Breaking

আঁচনিত দুৰ্নীতি,পথাৰত নাই গছ-গছনি

0 1,574

 ধুবুৰী জিলাৰ চাপৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ফলিমাৰী-কৃষ্ণকালি গাওঁ পঞ্চায়তৰ কলবাড়ী গাঁৱত যোৱা ২০২০ বৰ্ষৰ ৫ জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি ফলিমাৰী-কৃষ্ণকালি গাওঁ পঞ্চায়তৰ MGNREGA অধীনত ৪৯ লাখ টকা ব্যয় সাপেক্ষে গছ-পুলি ৰোপন আৰু চৌপাশ কাঁটাতাৰৰ বেৰ নিৰ্মান আঁচনি শুভাৰম্ভ হৈছিল। উক্ত কাৰ্যসূচীত উপস্থিত আছিল তেতিয়াৰ ধুবুৰী জিলা উপায়ুক্ত, বৰ্তমানৰ প্ৰাক্তন বিজেপি বিধায়ক। কিন্তু উল্লেখিত আঁচনিখনত অনিয়ম সংঘটিত হোৱাৰ দাবী ধুবুৰী জিলাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ।


    সংগঠনটোৱে দাবী কৰে যে গাঁও সভাত জালিয়াতি কৰি উক্ত আঁচনি ৰূপায়ন কৰিছিল। নামত হে গছ পুলি আঁচনি কিন্তু বাস্তৱত নাই এটাও গছ পুলি এনে বহু অভিযোগ আনি ধুবুৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ফালৰ পৰা উক্ত কামৰ উচিত তদন্ত বিচাৰি চাপৰ থানাত এজাৰৰ দাখিল কৰে।

Leave A Reply

Your email address will not be published.