Breaking

কামৰূপৰ কৃষি বিজ্ঞান কেন্দ্ৰত কীট-নাশক দ্ৰব্যৰ ব্যৱস্থাপনা শীৰ্ষক পাঠ্যক্ৰম

0 20

কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপত “কীট-নাশক দ্ৰব্যৰ ব্যৱস্থাপনা” শীৰ্ষক মানপত্ৰ পাঠ্যক্ৰমৰ শুভাৰম্ভ
ইং ২৫ জুন, ২০২৪ তাৰিখৰ পৰা অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট আৰু ৰাজ্যিক কৃষি বিভাগৰ যুটীয়া উদ্যোগত তথা কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপৰ নেতৃত্বত ১২ দিনীয়া মানপত্ৰ পাঠ্যক্ৰম “কীট-নাশক দ্ৰব্যৰ ব্যৱস্থাপনা” শীৰ্ষক বিষয়ৰ পাঠ্যক্ৰম কাৰ্যসূচী আৰম্ভ হয়।

উদ্বোধনী অনুস্থানত কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপৰ মুৰব্বী তথা প্ৰধান বিজ্ঞানী ড° ধীৰেন্দ্ৰ নাথ কলিতা প্ৰমূখ্যে অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰধান বিজ্ঞানী তথা মুখ্য কাৰ্যবাহী বিষয়া, CBBO, অসম ড° প্ৰমোদ চন্দ্ৰ ডেকা, মহকুমা কৃষি বিষয়া শ্ৰীমানস জ্যোতি মহন্ত সমন্বিতে কেন্দ্ৰৰ বিজ্ঞানী সকল উপস্থিত থাকে। প্ৰশিক্ষণৰ পৰিচালকৰূপে কেন্দ্ৰৰ বিজ্ঞানীদ্বয় ক্ৰমে ড° মধুস্মিতা কটকী আৰু শ্ৰীঅৰূপ কুমাৰ শৰ্ম্মা জড়িত হৈ থাকে। কামৰূপ (মহানগৰ) আৰু কামৰূপ জিলাৰ বিভিন্ন অঞ্চলৰ মুঠ ৪১ গৰাকী কীটনাশক বিপণ্নৰ স্বত্বাধিকাৰীয়ে প্ৰশিক্ষাৰ্থী হিচাপে অংশগ্ৰহণ কৰে।

Leave A Reply