পশ্চিম গুৱাহাটীত কাৰ ভাগ্যত কংগ্ৰেছৰ টিকট : উৎকণ্ঠাত দলীয় কর্মী – সমৰ্থক

বিধানসভাৰ নিৰ্বাচনলৈ মাজতে কেইটামান দিন বাকী থকা অৱস্থাত ৰাজ্যৰ আন সমষ্টিৰ দৰে ৫৪ নং পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিটো নিৰ্বাচনী বতাহ বলা পৰিলক্ষিত হৈছে। পশ্চিম গুৱাহাটীত তৃতীয় তথাশেষ পৰ্যায়ত অহা ৬ এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হ’ব। ইতিমধ্যে বহু বাদ-বিসম্বাদৰ অন্তত অগপ-বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে বৰ্তমানৰ অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ টিকট প্ৰায় নিশ্চিত হোৱাৰ পাছত সকলোৰে দৃষ্টি নিবদ্ধ হৈছে কংগ্ৰেছ- এ.আই.ইউ.ডি এফৰ মহাজোঁটৰ প্ৰাৰ্থী কোন হব। জানিব পৰা মতে সমষ্টিটোত কংগ্ৰেছ দলে প্ৰতিদ্বন্দীতা আগবঢ়াব। কংগ্ৰেছ দলৰ হৈ টিকটৰ বাবে মুঠ ১০ জন প্ৰাৰ্থীয়ে আৱেদন কৰিছে। তেওঁলোক হল ক্ৰমে – প্ৰাক্তন সাংসদ দ্বিজেন শৰ্মা , জনজাতি কোষৰ নেতা তথা বিশিষ্ট সমাজ সংগঠক লক্ষণ ৰাভা , সঙ্গীতকাৰ বাবু ওৰফে কুমুদ বৰুৱা , ৰমেন বৰঠাকুৰ , দেৱ কুমাৰ বৰ্মন , বনদীপ দত্ত , নৱ কুমাৰ ডেকা , ৰাজা দাস , ৰতন বড়ো আৰু অভিজিৎ মজুমদাৰ । উল্লেখযোগ্য যে বিগত ২০১৬ চনত প্রথমবাৰৰ বাবে প্ৰতিদ্বন্দিতা কৰা আৰু বৰ্তমানৰ গুৱাহাটী জিলা কংগ্ৰেছ কমিটিৰ সভাপতি ড০ জুৰি শৰ্মা বৰদলৈয়ে এইবেলি টিকটৰ বাবে আবেদন কৰা নাই । বিগত নিৰ্বাচনত ড০ বৰদলৈয়ে প্ৰায় ৪৩ হাজাৰ ভোট লাভ কৰাৰ বিপৰীতে মিত্ৰজোঁটৰ হৈ অগপৰ বিজয়ী প্ৰাৰ্থী ৰমেন্দ্ৰ নাৰায়ণ কলিতাই লাভ কৰিছিল প্ৰায় ১.৩৩ লাখ হাজাৰ ভোট । তেনেদৰে কংগ্ৰেছৰ টিকটৰ পৰা বঞ্চিত হৈ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দীতা কৰা সমষ্টিটোৰ দুবাৰৰ প্ৰাক্তন বিধায়ক হেমন্ত তালুকদাৰে লাভ কৰিছিল প্ৰায় চাৰে ১২ হাজাৰ ভোট । ইফালে মনোনয়ন পত্ৰ দাখিলৰ বাবে মাজতে মাত্ৰ চাৰিদিনমান বাকী থকা অৱস্থাত এতিয়ালৈ কংগ্ৰেছ দলে দলীয় প্ৰাৰ্থীৰ নাম ঘোষণা নকৰাত দলটোৰ সাধাৰণ কর্মী-সমৰ্থকটো বাদেই প্ৰাৰ্থীত্ব প্ৰত্যাশী সকলোৰ মাজতো উৎকণ্ঠা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে । আনকি ইয়াৰ কেবাজনও টিকট লাভৰ আশাত দলৰ কেবাজনো ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ নেতাৰ সৈতে অহৰহ যোগাযোগ ৰক্ষা কৰি আছে । ইফালে সমষ্টিটোৰ  কংগ্ৰেছ দলৰ একাংশ নেতা-কৰ্মীয়ে অভিযোগ কৰা অনুসৰি আবেদনকাৰী সকলৰ কেবাজনো প্ৰাৰ্থীক এতিয়ালৈকে কর্মী সকলে দেখা পোৱাটো দুৰৰে কথা তেওঁলোকক চিনিয়ে নাপায় । আনকি সমষ্টিটোৰ ভৌগোলিক পৰিসীমাৰ বিষয়েও জ্ঞাত নহয় কেবাজনো প্ৰাৰ্থী । যাৰ বাবে মিত্ৰজোঁটৰ সম্ভাব্য প্ৰাৰ্থী অগপৰ ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ সৈতে মূল প্ৰতিদ্বন্দীতালৈ দলৰ প্ৰাৰ্থী আহে নে নাহে তালৈ সন্দেহ ব্যক্ত কৰিছে দলৰ বহু কৰ্মীয়ে । কিয়নো কংগ্ৰেছ দলে প্ৰাৰ্থী নিৰ্বাচনক লৈ দোধোৰ মোধোৰ অৱস্থাত থকাৰ সময়তে অগপৰ ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ১০ মাৰ্চত ধাৰাপুৰত বিশাল দলীয় সভা অনুষ্ঠিত কৰি নিৰ্বাচনী গীত পৰ্যন্ত মুকলি কৰিছে । ৰাজনৈতিক পৰ্যবেক্ষক সকলৰ মতে সমষ্টিটোৰ জনগাঁথনি অনুসৰি অগপ আৰু বিজেপি দলৰ মাজত ভোট বিভাজন নহলে কোনোপধ্যেই কংগ্ৰেছ দলৰ প্ৰাৰ্থী বিজয়ী হব নোৱাৰে । সমষ্টিটোত ১৯৮৫ চনৰ পৰা মুঠ সাতবাৰ প্ৰতিদ্বন্দীতা কৰি একেৰাহে তিনিবাৰসহ মুঠ  পাঁচবাৰ বিধায়ক হৈছে অগপৰ ৰমেন্দ্ৰ নাৰায়ণ কলিতা । দুবাৰ অগপ চৰকাৰ থকাৰ সময়ত তেওঁ দুবাৰকৈ মন্ত্ৰী পদো অলংকৃত কৰিছে ।  দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ দি সাধাৰণ ৰাইজৰ সমাদৰ লাভ কৰা ৰমেন্দ্ৰ নাৰায়ণ কলিতাক মহাজোতে প্ৰত্যাহ্বান জনাব পাৰে নে নোৱাৰে সেয়া ভোটগণনাৰ অন্তত হে নিশ্চিত হব বুলি ৰাজনৈতিক পৰ্যবেক্ষক সকলে মত ব্যক্ত কৰিছে ।

Related Articles