Breaking

বৰপেটাৰ চতলাত কফ ছিৰাপ সহ নিচাজাতীয় টেবলেট উদ্ধাৰ।

0 70

ড্ৰাগচ্ মুক্ত অসম গঢ়িবলৈ মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লোৱা পদক্ষেপক সহযোগ কৰিছে বৰপেটাৰ চতলাৰ ৰাইজেও। নিচাজাতীয় দ্ৰব্য, ড্ৰাগচ্ বিৰোধী অভিযান অধিক তীব্ৰতৰ কৰি
বৰপেটা জিলা প্ৰশাসনে আটক কৰিছে বহুকেইগৰাকী ড্ৰাগছৰ লগত জড়িতৰ অভিযুক্ত ।
অভিযান। আৰক্ষীৰ এই অভিযানক সফল কৰিবলৈ বুধবাৰে সন্ধিয়া বৰপেটা জিলাৰ মাজদিয়া আৰক্ষী চকীৰ অন্তৰ্গত চতলাত এজন যুৱকে অবৈধ কফ চিৰাপ আৰু নিচাজাতীয় টেবলেট বিক্ৰী কৰি থকাৰ সময়ত স্থানীয় একাংশ যুৱকে হাতেলোটে ধৰি আৰক্ষীক খবৰ দিয়ে। তাৰ পিছতে মাজদিয়া আৰক্ষী চকীত খবৰ কৰাত আৰক্ষীৰ এটি দল ঘটনাস্থলীত উপস্থিত আহি অভিযুক্ত নিচাজাতীয় দ্ৰব্য সৰবৰাহকাৰী এগৰাকীক আটক কৰি থানালৈ নিয়ে । মাজদিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰণৱ কুমাৰ দাসৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলটোৱে জানিবলৈ দিয়ামতে ধৃত যুৱকজন চতলা গাঁৱৰ আবুল কালাম আজাদ(৩৯) । ধৃত যুৱকজনৰ পৰা আৰক্ষীয়ে ৭২০ টা নিচাজাতীয় টেবলেট আৰু ২০টা কফ চিৰাপৰ বটল জব্দ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে ধৃত যুৱকজনে বহু বছৰ ধৰি চতলা অঞ্চলত ড্ৰাগছ সৰবৰাহৰ অভিযোগত পূৰ্বতে জে’লৰ ভাত খাব লগা হৈছিল বুলি জানিব পৰা গৈছে। ধৃত আবুল কালাম আজাদৰ বিৰুদ্ধে মাজদিয়া আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিব বুলি জানিবলৈ পোৱা গৈছে। সম্প্ৰতি অধিক তথ্যৰ বাবে ধৃত যুৱকজনক সোধাপোচা অব্যাহত ৰাখিছে আৰক্ষীয়ে।
ইপিনে বৰপেটাৰ ফখৰুদ্দিন আলি আহমেদ মেডিকেল কলেজৰ সমীপত যতিগাঁওত ব্ৰাউন চুগাৰসহ বঙাইগাওৰ দুই ড্ৰাগছ ব্যৱসায়ী গ্ৰেপ্তাৰ হৈছে ।
বুধবাৰে এক গোপন সূত্ৰৰ পম খেদি বৰপেটা জিলা সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত নগৰ পৰিদৰ্শক মুনীন্দ্ৰ নাৰায়ণ দাসৰ প্ৰচেষ্টাত দুই ড্ৰাগচ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। বৰপেটা জিলা সদৰ থানাৰ ভাৰপ্ৰাপ্ত নগৰ পৰিদৰ্শক মুনিন্দ্ৰ নাৰায়ণ দাসে অতি সাধাৰণ পোচাকত ছদ্মবেশত দুই ড্ৰাগচ সৰবৰাহকাৰীৰ লগত ড্ৰাগচ’ৰ মুল্য নিৰ্ধাৰণ কৰি থকাৰ সময়তেই তেওঁৰ লগত যোৱা সহযোগী সকলে দুই যুৱকক আগচি ধৰি কৰায়ত্ত কৰে। জানিব পৰামতে বৰপেটা মেডিকেল কলেজ হস্পিটাল চৌহদত বৰপেটা আৰক্ষীয়ে অভিযান চলায় অতি গোপন ভাবে। আৰক্ষীৰ এই অভিযানত ব্ৰাউন চুগাৰসহ গ্ৰেপ্তাৰ হয় বঙাইগাওৰ দুই ড্ৰাগছ ব্যৱসায়ী যুৱক। ধৃত ড্ৰাগছ ব্যৱসায়ী দুজন ক্ৰমে আশ্ৰাফুল ইছলাম আৰু মোজাহিদুল ইছলাম বুলি জানিব পৰা যায়। বঙাইগাৱৰ অভয়াপুৰীৰ লেংটিচিঙাত ঘৰ বুলি স্বীকাৰ কৰে দুই ড্ৰাগছ ব্যৱসায়ীয়ে। চাবোনৰ কেচত ভৰাই বিক্ৰীৰ বাবে বৰপেটা মেডিকেল কলেজ হস্পিটাল চৌহদত ৰৈ থকা অৱস্থাতে আৰক্ষীয়ে পূৰ্ব পৰিকল্পনা মতে অভিযান চলাই আটক কৰিবলৈ সক্ষম হয় ড্ৰাগছ ব্যৱসায়ী দুজনক। বৰপেটা মেডিকেল কলেজ হস্পিটাল চৌহদত ড্ৰাগছ ব্যৱসায়ী আটকৰ ঘটনাক লৈ বৰপেটা চহৰত একপ্ৰকাৰৰ চাঞ্চল্যৰ সৃষ্টি হয় যদিও ড্ৰাগচৰ বিৰুদ্ধে বৰপেটা আৰক্ষীৰ এই অভিযানক বিভিন্ন জনে প্ৰশংসা কৰে।

Leave A Reply

Your email address will not be published.