Breaking

ৰাজ্যৰ বিশিষ্ট চিন্তাবিদ অৱনী বৰঠাকুৰৰ সৈতে কথোপকথন : নাজিৰা কলেজ প্ৰতিষ্ঠা কৰি ঘাটী মঞ্জুৰী প্ৰাপ্তিৰ কালতে ত্যাগ অধ্যক্ষৰ পদ

0 2,129

২৮ ডিচেম্বৰঃ নাজিৰাৰ বিশিষ্ট শিক্ষাবিদ আৰু ৰাজ্যৰ কমিউনিষ্ট আন্দোলনৰ ধাৰাত নীতিগত ভাৱে নিজকে ধৰি ৰাখি ৰাইজৰ পক্ষত সমস্যাৰ বিষয়ত সকলো সময়তে সৰৱ হৈ অহা অৱনী বৰঠাকুৰক পৰহি এক কথোপকথনৰ অনুষ্ঠানৰ মাজেদি বাসগৃহৰ সমীপত ৰাইজে বিপুল ভাৱে ওলগ আৰু অভিনন্দন জনায় । বাৰ্ত্তালাপৰ এই অনুষ্ঠানটিত কৃতী শিক্ষয়িত্ৰী তথা অৱনী বৰঠাকুৰৰ সহধৰ্মিনী অমিয়া বৰঠাকুৰৰ উপস্থিতিত অৱনী বৰঠাকুৰৰ অনুৰক্ত শিক্ষক, ছাত্ৰ-ছাত্ৰী, সমাজ সংগঠক, কৃষকে বৰ্ষীয়ান শিক্ষাবিদ জনৰ জীৱন পৰিক্ৰমাৰ বিভিন্ন দিশত প্ৰশ্ন কৰি নিজৰ জিজ্ঞাসাৰ প্ৰশমন কৰে । সম্প্ৰতি ৯২ বছৰত ভৰি দিয়া অৱনী বৰঠাকুৰক একাদিক্ৰমে বৰহাট হাইস্কুল, নাজিৰাৰ চকীমুখ হাইস্কুল আৰু পৰৱৰ্ত্তী নাজিৰা কলেজ প্ৰতিষ্ঠাৰ পৱিত্ৰ কৰ্মৰাজীৰে শিক্ষকতাৰ জীৱন মহীয়ান কৰাৰ বাবে শিক্ষানুৰাগীয়ে সম্ভ্ৰমেৰে তেওঁৰ কৰ্মৰ শলাগ লয় । আয়োজক সংগঠন জ্যোতি-বিষ্ঞু কলাঙ্গনৰ মুখ্য সম্পাদক দিলীপ ফুকনে কথোপকথনৰ আগলি পাততে অৱনী বৰঠাকুৰৰ জীৱন, শিক্ষা, সমাজ আৰু সংগ্ৰামৰ এক বৰ্ণনা দাঙি ধৰে । গড়গাঁও কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ আৰু শিৱসাগৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি দিলীপ বুঢ়াগোহাঁই, চকীমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ দেউকণ চাংমাই, প্ৰাক্তন অধ্যক্ষ মুবিদুল ইছলাম, অৱসৰ প্ৰাপ্ত গাণণিক বিষয়া অজিত খাটনীয়াৰ আদি বিশিষ্ট ব্যক্তি সকলৰ বক্তব্যৰ আঁত উলিয়াই অতীতত ভূমুকি মাৰি কৈ গ’ল পঞ্চাশৰ দশকৰ প্ৰথম ভাগত কমিউনিষ্ট পাৰ্টীৰ সংগঠনে অসমত মূৰ দাঙি উঠাৰ কথা । ১৯৪৯ চনত চৰকাৰে কমিউনিষ্ট সংগঠনক নিষিদ্ধ ঘোষনা কৰাৰ কথা । জাজী হাইস্কুলত হোৱা কমিউনিষ্ট ছাত্ৰৰ আন্দোলনত