Breaking

ৰাহুল গান্ধীক বিৰোধী দলৰ নেতা হিচাবে প্ৰস্তাৱ গৃহীত কৰিলে কংগ্ৰেছৰ কাৰ্যকৰী সমিতিয়ে…

0 14

শনিবাৰে দিল্লীত অনুষ্ঠিত কংগ্ৰেছ ৱৰ্কিং কমিটীৰ বৈঠকত ৰাহুলক বিৰোধী দলপতিৰ দায়িত্ব ল’বলৈ প্ৰস্তাৱ গৃহীত কৰা হয়। একে সময়তে ছোনিয়া গান্ধীক দলৰ সংসদীয় দলৰ নেতৃত্ব দিবলৈ প্ৰস্তাৱ গৃহীত কৰা হয় ।উল্লেখ্য ১০ বছৰৰ পাছত দেশে লাভ কৰিব বিৰোধী দলৰ নেতা । সেই পদৰ বাবে কংগ্ৰেছে বিচাৰিছে ৰাহুল গান্ধীকেই। বিৰোধী দলৰ নেতাৰ পদ পাবলৈ হ’লে কোনো দলে লোকসভাৰ মুঠ আসনৰ ১০ শতাংশ আসন পাব লাগে। অৰ্থাৎ ইয়াৰ বাবে ৫৫ গৰাকী সাংসদৰ প্ৰয়োজন। ২০১৪ আৰু ২০১৯ চনত কংগ্ৰেছে উক্ত নূন্যতম সংখ্যা লাভ কৰিব পৰা নাছিল।

এইবাৰ পৰিস্থিতি বেলেগ। এইবাৰ কংগ্ৰেছত আছে ৯৯ গৰাকী সাংসদ। ইণ্ডিয়া মিত্ৰজোঁটৰ অংশীদাৰৰ সহযোগত কংগ্ৰেছ এতিয়া পূৰ্বৰ দুখন লোকসভাৰ তুলনাত বহু শক্তিশালী। ফলস্বৰূপে কংগ্ৰেছৰ এইবাৰ চৰকাৰক বহু বিষয়ত ভেটা দিব পৰাৰ শক্তি আছে।তেনে ক্ষেত্ৰত যদি ৰাহুল বিৰোধী দলৰ নেতা হয় তেন্তে যুঁজখন অধিক তীব্ৰ হ’ব বুলি কংগ্ৰেছৰ সৰ্বোচ্চ নীতি নিৰ্ধাৰক সমিতিয়ে ধাৰণা কৰিছে।আজিৰ দিনটোত কাৰ্যকৰী সমিতিৰ বৈঠকত কংগ্ৰেছ নেতাসকলে সৰ্বসন্মতিক্ৰমে স্বীকাৰ কৰে যে দুখন লোকসভাৰ অন্তত দলটোৱে শক্তি আহৰণ কৰাৰ আঁৰত ৰাহুলৰ ভাৰত জোড়ো যাত্ৰা আৰু ভাৰত জোড়ো ন্যায় যাত্ৰাৰ ভূমিকা আছে। তেওঁ কংগ্ৰেছক ৰাইজৰ মাজলৈ পুনৰ লৈ যাবলৈ সক্ষম হৈছে।

এই ফলাফলৰ সকলো কৃতিত্ব সেয়ে ৰাহুলৰ বুলি কংগ্ৰেছ নেতৃত্ব পতিয়ন গৈছে। অৱশ্যে অৱশেষত ৰাহুলে এই পদ গ্ৰহণ কৰিব নে নকৰে সেয়া এতিয়াও স্পষ্ট হোৱা নাই। যদি তেওঁ বিৰোধী দলৰ নেতা হয় তেন্তে ৰাহুল সংসদতে আবদ্ধ হৈ থাকিব লাগিব। সংসদৰ বাহিৰত সংগঠন শক্তিশালী কৰাৰ বাবে ৰাহুলে সময় নাপাব। কাৰণ বিৰোধী দলৰ নেতাৰ দৰে গুৰুত্বপূৰ্ণ পদবীত থাকি আন কাম কৰাটো কঠিন। ছোনিয়া গান্ধী ইতিমধ্যে কংগ্ৰেছ সংসদীয় দলৰ নেত্ৰী পদত আছে।

Leave A Reply

Your email address will not be published.