Breaking

অসম মেঘালয় সীমান্তৰ তামুলীকুছিত আৱকাৰী অভিযান

0 1,557

ৰাজ্যৰ বিভিন্ন অঞ্চলত চুলাই মদৰ ভাটীত বিয়লিৰ পৰা নিশালৈ হোৱা সুৰাপায়ীৰ ভীৰ আৰু এনে ভীৰৰ পৰাও  ক’ভিডৰ সংক্ৰমণ হয় বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু কেবাজনো মন্ত্ৰীয়ে ঘোষণা কৰাৰ পাছত আৱকাৰী বিভাগে ৰাজ্যজুৰি চুলাই মদৰ ভাটীত অভিযান অভিযান চলাই আছে । আনহাতে ৰাজ্যৰ  আন আন কেবাখনো জিলাৰ দৰে   আবকাৰী বিভাগৰ  কামৰূপ মহানগৰ জিলাৰ আবকাৰী অধীক্ষক মানৱী দাস আৰু উপ আৱকাৰী অধীক্ষক মৌচুমী কোঁৱৰৰ নিৰ্দেশত  সোণাপুৰ আৰু  গুৱাহাটী সদৰ আৱকাৰী চক্ৰই  আজি  সোণাপুৰ আৰক্ষী থানাৰ সহযোগত অসম মেঘালয় সীমান্তৰ তামুলীকুছিত চুলাই মদ প্ৰস্তুত কৰা ভাটীত এক বৃহৎ  অভিযান চলায় ।  অভিযানত    ২৫০ লিটাৰ চুলাই মদ , ১০,৫০০  কেজি চুলাই মদ প্ৰস্তুত কাৰ্যত ব্যৱহৃত পাছ  আৰু ১৫ টা  বিভিন্ন সা – সঁজুলি জব্দ কৰা হয়  ।অৱশ্যে অভিযানৰ উমান পায়ে চুলাই মদ প্ৰস্তুত কার্যৰ লগত জড়িত দুস্কৃতিকাৰী সকল  পাহাৰীয়া অঞ্চল হোৱাৰ সুযোগ লৈ কৌশলৰে পলাই যাবলৈ সক্ষম হয় ।

Leave A Reply

Your email address will not be published.