কলেজৰ অধ্যক্ষ বাণী কাকতিৰ পৰামৰ্শ আৰু শেষত গ্ৰেপ্তাৰৰ বাবে অহা আৰক্ষীৰ ৱাৰেন্ট নাকচ হোৱাৰ কথা । প্ৰতিষ্ঠা হোৱাৰ পাচত ১৯৭০ চনত চকীমুখ হাইস্কুলে নিজ গতি লোৱাৰ পাছত সেই বিদ্যালয়ৰ শিক্ষকতাৰ পদো বাদ দি কমিউনিষ্ট আন্দোলনৰ বিকাশৰ কৰ্মত গুৱাহাটীত ব্যস্ত হৈ পৰাৰ পাছত ১৯৮১ চনত তেওঁ ৰাইজৰ প্ৰয়োজনৰ তাগিদাত নাজিৰালৈ প্ৰত্যাৱৰ্তন কৰে । নাজিৰা কলেজ প্ৰতিষ্ঠাৰ সংগ্ৰামো নেতৃত্ব দিয়াৰ লগতে বাঁহ কাঠ গোটাই কলেজ আৰম্ভণি কৰিবলৈ ৰাইজৰ গাঁথিৰ সহায় বিচাৰি কামত নামি পৰে । এই প্ৰচেষ্টা আৰু নেতৃত্বতে ঠন ধৰি উঠা নাজিৰা কলেজে ১৯৮১চনৰ ১৬ ডিচেম্বৰৰ পৰা শ্ৰেণীসমূহ আৰম্ভ কৰিব পৰা হ’ল । তেওঁ নিজেও সহযোগী হৈ থাকি ১৯৮২ চনৰ পৰা পৰিচালনা সমিতিৰ তাগিদাত কলেজৰ অধ্যক্ষৰ দায়িত্ব মূৰ পাতি লৈ আগবাঢ়ে । সমাজৰ প্ৰয়োজন পূৰ্ণ হোৱালৈকে ব্যস্ত থাকি ১৯৯৪ চনত ঘাটি মঞ্জুৰী লাভ কৰাৰ পাছতে অৱনী বৰঠাকুৰে কলেজৰ অধ্যক্ষ পদৰ পৰা ইস্তফা দিয়ে । কটন কলেজৰ পৰা আগবঢ়া উচ্চ শিক্ষাৰে শিক্ষিত হৈয়ো কোনো চৰকাৰী চাকৰিৰ প্ৰতি মোহ প্ৰদৰ্শন নোহোৱা আৰু স্নাতকোত্তৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছতো হাঁহি মুখে কলেজৰ পদবীৰ দৰমহাৰ সুবিধাৰপৰা পৰা আঁতৰি থাকিবলৈ সক্ষম হোৱা আদি কাৰকেই সামাজিক স্তৰৰ নেতৃত্বক সুদৃঢ় কৰি ৰাখিলে । চকীমুখ হাইস্কুলত শিক্ষকতাৰ বেলিকা বিদ্যালয় ছুটিৰ পাছত ছাত্ৰৰ ক্ষতি নোহোৱাকৈ কমিউনিষ্ট দলৰ হৈ কাম কৰা, চাইকেল চলাই অনিদ্ৰা অনাহাৰে ৰাইজৰ মাজত ঘূৰি ফুৰা, আৰক্ষীৰ হাতত পৰি কাৰাৰুদ্ধ হোৱা আদি বিভিন্ন ঘটনাৰে পৰিপূৰ্ণ ঘটনা বহুল জীৱনত সাৰথি স্বৰূপ পুৰণি চাইকেলখন এদিন আত্মীয়ইহে হাতত তুলি দিছিল । ৰাইজৰ মাজত সম্প্ৰীতিৰ বিঘ্নিত হোৱা কোনো কাৰক প্ৰত্যক্ষ হ’লেই ৰাজহুৱা ভাৱে ৰাইজৰ মাজত উপস্থিত হৈ ৰাইজ-মেল আৰু দোষীক দণ্ড বিহাৰ সামাজিক ৰীতিক প্ৰাধান্য দি আহিছিল বুলি তেওঁ প্ৰকাশ কৰে । “নৱ্য