Breaking

অবৈধ মদৰ ঘাটিত গেলেকী আৰক্ষীৰ অভিযান : বুজন পৰিমাণৰ লালী গুড় জব্দ ।

0 865

নাজিৰা : নাজিৰা মহকুমাৰ সীমান্তবৰ্তী গেলেকী হাতিপট্টীত যোৱা নিশা গেলেকী আৰক্ষীয়ে অবৈধ মদৰ ঘাটীত অভিযান চলাই বুজন পৰিমাণৰ লালী গুড় উদ্ধাৰ কৰে। অৱশ্যে মদৰ ঘাটীৰ লালীগুড় মজুতকাৰীজন পলাই সাৰিবলৈ সক্ষম হয়। জানিব পৰা মতে নিশা প্ৰায় ৮-৩০ বজাত গেলেকী থানাৰ দ্বিতীয় আৰক্ষী বিষয়া সুনীল দাসৰ নেতৃত্বত এটা আৰক্ষীৰ দলে গেলেকী হাতিপতী অঞ্চলত অবৈধ মদৰ ঘাটীৰ বিৰুদ্ধে অভিযান চলাবলৈ যায়। অভিযানকাৰী দলটোৱে হাতিপতীৰ অনুপম বৰুৱা নামৰ এজন ব্যক্তিৰ ঘৰত থকা অবৈধ মদৰ ঘাটীৰ পৰা ১০টিন লালীগুড়সহ এখন গাড়ী উদ্ধাৰ কৰে। অৱশ্যে আৰক্ষী এই অভিযানৰ পূৰ্বে লালীগুড়ৰ সৰবৰাহকাৰী তথা মদৰ ঘাটীৰ গৰাকী অনুপম বৰুৱা পলায়ন কৰে। পাছত আৰক্ষী য়ে এ এচ-৯৪এ চি ৮৮১৭ নম্বৰ এখন ছটাহাতী গাড়ীসহ ১০টিন লালীগুড় জব্দ কৰি থানালৈ আনে। উল্লেখ্য যে আজি কেইদিনমান পূৰ্বেও গেলেকী আৰক্ষীয়ে বুজন পৰিমাণৰ লালীগুড় জব্দ কৰিছিল।

Leave A Reply

Your email address will not be published.