Breaking

সোৱাদ, সুগন্ধি আৰু ৰন্ধা-বঢ়াৰ সৌন্দৰ্য্য বৃদ্ধি কৰা ধনীয়া পাত উচ্চ ৰক্তচাপ, ডায়েবেটিছ ৰোগীয়ে খাব পাৰেনে…

0 35

ধনীয়া পাত বহুতৰে প্ৰিয়।ধনীয়া পাত পুষ্টিকৰ উপাদানৰে ভৰপূৰ।উচ্চ ৰক্তচাপ, ডায়েবেটিছ ৰোগীয়েও ৰন্ধা-বঢ়াত ধনীয়া পাত খাব পাৰে। ৰান্ধি থাকোঁতে দাইল, তৰকাৰী বা মাছৰ জোলৰ ওপৰত ধনীয়া পাত দিলে সোৱাদ বাঢ়েব। ধনীয়া পাত অবিহনে খাদ্যৰ সোৱাদৰ কথা ভাবিব নোৱাৰি। ধনীয়া পাতে সোৱাদ, সুগন্ধি আৰু অৱশ্যেই ৰন্ধা-বঢ়াৰ সৌন্দৰ্য্য বহুগুণে বৃদ্ধি কৰে।

ধনীয়া স্বাস্থ্যৰ বাবে কিয় উপকাৰী, সেই বিষয়ে জানেনে। ধনীয়াই শৰীৰৰ বেয়া কলেষ্টেৰল কমায় আৰু ভাল কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি কৰে।যকৃত সুস্থ কৰি ৰাখিবলৈ ধনীয়া পাতৰ সংমিশ্ৰণ অতি ভাল। ধনীয়াই হজম শক্তি উন্নত কৰে। ডায়েবেটিছ ৰোগীয়ে ৰন্ধা-বঢ়াত ধনীয়া পাত খাব পাৰে। ধনীয়াই ইনচুলিনৰ ভাৰসাম্য ৰক্ষা কৰে, তেজৰ চেনি নিয়ন্ত্ৰণ কৰে।ধনীয়াৰ পাতত প্ৰচুৰ পৰিমাণে আইৰণো থাকে।ধনীয়া পাতে হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰাত সহায় কৰিব পাৰে। ভিটামিন এ প্ৰচুৰ পৰিমাণে থকা ধনীয়া পাতে চকুৰ দৃষ্টিশক্তি বৃদ্ধি কৰে।ধনীয়া পাত খোৱাটোও চকুৰ স্বাস্থ্যৰ বাবে উপকাৰী।ধনীয়াত ভিটামিন চি থাকে যিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।

Leave A Reply

Your email address will not be published.