সমগ্ৰ বিশ্বতে দৰিদ্ৰৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে৷ ক’ৰোনা সংক্ৰমণ আৰু লকডাউনৰ বাবেই সমগ্ৰ পৃথিৱীত আন ৪০ কোটি মানুহ চৰম দৰিদ্ৰতাৰ বলি হৈছে৷ ইয়াৰ মাজত কেৱল ভাৰতত চৰম দৰিদ্ৰতাৰ সীমা পাইছেগৈ ৬ কোটি মানুহ ৷ এইসকলৰ আয় হৈছে ১৪৪ টকা৷ এক আন্তর্জাতিক গৱেষণাত এই উদ্বেগজনক খবৰ পোহৰলৈ আহিছে৷ গৱেষণাপত্রত প্ৰকাশ কৰিছে ৰাষ্ট্ৰসংঘৰ অধীনত থকা ‘ইউএনইউ-ৱাইডাৰ’ নামৰ গৱেষক দলে৷ এই গৱেষক দলটোত আছে লণ্ডনৰ কিংছ কলেজ আৰু অষ্ট্ৰেলিয়ান ৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়ৰ অৰ্থনীতিবিদ৷ উল্লেখ্য যে যোৱা বছৰ ভাৰতত চৰমতম দৰিদ্ৰতাৰ তলত আছিল ৪ কোটি মানুহ৷ গৱেষণাত জানিব পৰা গৈছে যে ক’ৰোনা সংক্ৰমণ আৰু তাক ৰোধ কৰিবলৈ লকডাউন দিয়াত বিশ্ব অৰ্থনীতিৰ যি অৱস্থা তাৰ বাবেই এনে হৈছেগৈ আগন্তুক দিনৰ ছবি৷ ক’ৰোনা পৰিস্থিতিৰ বাবেই আন ৪০ কোটি মানুহে সহ্য কৰিব লাগিব চৰম দৰিদ্ৰতাৰ জ্বলা-যন্ত্ৰণা৷ উল্লেখ্য যে বিশ্ব বেংকে দিয়া পৰিসংখ্যাৰ লগত এই তথ্য একে হৈ পৰিল৷ য’ত কোৱা হৈছে বিশ্বত চৰম দৰিদ্ৰতাৰ চিকাৰ হ’ব ৭ ৰ পৰা ১০ কোটি মানুহ৷ বিশ্ব বেংকে নিৰ্ধাৰণ কৰা দৰিদ্ৰতাৰ হিচাপত এই তথ্যভিত্তিক গৱেষণা কৰা হৈছিল৷ বিশ্ব বেংকে নিৰ্ধাৰণ কৰা মতে যাৰ প্ৰতিদিনে আয় ১৪৪.২৪ টকা বা কম সেই মানুহ চৰমতম দৰিদ্ৰ৷ আনহাতে যাৰ আয় ৪১৭.৪১ টকা এই সকল দৰিদ্ৰ৷ গৱেষকসকলে জনোৱা মতে আগন্তুক দিনত এই দৰিদ্ৰতাত পৰিবগৈ বিশ্বত কমেও ১১২ কোটি মানুহ৷ তদুপৰি দৰিদ্ৰৰ সংখ্যা কমেও ৩৭০ কোটি হ’বগৈ৷ যিটোৰ সংখ্যা পৃথিৱীৰ আধা সংখ্যক মানুহৰো অধিক৷
Breaking
- Book launch of Digdarshan যোৰহাটত দিগদৰ্শন প্ৰকাশনৰ গ্ৰন্থ উন্মোচন
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- Orunodoi 3.0 scheme: ৰাজ্যজুৰি অৰুণোদয় ৩.০ আনুষ্ঠানিকভাৱে শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ
- Sarania-Kachari Tribe in Assam: জনজাতিৰ প্ৰমাণ পত্ৰ এখনৰ বাবেও সংগ্ৰাম কৰিবলগীয়া হৈছে অসমৰ একাংশ আদিপুৰুষে
- Assam Online Trading Scam: প্ৰমাণ হ’ল – চুমি বৰাৰ হাতোৰা প্ৰসাৰিত হৈছিল ন্যায়পালিকাৰ পৰা কাৰ্যপালিকালৈ !
- Tirupati temple: তিৰুপতি মন্দিৰৰ লাডুত গো-মাংসৰ চৰ্বি!
- Delhi Chief Minister : দিল্লীৰ নতুন মুখ্যমন্ত্ৰী কোন হ’ব ?
- Smart Meter:স্মার্ট মিটাৰ এপিডিচিএলক ঘূৰাই দিলে ক্ষোভিত ৰাইজে !
- MISING AUTONOMOUS COUNCIL: মিচিং স্বায়ত্ততশাসিত পৰিষদৰ নতুন পৰিষদীয় সমষ্টি সীমা নির্ধাৰণক লৈ অভিযোগ !
- Cyber Crime: ৯ জন চাইবাৰ অপৰাধীক আটক !
- Arijit Singh: মঞ্চখনেই মোৰ বাবে মন্দিৰঃ অৰিজিত সিং
- Arunodoi 3.0: অৰুণোদয় ৩.০ঃ এক ৰেচন কাৰ্ড-এক অৰুণোদয়