Breaking

প্ৰসংগ জোনমনি ৰাভাঃ লক্ষীমপুৰৰ দুই তদানীন্তন শীৰ্ষ আৰক্ষী বিষয়া বেদান্ত মাধৱ ৰাজখোৱা আৰু ৰুণা নেওগক নগাঁও আবৰ্ত ভৱনত চি বি আইৰ জেৰা

0 105

নগাঁৱৰ মৰিকলং আৰক্ষী চকীৰ উপ পৰিদৰ্শক জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাৰ তদন্ত কেন্দ্ৰীয় অনুসন্ধানকাৰী সন্থা চিবিআইয়ে বিগত কেইবামাহ ধৰি অব্যাহত ৰখাৰ পিচত বৃহস্পতিবাৰে চি বি আইৰ দলটোৱে ঘটনা সংঘটিত হোৱাৰ সময়ত লক্ষীমপুৰ জিলাত কৰ্মৰত আৰক্ষী অধীক্ষক বেদান্ত মাধৱ ৰাজখোৱা আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক ৰুণা নেওগক জেৰা চলায় ।

নগাঁও আৱৰ্ত ভৱনত চি বি আইৰ দলটোৱে দুই আৰক্ষী বিষয়াক জেৰা চলায় । জোনমণি ৰাভাৰ মৃত্যুৰ তদন্তৰ দায়িত্বত থকা চিবিআইৰ দলটোৱে বৃহস্পতিবাৰে পুৱা ১০ বজাৰ পৰা লক্ষীমপুৰৰ পূৰ্বৰ আৰক্ষী অধীক্ষক বেদান্ত মাধৱ ৰাজখোৱাক জেৰা চলায়। পুৱা ৯বাজি ১৫মিনিটত নগাঁও আৱৰ্ত ভৱনত উপস্থিত হোৱা ৰাজখোৱাই সংবাদ মাধ্যমক জনোৱা অনুসৰি প্ৰথমবাৰৰ বাবে তেওঁক চিবিআইয়ে তলৱ কৰে।

আনহাতে দিনৰ প্ৰায় ১২ বজাত লক্ষীমপুৰৰ পূৰ্বৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰুণা নেওগকো নগাঁও আৱৰ্ত ভৱনত চিবিআইয়ে জেৰা চলায় । উল্লেখ্য যে, জোনমণি ৰাভাৰ মাতৃ সুমিত্ৰা ৰাভাই জোনমণি ৰাভাৰ মৃত্যুৰ বাবে পূৰ্বৰ আৰক্ষী অধীক্ষক লীনা দলেক জগৰীয়া কৰিছিল।

সেয়ে লীনা দলেক কিছুদিন পূৰ্বে চিবিআইৰ দলটোৱে গুৱাহাটীত জেৰা চলাইছিল। উল্লেখ্য যে জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যু ঘটনাৰ সৈতে পৰোক্ষ বা প্ৰত্যক্ষভাৱে লক্ষীমপুৰৰ নকল সোণ আৰু জালনোট চক্ৰ জড়িত হৈ পৰাৰ অভিযোগ উত্থাপিত হৈছিল । বিশেষকৈ নগাঁও জিলা আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়াই নগাঁৱৰ মৰিকলং আৰক্ষী চকীৰ সেইসময়ৰ ভাৰপ্ৰাপ্ত বিষয়া জোনমণি ৰাভাক লক্ষীমপুৰলৈ অভিযান চলাবলৈ যাবলৈ দিয়া বুলিও খবৰ প্ৰকাশ পাইছিল।

আনহাতে লক্ষীমপুৰ আৰক্ষীক অৱগত নকৰাকৈ এছ আই জোনমণি ৰাভাৰ নেতৃত্বত নগাঁও আৰক্ষীৰ এটা দলে লক্ষীমপুৰত অভিযান চলোৱা বুলিও অভিযোগ উঠিছিল । পৰৱৰ্তী সময়ত জোনমণি ৰাভা দুৰ্ঘটনাত নিহত হোৱাৰ পূৰ্বে উক্ত অভিযানক কেন্দ্ৰ কৰি লক্ষীমপুৰ সদৰ আৰক্ষী থানাত আমিনা খাতুন নামৰ এগৰাকী মহিলাই জোনমণি ৰাভাৰ বিৰুদ্ধে কৰা অভিযোগৰ ভিত্তিত এক গোচৰ ৰুজু কৰা হয়।

