দৈনন্দিন বাৰ্তা ডেস্ক :
ভাৰতত ক’ৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ৪.২৫ লাখ অতিক্ৰম কৰিলে৷ য়োৱা ২৪ ঘণ্টাত ১৪৮২১ জন লোক ক’ৰোনাত আক্ৰান্ত হয়৷ স্বাস্থ্য মন্ত্ৰালয়ৰ মতে ভাৰতত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা হ’ল ৪২৫২৮২ জন৷ ইয়াৰে ভিতৰত ১৭৪৩৮৭ জন সক্ৰিয়৷ তদুপৰি ২৩৭১৯৬ জন লোক সুস্থ হৈছে৷ যোৱা ২৪ ঘণ্টাত ৪৪৫ জন লোকৰ মৃত্যু হয়৷ ইয়াকে লৈ দেশত মুঠ মৃতৰ সংখ্যা ১৩৬৯৯ জন হ’লগৈ৷ উল্লেখ্য যে দেওবাৰে সৰ্বাধিক লোক এই ভাইৰাছত আক্ৰান্ত হয়৷ দেওবাৰে আক্ৰান্তৰ সংখ্যা আছিল ১৫৪১৩ জন৷ উল্লেখ্য যে ভাৰতত সুস্থ হৈ উঠা লোকৰ পৰিমাণ হ’ল ৫৫.৭৭ শতাংশ৷ দেশৰ ভিতৰত মহাৰাষ্ট্ৰত সৰ্বাধিক লোক এই ভাইৰাছত আক্ৰান্ত হৈছে৷ মহাৰাষ্ট্ৰত ১২৮২০৫ জন লোক আক্ৰান্ত হৈছে৷ তাৰ পাছতে তামিলনাডুত ৫৬৮৪৫, দিল্লীত ৫৬৭৪৬, গুজৰাটত ২৬৬৮০, উত্তৰ প্ৰদেশত ১৬৫৯৪, ৰাজস্থানত ১৪৫৩৬ আৰু পশ্চিম বংগত ১৩৫৩১ জন ক’ৰোনা ভাইৰাছত আক্ৰান্ত হৈছে৷ স্বাস্থ্য মন্ত্ৰালয়ৰ সূত্ৰত এই কথা প্ৰকাশ৷ আনহাতে ভাৰতত যোৱা ২৪ ঘণ্টাত ৬৯.৫০ লাখ লোকৰ ক’ভিড-১৯ পৰীক্ষা কৰা হয় বুলি ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে জনাইছে৷