Breaking

দীৰ্ঘদিন একে স্থানত থাকি চলাই গৈছে ইটোৰ পিছত সিটো দুৰ্নীতি। কাৰ আৰ্শীবাদত লাভ কৰিছে তিনিটাকৈ মহকুমাৰ দায়িত্ব !

0 775

নগাঁও 

নগাঁও মহকুমা বিদ্যালয় সমুহৰ উপ-পৰিদৰ্শকৰ কাৰ্যালয়ত দীৰ্ঘদিন ধৰি ব্যাপক দুৰ্নীতি-অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। দীৰ্ঘদিন ধৰি একে স্থানতে থাকি উপ-পৰিদৰ্শক বুদ্ধ কটকীৰ নেতৃত্বত চলিছে এই দুৰ্নীতিৰ বজাৰ। কাৰ্যালয়টোত বিষয়া-কৰ্মচাৰীক উৎকোচ নিদিলে কোনো কামেই সময়মতে সম্পন্ন হোৱাটো এতিয়া যেন এক নিয়মত পৰিণত হৈছে। নগাঁও মহকুমাটোৰ অন্তৰ্গত বিভিন্ন বিদ্যালয়ৰ পৰা শিক্ষক-শিক্ষয়িত্ৰীৰ অভিযোগ আহিলেই সংশ্লিষ্ট শিক্ষক-কৰ্মচাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বিপৰীতে তদন্তৰ নামত দৰ দাম আৰম্ভ কৰা বুলি সৰ্তত্ৰ চৰ্চা চলি আহিছে। বিশেষকৈ একাংশ শিক্ষকক আন বিদ্যালয়ত সংলগ্ন কৰাৰ নামত ব্যাপক পৰিমাণৰ ধন আদায় কৰাৰ লগতে শিক্ষকৰ বকেয়া বিল, পেন্সন, ছুটি আদি মঞ্জুৰীৰ নামতো কাৰ্যালয়টোৰ এগৰাকী কৰ্মচাৰী শিৱ প্ৰসাদ চেত্ৰীৰ জৰিয়তে ধন আদায় কৰা পাং পাতি অহাৰ গুৰুতৰ অভিযোগ কৰিছে আৰ টি আই কৰ্মী এ জে আকন্দয়ে ।অভিযোগ মতে অকল ইমানেই নহয় বিভিন্ন কাৰণত শিক্ষক-শিক্ষয়িত্ৰী সকলক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা নাইবা নিলম্বিত কৰা একাংশ শিক্ষক-শিক্ষয়িত্ৰী সকলৰ পৰা নিলম্বন উঠাই লোৱাৰ নামত মোটা অংকৰ ধন আদায় কৰি অহাৰ অভিযোগ অতি পুৰণি। লকডাউনৰ পুৰ্বে প্ৰাথমিক বিদ্যালয় প্ৰাদেশিকৰণৰ বাবে অসম চৰকাৰৰ শিক্ষা বিভাগে যোগ্যতা সম্পন্ন বিদ্যালয়সমুহৰ তালিকা বিচৰাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি একাংশ অস্তিত্বহীন তথা বিভাগীয় নীতি অনুসৰি পৰ্যাপ্ত ছাত্ৰ-ছাত্ৰী নথকা বিদ্যালয়ৰ নাম চুড়ান্ত বাচনি তালিকাত সুমাই ধনৰ বজাৰ বহুৱাৰ বাতৰিও সংবাদ মাধ্যমত ইতিমধ্যে প্ৰকাশ পাইছিল। নিজে উপ-পৰিদৰ্শক হোৱাৰ সুবাদতে কিছুদিন পুৰ্বে নিজৰ পত্নীক দুখনকৈ বিদ্যালয়ত শিক্ষক পদত অধিষ্ঠিত কৰাৰ চেষ্টা চলাই সংবাদ মাধ্যমৰ শিৰোনামো দখল কৰি আহিছিল। যাৰ বাবে তেওঁ নিজৰ নিকটতম উৰ্ধতম কৰ্তৃপক্ষ জিলা শিক্ষা বিষয়াৰ ৰোষত পৰিছিল। বিতৰ্কিত শিক্ষা বিষয়া হিচাপে পৰিচিত বুদ্ধ কটকীৰ দুৰ্নীতি-অনিয়মৰ সীমা নাই। কিয়নো মেনেজ মাষ্টৰ ৰূপে খ্যাত এইগৰাকী শিক্ষা বিষয়াই ৰাজনৈতিক নেতাৰ সৈতে মধুৰ সম্পৰ্ক ৰক্ষা কৰি বদলি হোৱাৰ পৰিৱৰ্তে একে স্থানতে বছৰ বছৰ ধৰি থাকিবলৈ সক্ষম হৈছে। ইমানেই নহয় একমাত্ৰ ধনৰ বলত নগাঁও মহকুমা বিদ্যালয় সমুহৰ উপ-পৰিদৰ্শক হৈ থকাৰ সমান্তৰাল ভাবে হোজাই আৰু কলিয়াবৰ মহকুমাৰ উপ-পৰিদৰ্শক হিচাপে অতিৰিক্ত ভাবে দায়িত্ব বহন কৰি আহিছে। আটাইতকৈ আচৰ্যজনক আৰু লজ্জাজনক বিষয় এই যে নগাঁও জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ গাতে লাগি থকা উপ-পৰিদৰ্শকৰ কাৰ্যালয়টোত দিন দুৰতে একাংশ কৰ্মচাৰীয়ে মদৰ ৰাগিত মতাল হৈ থকাও গুৰুতৰ অভিযোগ কৰিছে । এইদৰে শিক্ষা বিভাগৰ দৰে এক পৱিত্ৰ অনুষ্ঠানৰ দায়িত্ব পালন কৰি বিভিন্ন দুৰ্নীতি-অনিয়মৰে সততে বিতৰ্কৰ সৃষ্টি কৰি অহা এইগৰাকী শিক্ষা বিষয়াৰ বিৰুদ্ধে চৰকাৰে ব্যৱস্থা লোৱাতো দূৰৰে কথা ৰহস্যজনকভাবে তেওঁক বৰপীড়া পাৰি দি লুন্ঠন বজাৰ বহুৱাৰ অনুমতি দিয়াৰ কথাও জিলাখনৰ শিক্ষা মহলত গুণাগথা আৰম্ভ কৰা গুৰুতৰ অভিযোগ কৰিছে । সেয়ে দুৰ্নীতিৰ মহানায়ক হিচাপে চৰ্চিত বুদ্ধ কটকীৰ বিৰুদ্ধে শিক্ষামন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ব্যৱস্থা গ্ৰহণ কৰিবনে, এয়াই এতিয়া এক কোটিটকীয়া প্ৰশ্ন বুলি আৰ টি আই কৰ্মী এ জে আকন্দয়ে জনাইছে।

Leave A Reply

Your email address will not be published.