Breaking

কটন বিশ্ববিদ্যালয়ত কাʼ আন্দোলনৰ পঞ্চ ছহিদলৈ শ্ৰদ্ধাঞ্জলি; “আমি পাহৰা নাই” শীৰ্ষক অনুষ্ঠানত ছাত্ৰৰ হুংকাৰ

0 55

কটন বিশ্ববিদ্যালয়ত কাʼ আন্দোলনৰ ছহিদলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে “আমি পাহৰা নাই” শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰা হয়।

কুলদীপ গৌতম শৰ্মাই আঁতধৰা অনুষ্ঠানটোত উপস্থিত থাকি পঞ্চ ছহিদৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সভাপতি হিমাংশু কুমাৰ দাস, উপ – সভাপতি অক্ষয়তা দাস, কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ প্ৰাক্তন সভাপতি তথা বক্তা ত্ৰিদিব ভাগৱতী আৰু প্ৰাক্তন সম্পাদক ‘কটনিয়ান’ হৃশিকেশ গোস্বামীয়ে।

কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ প্ৰাক্তন সভাপতি ত্ৰিদিব ভাগৱতীয়ে কটনে কেতিয়াও কাʼ আন্দোলনক নাপাহৰে বুলি উল্লেখ কৰি কটনে সদায় কাʼ বিৰোধিতা কৰিব বুলি উল্লেখ কৰে। অসমৰ প্ৰতিটো জাতীয় সমস্যাতে কটনে নেতৃত্ব দি আহিছিল আৰু পৰবৰ্তী সময়তো নেতৃত্ব দিব বুলি কয় ছাত্ৰ একতা সভাৰ সভাপতি হিমাংশু কুমাৰ দাসে।

ৰজনীকান্ত বৰদলৈ ছাত্ৰাবাসৰ আবাসী ঋতুৰাজ শইকীয়াই অসমৰ জাতি – মাটি- ভেটি ৰক্ষাৰ সংগ্ৰামখনত কটনে প্ৰয়োজন হ’লেই থিয় দিব আৰু জাতি বিৰোধী কাʼ কাৰ্যকৰী হ’লে পুনৰ ৰাজপথলৈ ওলাই আহিব বুলি কয়। কাʼ আন্দোলনত ৰাজপথত সংগ্ৰাম কৰা প্ৰাক্তন কটনিয়ান ইব্ৰাহিম খালিলেও কাʼ আন্দোলনৰ পঞ্চ ছহিদক সোঁৱৰণ কৰে।

কটন বিশ্ববিদ্যালয়ৰ প্ৰায় শতাধিক ছাত্ৰ-ছাত্ৰীৰ উপৰি কেবাজনো প্ৰাক্তন কটনিয়ান উপস্থিত থাকি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

Leave A Reply

Your email address will not be published.