ইপিনে জোনমনি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ পাচত লক্ষীমপুৰৰ হাচিনা বেগম নামৰ এগৰাকী মহিলাৰ সৈতে শীৰ্ষ আৰক্ষী বিষয়া ৰুণা নেওগৰ টেলিফোনিক বাৰ্তালাপৰ কল ৰেকৰ্ডিং ভাইৰেল হৈছিল।যিটো কল ৰেকৰ্ডিঙত শীৰ্ষ আৰক্ষী বিষয়া গৰাকীয়ে অপৰাধীৰ পক্ষ লোৱাটো ওলাই পৰিছিল।এই ঘটনাৰ পাচত লক্ষীমপুৰত কৰ্মৰত আৰক্ষী অধীক্ষক বেদান্ত মাধৱ ৰাজখোৱা আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক ৰুণা নেওগক লক্ষীমপুৰৰ পৰা বদলি হৈছিল।

অভিযোগ উঠামতে লক্ষীমপুৰত লকল সোণৰ ব্যৱসায়,জালনোট আদি ব্যৱসায় চলি থকাৰ পিচতেও শীৰ্ষ আৰক্ষী বিষয়াদ্বয় বেদান্ত মাধৱ ৰাজখোৱা আৰু ৰুণা নেওগে ইয়াক প্ৰতিৰোধৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰা নাছিল। আনহাতে চিবিআইৰ দল লক্ষীমপুৰত উপস্থিত হৈ এছ আই জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ লগত জড়িত কেতবোৰ বিষয় সন্দৰ্ভত তদন্ত কৰে।


তাৎপৰ্যপূৰ্ণ যে চি বি আইৰ দলে ইতিপূৰ্বে নগাঁৱত সেই সময়ত কৰ্মৰত আৰক্ষী বিষয়া মনোজ ৰাজবংশী,আভাজ্যোতি ৰাভা, ৰাজা ইৰ্শাদ আৰু শীৰ্ষ আৰক্ষী বিষয়া ৰূপজ্যোতি কলিতাক জেৰা কৰিছিল।জোনমনি ৰাভাৰ মৃত্যুৰ পিচতেই জখলাবন্ধা আৰক্ষী থানাত ৮৪/২০২৩ নম্বৰত আৰু নগাঁও সদৰ আৰক্ষী থানাত ৪৪৩/২৩ নম্বৰত দুটা গোচৰ ৰুজু হৈছে।

তদুপৰি উত্তৰ লক্ষীমপুৰ আৰক্ষী থানাটো ১৮৩/২৩ গোচৰ ৰুজু হৈছিল।প্ৰথম অৱস্থাত এই ঘটনাৰ তদন্ত অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই কৰিছিল যদিও পিচত ৰাইজৰ দাবীত চৰকাৰে তদন্ত দায়িত্ব কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চিবিআইক অৰ্পণ কৰে।বিগত কেইবামাহ ধৰি চি বি আইয়ে নগাঁও তথা অসমত বাহৰ পাতি এই ঘটনাৰ তদন্ত কৰি আছে।

বুধবাৰে চি বি আইৰ তদন্তকাৰী দলটোৱে জোনমনি ৰাভাৰ দুৰ্ঘটনাত পতিত হোৱা গাড়ীত মৃত আৰক্ষী বিষয়া গৰাকীৰ মোবাইল ফোন আৰু এখন তেজৰ দাগ লাগি থকা ৰুমাল উদ্ধাৰ কৰা কাৰ্যই ব্যাপক ৰহস্যৰ সৃষ্টি কৰিছে।

চি বি আইৰ তদন্তকাৰী দলটোৰ ডিএছপি মণিন্দৰ সিঙৰ নেতৃত্বত যোৱা চিবিআইৰ দলটোৱে ইয়াৰ পূৰ্বে বহুবাৰ বাহনখনত তালাচী চলাইছিল যদিও বাহনখনৰ পৰা কোনো সামগ্ৰী উদ্ধাৰ হোৱা নাছিল। চিবিআইৰ দলটোৱে তিনিমাহৰ পিছত এই সামগ্ৰী কেইপদ উদ্ধাৰ কৰা কাৰ্যইয়ো সাধাৰণ ৰাইজৰ মাজত প্ৰশ্নৰ সৃষ্টি কৰিছে।

Leave A Reply

Your email address will not be published.