Breaking

সমষ্টি পুনৰ নিৰ্দ্ধাৰণে নমাইছে ৰাজনৈতিক সংকত, অনিশ্চিত ভৱিষ্যত ২৪ মন্ত্ৰী-বিধায়কৰ!

0 84

কেন্দ্ৰীয় নিৰ্বাচন আয়োগে সমষ্টি পুনৰ নিৰ্দ্ধাৰণৰ তালিকা ঘোষনা কৰাৰ লগে লগে একাংশ ৰাজনৈতিক নেতালৈ অশনি সংকেত নমাই অনা পৰিলক্ষিত হৈছে।

শাসনাধিষ্ঠ একাংশ মন্ত্ৰী বিধায়কৰ লগতে বিৰোধী নেতাৰ মাজতো বৃদ্ধি পাইছে উদ্বিগ্নতা। জানিব পৰামতে সমষ্টি হেৰাল বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীৰ।

পানেৰী সমষ্টি বিলুপ্ত হ’ল সমষ্টিৰ পুনৰ নিৰ্দ্ধাৰণৰ তালিকাৰ পৰা। একেদৰে মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ ধৰ্মপুৰ সমষ্টিৰো ঘটিল বিলুপ্তি। ইউ জি ব্ৰহ্মৰ ছাপাগুৰি সমষ্টিৰো ঘটিল বিলুপ্তি।

একেদৰে জাকিৰ হুছেইনৰ সৰুক্ষেত্ৰী, ৰেকিবুদ্দিন আহমেদৰ ছয়গাঁও, বিনোদ হাজৰিকাৰ লাহোৱাল, সুশান্ত বৰগোহাঁইৰ থাওৰা, প্ৰদীপ হাজৰিকাৰ আমগুৰি, কৃষ্ণেন্দু পালৰ পাথাৰকান্দি, ৰূপসিং টেৰাঙৰ বৈঠালাংছু, দৰসিং ৰাংহাঙৰ হাওৰাঘাট, ভূপেন বড়োৰ বৰমা, ৰঞ্জিত কুমাৰ দাসৰ পাটাছাৰকুছি, সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ পূৱ গুৱাহাটী, ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ পশ্চিম গুৱাহাটী সমষ্টি পুনৰ নিৰ্দ্ধাৰণ তালিকাৰ পৰা বিলুপ্ত হ’ল।

জানিব পৰামতে এইসকল মন্ত্ৰী বিধায়কে ভৱিষ্যত ৰাজনৈতিক জীৱনৰ আশংকাত কটাইছে। ইতিমধ্যে আমগুৰি সমষ্টি বিলুপ্ত হোৱাৰ প্ৰতিবাদত কেইবাটাও ৰাজনৈতিক দলে ১৪ আগষ্টত বন্ধ ঘোষনা কৰিছে।

এইসকল ৰাজনৈতিক নেতাই আগন্তুক বিধান সভাৰ নিৰ্বাচনত কি পদক্ষেপ গ্ৰহন কৰে সেয়া সময়ত পোহৰলৈ আহিব। উল্লেখ্য যে সমষ্টিৰ পুনৰ নিৰ্দ্ধাৰণক লৈ কেইবাটাও ৰাজনৈতিক দলৰ লগতে সদৌ অসম ছাত্ৰ সন্থাইও নিজৰ অসন্তুষ্টি প্ৰকাশ কৰিছে। এওঁলোকৰ অভিযোগ নিৰ্বাচন আয়োগে বহু আপত্তি অভিযোগক গুৰুত্ব প্ৰদান কৰা নাই।

Leave A Reply

Your email address will not be published.