উদাৰতাবাদ আৰু অন্যান্য প্ৰৱন্ধ” “ভাৱনি বিবিধা” আদি দুখনি মৌলিক গ্ৰন্থৰ ইতিমধ্যে ৰচনা কৰা বৰঠাকুৰৰ আত্মজীৱনী “অভিজ্ঞতাৰ আলোকপাত এজন কমিউনিষ্টৰ স্মৃতিকথা” গুৱাহাটীত উন্মোচন হৈছিল । বিভিন্ন কাকত আৰু আলোচনীত জাতিৰ সমস্যা আৰু প্ৰত্যাহ্বানৰ বেলিকা সৰৱ হৈ পথ প্ৰদৰ্শনৰ বাবে সদা প্ৰস্ত্তত হৈ ৰোৱা অৱনী বৰঠাকুৰে জীৱনৰ দশমটো দশকত প্ৰস্ত্তত হৈ উঠিছে মহাত্মা গান্ধীৰ বিষয়ত এখনি গ্ৰন্থ লিখি উলিওৱাৰ বাবে । কথোপকথন অনুষ্ঠানৰ আয়োজক নাজিৰাৰ জ্যোতি-বিষ্ঞু কলাঙ্গনে শতায়ু অভিমুখী দূৰন্ত তৰুণ অৱনী বৰঠাকুৰৰ এই প্ৰয়াসক শ্ৰদ্ধা জনোৱাৰ লগতে কলাঙ্গনৰ সভাপতি যোগ গগৈয়ে তেওঁৰ জীৱন আৰু কৰ্মৰ ওপৰত এখনি তথ্য চিত্ৰ নিৰ্মাণৰ বাবে শিল্পী তথা পৰিচালক প্ৰাঞ্জল চেতিয়াক আৰু ৰঞ্জিত ফুকনক শিশুৰ উপযোগীকৈ তেওঁৰ জীৱনী লিখাৰ বাবে ৰাজহুৱাভাৱে দায়িত্ব অৰ্পণ কৰে । নাজিৰা কলেজ চৌহদত দিনটোৰ তাৎপৰ্য্য ৰক্ষা কৰি নিজহাতে এটি বৃক্ষ ৰোপন কৰে বৰ্ষীয়ান চিন্তাবিদ জনে । আয়োজক সংগঠনৰ সম্পাদক ৰঞ্জিত ফুকন, অধ্যাপক ড’ জীৱন কলিতাই আঁত ধৰা অনুষ্ঠানত প্ৰতিষ্ঠাপক উপাধ্যক্ষা ৰঞ্জু বুঢ়াগোহাঁই, মীনা কুমাৰী দেৱী, কবি সমালোচক ৰাজীৱ বৰা, অৱনী বৰঠাকুৰৰ পুত্ৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা শান্তনু বৰঠাকুৰ, কবি থানু বৰুৱা, প্ৰহ্লাদ বৰগোহাঁই, সত্যনাৰায়ণ কৰ, জাকিৰুল হুছেইন, ফৈজুদ্দিন আহমেদ আদি বিশিষ্ট লোক সকলৰ লগতে নাজিৰা কলেজৰ অধ্যাপক-অধ্যাপিকা, ছাত্ৰ-ছাত্ৰীসকলৰ উপস্থিতি আৰু সমাজৰ বিভিন্ন স্তৰৰ লোকসকলে গামোচা, কিতাপ, চেলেং চাদৰ আদি উপহাৰ যাচে । উদীয়মান শিল্পী আলোকপ্ৰাণ কছাৰী, শিশু শিল্পী কল্যাণী ৰাইদঙ্গীয়া আৰু কুকি কোঁৱৰে কলাগুৰু বিষ্ঞু ৰাভা, ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ, সুধাকণ্ঠ ভূপেন হাজৰিকাৰ গীত পৰিৱেশন কৰে ।

Leave A Reply

Your email address will not be published.