম নহয় চহৰ খনৰ ভিতৰত ১৪ নং ৱাৰ্ডৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী নবীউল কৰিমো। ৱাৰ্ড টোৰ সহস্ৰাধিক সমৰ্থকৰ লগতে গোৱালপাৰা পুব সমষ্টিৰ বিধায়ক এ কে ৰশিদ আলমে চলালে নিৰ্বাচনী প্ৰচাৰ।চহৰ খনৰ ১৯টা ৱাৰ্ডৰ চুকে কোনে সৰু বৰ সভা অনুষ্ঠিত কৰি দুৰ্নীতি ভ্ৰষ্টাচাৰ প্ৰত্যাখ্যান কৰি এই পৌৰসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী নবীউল কৰিমক হাতৰ ছবিত ভোট দি জয়যুক্ত কৰিবলৈ আহ্বান জনায় বিধায়ক ৰশিদ আলমে।
আজি নিৰ্বাচনী প্ৰচাৰৰ বাবে গোৱালপাৰা চহৰৰ কিচমত পুৰত এখনি নিৰ্বাচনী সভা অনুষ্ঠিত বিগত কাৰ্যকালত যি দুৰ্নীতি ভ্ৰষ্টাচাৰ বিৰুদ্ধে অধিক কঠোৰ হ’বলৈ আহ্বান জনায় নেতা গৰাকীয়ে।ভাষণ প্ৰসংগত বিধায়ক ৰশিদ আলমে কয় যে বিগত ১৫ বছৰ ধৰি প্ৰাক্তন ৱাৰ্ড সদস্য গৰাকীয়ে যিমান দুৰ্নীতি কৰিছে তাৰ প্ৰত্যেকটো হিচাপ দিব লাগিব।সভা অন্তত উক্ত অঞ্চলটোৰ ৰাইজে প্ৰাৰ্থী গৰাকীক অঞ্চলটোৰ কিছু অভাৱ প্ৰত্যক্ষ কৰিবলৈ অনুৰোধ জনোৱাত প্ৰাৰ্থী গৰাকীয়ে আশ্বাস প্ৰদান কৰে।