covid 19: কৰণাৰ পৰা সুস্থ হোৱা লোকৰ হাৰ্ট এটেক আৰু ষ্ট্ৰোকৰ সম্ভাৱনা দুগুণ! শেহতীয়া এক অধ্যয়নত চাঞ্চল্যকৰ তথ্য

সচাকৈয়ে কৰণাৰ পৰা সুস্থ হোৱা লোকৰ হাৰ্ট এটেক আৰু ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা দুগুণ হয় নেকি? শেহতীয়াকৈ এক অধ্যয়নত চাঞ্চল্যকৰ তথ্য প্ৰকাশ পাইছে! কৰ’না ভাইৰাছৰ সংক্ৰমণে সমগ্ৰ বিশ্বকে আগুৰি ধৰিছিল আৰু এতিয়া ইয়াৰ প্ৰভাৱক লৈ নতুন চিন্তাৰ উন্মেষ ঘটিছে।(covid 19)

শেহতীয়াকৈ প্ৰকাশিত এক অধ্যয়নত বিজ্ঞানীসকলে প্ৰকাশ কৰিছে যে ক’ৰ’নাৰ পৰা সুস্থ হৈ উঠা লোকৰ হাৰ্ট এটেক আৰু ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা দুগুণ হ’ব পাৰে। আমেৰিকাৰ বিজ্ঞানীসকলে কৰা এই অধ্যয়নটো যোৱা সপ্তাহত প্ৰকাশ পাইছিল।(A study revealed sensational facts)

(American scientists)যোৱা সপ্তাহত আমেৰিকাৰ বিজ্ঞানীসকলে শেহতীয়াকৈ প্ৰকাশ কৰা এক অধ্যয়নত কৰ’নাৰ প্ৰথম ঢৌত সংক্ৰমণ হোৱা ১০ হাজাৰ লোকৰ ওপৰত গৱেষণা কৰা হৈছিল। এই লোকসকলক তিনিবছৰ ধৰি অনুসৰণ কৰি দেখা গ’ল যে যিসকল লোক ক’ৰ’নাত আক্ৰান্ত হৈছিল তেওঁলোকৰ হাৰ্ট এটেক, ষ্ট্ৰোক বা মৃত্যুৰ সম্ভাৱনা দুগুণ, তেওঁলোকৰ সংক্ৰমণ ইমানেই ভয়াৱহ আছিল যে তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া হৈছিল, এই আশংকা চাৰিগুণলৈ বৃদ্ধি পাইছিল। (people recovered from covid 19 have the risk of heart attack and stroke)

এই বিপদ কেৱল ভেকচিন নোলোৱাসকলৰ বাবে নেকি-
কিন্তু এই অধ্যয়ন ক’ৰ’নাৰ ভেকচিন উপলব্ধ নোহোৱা সময়ৰ পৰাই কৰা হৈছে। কিন্তু তথাপিও ভেকচিনৰ পিছতো কৰ’নাৰ দীৰ্ঘম্যাদী প্ৰভাৱ শৰীৰত কি হ’ব সেই লৈ বিশেষজ্ঞসকলৰ মাজত গুৰুতৰ উদ্বেগ প্ৰকাশ পাইছে। ৰিডিং বিশ্ববিদ্যালয়ৰ অধ্যাপিকা এঞ্জেলা ক্লাৰ্কৰ মতে, ‘হৃদযন্ত্ৰই নিজকে ঠিক কৰিব নোৱাৰে, গতিকে এবাৰ ক্ষতিগ্ৰস্ত হোৱাৰ পিছত ক্ষতিসাধন কৰাটো প্ৰায় অসম্ভৱ।’ লগতে তেওঁ কয় যে হৃদযন্ত্ৰ এটা শক্তিশালী অংগ, যাৰ অৱস্থা অতি বেয়া নোহোৱালৈকে কোনো সংকেত নিদিয়ে।

কৰ’না ভাইৰাছে হৃদযন্ত্ৰত বহু ধৰণে প্ৰভাৱিত কৰিব পাৰে। বিশেষজ্ঞসকলৰ মতে এই ভাইৰাছে তেজ জমা হোৱাৰ প্ৰক্ৰিয়াত প্ৰভাৱ পেলাব পাৰে। ইয়াৰ উপৰিও মায়োকাৰ্ডিটিছ অৰ্থাৎ হৃদযন্ত্ৰৰ প্ৰদাহও কিছুমান ক্ষেত্ৰত দেখা গৈছে, যাৰ ফলত হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে।

(how to take care of your heart)নিজৰ হৃদয়ৰ যত্ন কেনেকৈ লব জানেনে-
কিন্তু কৰ’না সংক্ৰমণৰ বেছিভাগ ক্ষেত্ৰতে সামান্য আৰু দীৰ্ঘম্যাদী কোনো সমস্যাৰ সৃষ্টি নহয়। কিন্তু হৃদযন্ত্ৰ সুস্থ কৰি ৰাখিবলৈ অধ্যাপক ক্লাৰ্কে সুস্থ জীৱনশৈলী গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিছে। তেওঁ কয় যে আপোনাৰ এটা হাৰ্ট আছে যিয়ে আপোনাৰ জীৱনজোৰা কাম কৰিব লাগে, গতিকে ইয়াৰ যত্ন লোৱাটো অতি প্ৰয়োজনীয়।

Related Articles