Breaking

মৰাণ কলেজৰ বিতৰ্কিত অধ্যক্ষা ড੦ মিতালী কোঁৱৰক শীঘ্ৰে অপসাৰণৰ দাবী

0 1,537

মৰাণ কলেজৰ বিতৰ্কিত অধ্যক্ষা ড੦ মিতালী কোঁৱৰক শীঘ্ৰে অপসাৰণৰ দাবী জনাইছে মৰাণবাসী ৰাইজে৷ আজি দুপৰীয়া মৰাণ কলেজ চৌহদত বিশিষ্ট সমাজকৰ্মী তথা এ পি ডি চি এলৰ অৱসৰপ্ৰাপ্ত উপ-প্ৰৱন্ধক বিপুল চন্দ্ৰ গগৈৰ সভাপতিত্বত অyনুষ্ঠিত ৰাজহুৱা সভাত অধ্যক্ষৰ আসনত বহি শিশু নিৰ্যাতিত অভিযুক্ত ড੦ মিতালী কোঁৱৰে দীৰ্ঘদিন ধৰি উচ্চ শিক্ষানুষ্ঠানখনত এক বিশৃংখল পৰিৱেশ সৃষ্টি কৰি অহাৰ লগতে বৃহৎ  বিত্তীয় কেলেংকাৰী সংঘটিত কৰি অহা কাৰ্যক তীব্ৰ সমালোচনা কৰে সচেতন ৰাইজ তথা দল-সংগঠনৰ প্ৰতিনিধিয়ে৷ কলেজখনৰ কলা শাখাৰ ছাত্ৰ সৌৰভ গগৈয়ে উদ্দেশ্য ব্যাখ্যা কৰা সভাত প্ৰাক্তন ছাত্ৰ প্ৰদীপ চুতীয়া, মৰাণ মহকুমা সাংবাদিক মঞ্চৰ মুখ্য সম্পাদক যদুনাথ পুৰী, মৰাণ আঞ্চলিক কৰ্মচাৰী পৰিষদৰ সম্পাদক হেমন্ত চুতীয়া, আহোম জাতীয় গণ মঞ্চৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক অকন ভূঞা, ডিব্ৰুগড় বিশ্ববিদ্যালয় স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাৰ সভাপতি পৱন গগৈ আৰু সাধাৰণ সম্পাদক হিমালয় বাৰিক, মৰাণ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি জিতু গগৈ আৰু সাধাৰণ সম্পাদক ভাস্কৰ বৰুৱা, মৰাণ আঞ্চলিক ব্যৱসায়ী সন্থাৰ সভাপতি ময়ুৰ বৰুৱা, মৰাণ কলেজৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ড੦ যতীন চুতীয়া, বিশিষ্ট নাগৰিক প্ৰদীপ সেনশৰ্মা, কুসুম চুতীয়া আৰু প্ৰাক্তন ছাত্ৰনেতা পৱিত্ৰ চুতীয়াই উজিনৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠানখনৰ শৈক্ষিক পৰিৱেশ পুনৰ ঘূৰাই অনাৰ স্বাৰ্থত দুৰ্নীতিৰ উচিত তদন্তৰ দাবী জনোৱাৰ লগতে এই ক্ষেত্ৰত পৰিচালনা সমিতি তথা কলেজখনৰ শিক্ষক সমাজক ফলপ্ৰসূ পদক্ষেপ ল’বলৈ আহ্বান জনায়৷ এই সভাতে বিতৰ্কিত ড੦ মিতালী কোঁৱৰক অধ্যক্ষৰ আসনৰ পৰা অপসাৰণ কৰাৰ লগতে বিষয়টো সম্পৰ্কত অহা ৫ আগষ্টৰ ভিতৰত স্থিতি স্পষ্ট কৰি ধন আত্মসাতত অভিযুক্ত অধ্যক্ষাগৰাকীৰ বিৰুদ্ধে গোচৰ তৰিবৰ বাবে পৰিচালনা সমিতিক দাবী উত্থাপন কৰে৷ তদুপৰি আজিৰ সভাই জিলা প্ৰশাসনকো মৰাণ কলেজৰ বিত্তীয় কেলেংকাৰীৰ ক্ষিপ্ৰতাৰে তদন্ত কৰি দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ দাবী জনোৱাৰ লগতে অঞ্চলটোৰ অন্যতম শিক্ষানুষ্ঠানখনৰ গৰিমা অটুত ৰখাৰ স্বাৰ্থত এখন সুৰক্ষা সমিতি গঠনৰ পোষকতা কৰে৷ উল্লেখ্য যে, নিজ গৃহত বন কৰা কিশোৰৰ গাত উতলা পানী ঢালি নিৰ্যাতন চলোৱাৰ অভিযোগত ৰঙা ঘৰৰ আলহী হোৱা বহু বিতৰ্কিত মৰাণ কলেজৰ নিলম্বিত অধ্যক্ষা ড੦ মিতালী কোঁৱৰে পুনৰ কলেজখনত যোগদান কৰাৰ পাচৰে পৰা ধন আত্মসাতৰ অভিযোগ তুলি ছাত্ৰ সমাজে বিগত একমাহ ধৰি ধাৰাবাহিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে৷ আনকি প্ৰায় ১ কোটি ১੦ লাখ টকাৰ বৃহৎ বিত্তীয় কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগ তুলি ছাত্ৰ সমাজে অধ্যক্ষাগৰাকীৰ বিৰুদ্ধে চৰাইদেউ জিলাৰ উপায়ুক্তক উচিত তদন্তৰ দাবীত স্মাৰক পত্ৰ প্ৰদান কৰাৰ লগতে জিলাখনৰ মৰাণহাট আৰক্ষী থানাত এগৰাকী ছাত্ৰৰ এজাহাৰৰ ভিত্তিত এটা গোচৰ পঞ্জীয়ন হৈ আছে যদিও আৰক্ষীৰ তদন্তৰ গতি লেহেমীয়া কৰা বুলিও ছাত্ৰ সমাজে আন এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে৷ ইফালে অধ্যক্ষগৰাকীক অপসাৰণৰ দাবীত আজিও পুৱা ১੦ বজাৰ পৰা ছাত্ৰ সমাজে কলেখনৰ প্ৰৱেশ দ্বাৰৰ সন্মুখত ৬ ঘন্টীয়া অৱস্থান ধৰ্মঘট পালন কৰে৷            

Leave A Reply

Your email address will not be published.